বিত্ত মন্ত্ৰালয়

সম্পদৰ মুদ্ৰাকৰণ সন্দৰ্ভত পৰামৰ্শ সেৱা গ্ৰহণৰ বাবে বিশ্ব বেংকৰে চুক্তি স্বাক্ষৰ কৰিলে ‘ডিআইপিএএম’-য়ে

Posted On: 16 NOV 2020 5:54PM by PIB Guwahati

‘বিনিয়োগ আৰু ৰাজহুৱা সম্পদ প্ৰবন্ধন বিভাগ’(ডিআইপিএএম)য়ে আজি(১৬-১১-২০২০) বিশ্ব বেংকৰে এক চুক্তি স্বাক্ষৰিত কৰে। এই চুক্তি অনুসৰি ‘ডিআইপিএএম’-ক সম্পদৰ মুদ্ৰাদ্ৰাকৰণ সন্দৰ্ভত পৰামৰ্শ আগবঢ়াব ‘বিশ্ব বেংক’-য়ে।

কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ ৰাজহ সংগ্ৰহত অৰিহণা নোযোগোৱা সম্পদ(নন ক’ৰ এছেট)সমূহৰ কৌশলগত পুনৰ্বিনিয়োগ বা বন্ধ ঘোষণা কৰা আৰু ১০০ কোটি টকা অথবা তথোধিক মূল্যৰ ‘শত্ৰু-সম্পত্তি’ মুদ্ৰাকৰণৰ ব্যৱস্থা কৰাৰ দায়িত্ব প্ৰদান কৰি গঠন কৰা হৈছে ‘ডিআইপিএএম’-ক। ‘নন ক’ৰ এছেট’ৰ মুদ্ৰা কৰণৰ বাবে বিভাগটোৰ হাতত এক বিধি-ব্যৱস্থা আছে। বিত্ত মন্ত্ৰীয়ে অনুমোদন জনোৱা ‘বিশ্ব বেংকৰ পৰামৰ্শ গ্ৰহণ প্ৰকল্প’-ৰ জৰিয়তে ভাৰতত ৰাজহুৱা সম্পত্তিৰ মুদ্ৰাকৰণ প্ৰক্ৰিয়াটোৰ বিশ্লেষণ কৰা আৰু আন্তঃৰাষ্ট্ৰীয় উত্তম অনুশীলনসমূহৰ তুলনাৰ আধাৰত ইয়াৰ আনুষ্ঠানিক মানদণ্ড নিৰূপণ আৰু ব্যৱসায়ীক আৰ্হি যুগুতোৱাৰ লগতে কৰ্ম-পৰিচালনাৰ বিধি নিয়ম আৰু সেইবোৰৰ বলবত্কৰণ প্ৰক্ৰিয়াৰ সামৰ্থ্য বৰ্দ্ধনৰ লক্ষ্য গ্ৰহণ কৰাৰ হৈছে।

এই প্ৰকল্পই পুনৰ্বিনিয়োগ আৰু বিকাশৰ সম্ভাৱনীয়তা বহণ কৰা এনেবোৰ অব্যৱহৃত অথবা সামান্য ভাবে ব্যৱহৃত সম্পদ(নন কৰ এছেট)-ৰ মুদ্ৰাকৰণ প্ৰক্ৰিয়াক সহযোগিতা আৰু ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে।

*****

RM/KMN/KB



(Release ID: 1673380) Visitor Counter : 167