নতুন আৰু পুনঃনবীকৰণযোগ্য শক্তি মন্ত্ৰালয়

কৃষি খণ্ডত অধিক হাৰত সৌৰ শক্তিৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে পিএ-কুসুম আঁচনিৰ পৰিসৰ সম্প্ৰসাৰণ এমএনআৰইৰ

অনূর্বৰ পতিত কৃষিভূমিৰ উপৰি গো-চৰণীয়া ভূমি আৰু কৃষকসকলৰ জলাহ ভূমিতো সৌৰ বিদ্যুৎ স্থাপন কৰিব পাৰিব
ক্ষুদ্ৰ কৃষকসকলৰ সুবিধার্থে সৌৰ বিদ্যুৎ কেন্দ্রৰ আকাৰ হ্রাস কৰা হৈছে

সৌৰ পাম্পৰ বাবে সাৰ্বজনীন সৌৰ পাম্প নিয়ন্ত্ৰকৰ(ইউএছপিচি)ৰ সৈতে পৃথকে নিবিদা আহ্বান কৰা হৈছে; ইউএছপিচি পাম্পেও ৰাজসাহায্য লাভ কৰিব

Posted On: 13 NOV 2020 1:10PM by PIB Guwahati

নব্য আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে প্ৰধানমন্ত্রী কিষাণ উর্জা সুৰক্ষা ইভম উত্থান মহা অভিযান(পিএম-কুসুম)প্ৰকল্প বাস্তবায়িত কৰাৰ বাবে নির্দেশনাৰ সংশোধন আৰু স্পষ্টীকৰণ দিছে৷ এই প্ৰকল্প ৰূপায়ণ হোৱাৰ প্ৰথম বছৰৰ পৰা সেই সম্পর্কে অভিজ্ঞতাৰ ভিত্তিত এই সংশোধন কৰা হৈছে৷ ২০১৯ চনৰ ১৯ ফেব্রুৱাৰীত অর্থনীতি পৰিক্ৰমাৰ কেবিনেট কমিটীয়ে প্ৰধানমন্ত্রী-কুসুম প্ৰকল্পত অনুমোদন জনায়। এই প্ৰকল্পৰ তিনিটা দিশ আছে। প্ৰথম ক্ষেত্ৰত নৱীকৰণযোগ্য বিদ্যু কেন্দ্রৰ সৈতে মাউণ্টেড গ্রিড সংযোগ কৰা, দ্বিতীয় ক্ষেত্ৰত অন্তর্ভুক্ত কৰা হৈছে স্বতন্ত্ৰ সৌৰ বিদ্যু চালিত কৃষি পাম্প স্থাপন কৰা আৰু তৃতীয় ক্ষেত্রত গ্রিড সংযুক্ত কৃষি পাম্পৰ সৌৰ বিদ্যুতীকৰণৰ বিষয়টো অন্তর্ভুক্ত কৰা হৈছে৷

মন্ত্ৰালয়ে এই প্ৰকল্পৰ বাস্তবায়িতকৰাৰ নির্দেশনাত কৰা সংশোধন আৰু স্পষ্টীকৰণৰ সন্দৰ্ভত নির্দেশ জাৰি কৰিছে৷

 

১৷ প্ৰথম ক্ষেত্রৰ বাবে সংশোধনী আৰু স্পষ্টীকৰণঃ

প্ৰথম ক্ষেত্রত গো-চৰণীয়া পথাৰ আৰু জলাশয়ৰ মালিকানাধীন কৃষকসকলক অন্তর্ভুক্ত কৰাৰ সুযোগ বৃদ্ধি কৰা হৈছে৷ ক্ষুদ্ৰ কৃষকসকলৰ সুবিধার্থে সৌৰ বিদ্যু কেন্দ্রৰ আকাৰ হ্রাস কৰা হৈছে৷ আনকি কৃষকসকলৰ জৰিমনাও ৰেহাই দিয়া হৈছে৷

  • অনূর্বৰ পতিত কৃষিভূমিৰ উপৰি গো-চৰণীয়া ভূমি আৰু কৃষকসকলৰ জলাহ ভূমিতো সৌৰ বিদ্যু স্থাপন কৰিব পাৰে৷
  •  ৰাজ্যসমূহে ক্ষুদ্ৰ কৃষকসকলৰ সহায়ৰ বাবে ৫০০ কিলোৱাতকৈ কম সৌৰ বিদ্যু প্ৰকল্পত প্ৰযুক্তিগত-বাণিজ্যিক সম্ভাৱনীয়তাৰ ভিত্তিত সহায় কৰিব পাৰে৷
  • নির্বাচিত নৱীকৰণযোগ্য বিদ্যু জেনেৰেটৰক(আৰপিজি) অনুমতি দিয়াৰ তাৰিখৰ পৰা ১২ মাহৰ ভিতৰত সৌৰ বিদ্যু কেন্দ্ৰ স্থাপনৰ বিষয়টো অন্তর্ভুক্ত কৰিব লাগিব৷
  • সৌৰ বিদ্যুপাদন হ্ৰাস পোৱাৰ বাবে আৰপিজিয়ে কোনো জৰিমনা ভৰিব নালাগে৷

.

২৷ দ্বিতীয় ক্ষেত্রৰ বাবে সংশোধনী আৰু স্পষ্টীকৰণঃ

নব্য আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে দেশজুৰি তথ্য, শিক্ষা আৰু যোগাযোগ(আইইচি) কার্যসূচীৰ বাবে যোগ্য সেৱা মাছুল ৩৩ শতাংশলৈকে ৰাখিব লাগিব৷ এই নিৰ্দেশনাত আৰু কোৱা হৈছে যে প্ৰস্তুতিমূলক কামৰ ক্ষেত্রত লেটাৰ অৱ এৱার্ড পোৱাৰ পাছত অনুমোদিত কামৰ মূল্যৰ বাবে ৫০ শতাংশ সেৱা মাছুল ৰেহাই দিব পাৰে মন্ত্ৰালয়ে৷ পানী ব্যৱহাৰকাৰী সমিতি, কৃষি সামগ্রী উপাদন সংস্থা, কৃষি ঋণ প্ৰদানকাৰী সমিতি বা ক্লাষ্টাৰভিত্তিক জলসিঞ্চন ব্যৱস্থাপনাৰ সহায়ত সৌৰ পাম্প স্থাপন আৰু ব্যৱহাৰৰ বাবে চিএফএ গোটৰ প্ৰত্যেক ব্যক্তিকক ৫ হৰ্ছ পাৱাৰৰ পৰা ৭.৫ হৰ্ছ পাৱাৰলৈকে সৌৰ পাম্প ব্যৱহাৰৰ অনুমতি দিব পাৰে৷ কেৱল সৌৰ পাম্প আৰু সৌৰ পেনেল প্ৰস্তুতকাৰী সংস্থাক পৰৱর্তী ৫ বছৰৰ বাবে গুণগত মানসম্পন্ন সৌৰ পাম্প স্থাপন আৰু পৰৱর্তী সেৱা প্ৰদানৰ বাবে নিলাম প্ৰক্রিয়াত অংশগ্ৰহণৰ অনুমতি দিয়া হৈছে৷

  • সৌৰ পাম্প প্ৰস্তুত কৰাৰ ক্ষেত্রত প্ৰযুক্তি ব্যৱহাৰৰ ওপৰত জোৰ দিয়া হৈছে৷
  • এই সংশোধনীত সৌৰ পাম্প স্থাপৰ বিষয়ত নিলাম প্ৰক্রিয়াত অংশ গ্ৰহণৰ দিশটো বিস্তৃতভাৱে উল্লেখ কৰা হৈছে৷ সৌৰ পাম্পৰ দাম যাতে নিয়ন্ত্ৰণত থাকে আৰু অধিক ব্যয়বহুল নহয় সেই ক্ষেত্ৰতো দৃষ্টি দিয়া হৈছে৷

৩৷ তৃতীয় ক্ষেত্রৰ বাবে সংশোধনী আৰু স্পষ্টীকৰণঃ

আইইচিয়ে কামৰ বাবে ৩৩ শতাংশ সেৱা মাছুল ব্যৱহাৰ কৰিব৷ প্ৰস্তুতিমূলক কাম-কাজৰ বাবে ৰূপায়ণকাৰী সংস্থাসমূহক সেৱা মাছুলৰ আগধন প্ৰদানত ৰেহাই দিয়া হৈছে৷ সংশোধনীত মন্ত্ৰালয়ে আৰু জনাইছে যে নব্য আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে অনুমোদিত কামৰ গুণগত মান বিচাৰ কৰি ৫০ শতাংশলৈকে সংস্থাসমূহক সেৱা মাছুল প্ৰদান কৰিব পাৰে৷ কৃষকসকলৰ সৌৰ পেনেল যোগানৰ বিষয়টোও ইয়াত উল্লেখ কৰা হৈছে৷ জলসিঞ্চনৰ প্ৰয়োজনীয়তা পুৰণৰ ৰাহি সৌৰ বিদ্যু ব্যৱহাৰত ৰেহাই দিয়া হৈছে৷

 

**********

RCJ/M/DB



(Release ID: 1672853) Visitor Counter : 236