আইন আৰু ন্যায় মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীয়ে কাইলৈ কটক বেঞ্চৰ কাৰ্যালয় আৰু আৱাসিক প্ৰাংগন মুকলি কৰিব

Posted On: 10 NOV 2020 2:57PM by PIB Guwahati

ইনকম টেক্স এপিলেট ট্রিবুনেলৰ (আইটিএটি) সভাপতি বিচাৰপতি পি পি ভাটে সাংবাদিকসকলক জানিবলৈ দিয়ে যে   কাইলৈ কটকত আইটিএটি-ৰ দপ্তৰ আৰু আৱাসিক প্ৰাংগন প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে উদ্বোধন কৰিব  । শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ সন্ধিয়া ৪-৩০ বজাত ইয়াৰ উদ্বোধন কৰিব। উদ্বোধনী অনুষ্ঠানত কেন্দ্রীয় আইন আৰু বিচাৰ, যোগাযোগ, বৈদ্যুতিন আৰু তথ্যপ্রযুক্তি মন্ত্রী শ্রী ৰবিশঙ্কৰ প্রসাদ, পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ তথা ইস্পাত মন্ত্রী শ্রী ধর্মেন্দ্র প্রধান, ওড়িশাৰ মুখ্যমন্ত্রী শ্রী নবীন পাটনায়ক, ওড়িশা হাইকোৰ্টৰ প্রধান বিচাৰপতি সহ অন্যান্য বিচাৰপতিসকল, আইটিএটি-ৰ সভাপতি বিচাৰপতি পি পি ভাট, কেন্দ্রীয় প্রত্যক্ষ কৰ পৰিষদৰ চেয়াৰমেন শ্রী পি সি মোদী তথা আইটিএটি-ৰ সদস্যসকল উপস্থিত থাকিব। তাৰোপৰি, এই অনুষ্ঠানত দেশৰ বিভিন্ন বাৰ এছ’চিয়েচনৰ প্রতিনিধিসকল আৰু দপ্তৰৰ উচ্চপদস্থ অধিকাৰীসকলো উপস্থিত থাকিব।

বিচাৰপতি ভাটে জানিবলৈ দিয়ে যে কটকৰ আইটিএটিয়ে ১৯৭০ চনত এটি ভাড়া ঘৰৰ পৰা কাম আৰম্ভ কৰিছিল। প্রায় ৫০ বছৰ ধৰি ওড়িশা ৰাজ্যৰ বিভিন্ন অঞ্চলৰ কাম ইয়াৰ পৰাই কৰা হৈছিল। নতুন এই ভবনৰ উদ্বোধনৰ ফলত বিচাৰ প্রক্রিয়াৰ সুবিধা হ’ব। ইয়াত বৈদ্যুতিন প্রক্রিয়াৰ দ্বাৰা আদালতৰ কাজ-কর্ম – ই-কোর্ট-ৰ সুবিধাও থাকিব। ইয়াৰ ফলত কলকাতা আঞ্চলিক ক্ষেত্রৰ কটক শাখা, ৰাঁচী, পাটনা আৰু গুৱাহাটী শাখাৰ মোকৰ্দমাসমূহৰ শুনানি আৰু নিষ্পত্তি বৈদ্যুতিন প্রক্রিয়াৰ দ্বাৰা কৰিব পাৰিব।

অনুষ্ঠানত এই উপলক্ষ্যে আইটিএটি-ৰ ওপৰত এখন বৈদ্যুতিন কফি টেবিল বুকো ‘২০১৪ চনৰ পৰা  প্রত্যক্ষ কৰ ব্যৱস্থাৰ সংস্কাৰ’ শীর্ষক  প্রকাশ কৰা হ’ব ।

উল্লেখযোগ্য, ক’ভিড মহামাৰীৰ সময়ছোৱাত আইটিএটি-ৰ কাম-কাজ দেশজুৰি ভাৰ্চুৱেল পদ্ধতিত সম্পন্ন হৈছে। সভাপতিয়ে জানিবলৈ দিছে, লক ডাউনৰ সময়ছোৱাত আইটিএটিয়ে ৭,২৫১টি মোকৰ্দমাৰ নিষ্পত্তি কৰিছে। তাৰোপৰি এই সময়ছোৱাত ৩,৭৭৮টি মোকৰ্দমা ৰুজু কৰা হৈছে।

 

 

RCJ/M/MANN



(Release ID: 1671853) Visitor Counter : 168