কয়লা মন্ত্ৰালয়

দেশৰ কয়লা খনিৰ প্ৰথম বাণিজ্যিক নিলামৰ ঐতিহাসিক সাফল্যৰ সুবাদত ৰাজ্যসমূহে বছৰি সংগ্ৰহ কৰিব পাৰিব ৬৬৫৬ কোটি টকাৰ ৰাজহ : প্ৰহ্লাদ যোশী

Posted On: 09 NOV 2020 7:20PM by PIB Guwahati

দেশৰ কয়লা খনিৰ প্ৰথম বাণিজ্যিক নিলামৰ ঐতিহাসিক সাফল্যৰ সুবাদত ৰাজ্যসমূহে বছৰি ৬৬৫৬ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিব পাৰিব বুলি অভিমত প্ৰকাশ কৰিছে কেন্দ্ৰীয় কয়লা বিভাগৰ মন্ত্ৰী শ্ৰীপ্ৰহ্লাদ যোশীয়ে। নিলামৰ নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিচত নতুন দিল্লীত আজি সংবাদিকৰে হোৱা বাৰ্তালাপত শ্ৰী যোশীয়ে কয় যে, ১৯টা খনিৰ নিলাম প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন কৰা হল। এই পৰ্যন্ত এয়াই আছিল একেটা খেপত সম্পন্ন হোৱা সৰ্বাধিক সংখ্যক কয়লা খনিৰ নিলাম

এইসমূহ নিলামৰ পৰিণতি আক্ষৰিক অৰ্থতে ঐতিহাসিক আৰু ইয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ গতিশীল আৰু দূৰদৃষ্টি সম্পন্ন নেতৃত্বত কয়লা খণ্ড মুকলি কৰাৰ বাবে লোৱা সিদ্ধান্ত যে শুদ্ধ আছিল সেই কথা স্পষ্ট ভাবেই প্ৰতিপন্ন কৰাৰ লগতে কয়লাৰ ক্ষেত্ৰত দেশক আত্মনিৰ্ভৰ কৰি তোলাৰ দিশত ই এক শুদ্ধ পদক্ষেপ হিচাপে পৰিগণিত হৈছেপ্ৰণিধানযোগ্য যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা ১৮ জুন ২০২০ত বাণিজ্যিক খননৰ বাবে ভাৰতৰ কয়লা খনিৰ প্ৰথম নিলামৰ শুভাৰম্ভ কৰিছিল।

নিলামৰ সময়ত অংশগ্ৰহকাৰীসকলৰ মাজত জোৰদাৰ প্ৰতিযোগিতা চলা দেখিবলৈ পোৱা গৈছিল আৰু কোম্পানীসমহে খুব ভাল কিস্তিয়েই আগবঢ়াইছিল। গড় কিস্তিৰ হাৰ ২৯শতাংশ হোৱাৰ বিপৰীতে সৰ্বাধিক কিস্তিৰ হাৰ ৬৬.৭৫শতাংশ পৰ্যন্ত হৈছিল বুলি তথ্য প্ৰকাশ কৰে শ্ৰী যোশীয়ে।

নিলামৰ বাবে আগবঢ়োৱা মুঠ ৩৮টা খনিৰ ভিতৰত ১৯টাৰ ক্ষেত্ৰত বিত্তীয় নিবিদা প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন হয় আৰু নিলামৰ সাফল্যৰ হাৰ আছিল ৫০%ইয়াৰ পূৰ্বে ১১৬টা খনিৰ নিলামৰ বাবে অনুষ্ঠিত হোৱা ১০ খেপত মাত্ৰ ৩৫টা খনিৰহে নিলাম প্ৰক্ৰিয়া সম্পন্ন হৈছিল আৰু এই হাৰ ৩০%তে সীমাবদ্ধ আছিল।

নিবিদাত অংশগ্ৰহণ কৰাসকলৰ সন্দৰ্ভত মন্তব্য কৰি শ্ৰী যোশীয়ে কয় যে ৬৫% নিবিদাকাৰীয়ে ৰীয়েল এষ্টেট, আন্তঃগাঁথনি নিৰ্মাণ, ফাৰ্মা খণ্ডৰ দৰে নন এণ্ড ইউজাৰ শ্ৰেণীৰ। নিবাদা প্ৰক্ৰিয়াত ৪২টা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰে ৪০টাই আছিল ব্যক্তিগত খণ্ডৰ। ৰাজহুৱা খণ্ডৰ দুই প্ৰতিষ্ঠান নালকো আৰু অন্ধ্ৰ প্ৰদেশ মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডেহে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল।

সফলতাৰে নিলাম সম্পন্ন কৰা ১৯টা খনিৰ ১১টা মুক্ত খনন, ৫টা ভূগৰ্ভস্থ শ্ৰেণীৰ হোৱাৰ বিপৰীতে আন ৩টা মুক্ত আৰু ভূগৰ্ভস্থ শ্ৰেণীৰ মিশ্ৰণ আছিল মধ্য প্ৰদেশ, চত্তিশগড়, ওড়িশা, ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ এইসমূহ খনিৰ পৰা সামগ্ৰিক ভাবে প্ৰতি বছৰে সৰ্বাধিক(পীক ৰেটেড কেপাচিটী) ৫১নিযুত টন পৰিমাণৰ কয়লা আহৰণ কৰিব পৰা যাব বুলি আশা কৰা হৈছে।

 

 

---

RJ/NG/KB



(Release ID: 1671641) Visitor Counter : 180