কয়লা মন্ত্ৰালয়
বাণিজ্যিক কয়লা খনিৰ নিবিদাৰ পঞ্চম দিন
Posted On:
06 NOV 2020 3:21PM by PIB Guwahati
- বাণিজ্যিক কয়লা খনিৰ নিবিদাৰ অধীনত পঞ্চম দিনা ২টা(এটা ওড়িশা আৰু এটা ঝাৰখণ্ড) কয়লা খনিৰ নিবিদা সম্পন্ন হয়৷
- নিবিদাৰ বাবে দিয়া ভৌগোলিক মজুতৰ পৰিমাণ সামূহিক পিআৰচি ১৫ এমটিপিএৰ সৈতে মুঠ ৭৫৫.৬৩ মেট্ৰিকটন৷
- দুয়োটা খনিৰ বাবে হোৱা ই-নিবিদা তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ হয়, য’ত যথেষ্ট ভাল প্ৰিমিয়াম অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে৷
পঞ্চম দিনৰ ফলাফল অনুসৰি ১৭৬.৩৩ মেট্ৰিকটন মজুত থকা ওড়িশাৰ ৰাধিকাপুৰৰ বাবে ৫ এমটিপিএ হিচাপত নিবিদা লাভ কৰে ইএমআইএল মাইনছ এণ্ড মিনাৰেল ৰিছ’ৰ্চ লিমিটেডে৷ এই খনিৰ বাৰ্ষিক ৰাজহৰ পৰিমাণ ৪৬৬.৫৮ কোটি টকা৷ ইফালে, ৫৭৯.৩০ মেট্ৰিকটন মজুত থকা ঝাৰখণ্ডৰ উৰ্মা পাহাৰীটোলাৰ বাবে ১০ এমটিপিএ হিচাপত নিবিদা লাভ কৰে অ’ৰবিন্দ ৰিয়েল্টি এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেটে৷ এই খনিৰ বাৰ্ষিক ৰাজহৰ পৰিমাণ ১,৪১৫.৮৫ কোটি টকা৷
****
RJ/NG/DB
(Release ID: 1670912)