ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

ইঞ্জিনিয়াৰিং সামগ্ৰী ৰপ্তানি পৰিষদ (ইইপিচি) ইণ্ডিয়া আৰু নেশ্যনেল ইন্সটিটিউট অৱ ডিজাইন (এনআইডি)এ ক’ভিড-১৯ ৰ দৰে স্বাস্থ্যক্ষেত্ৰৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ চিকিৎসা সৰঞ্জাম উৎপাদন উদ্যোগৰ সহায়তাৰে যৌথভাৱে কাম কৰিব

Posted On: 06 NOV 2020 4:17PM by PIB Guwahati

দেশত চিকিসা সৰঞ্জাম উদ্যোগৰ বাবে প্ৰযুক্তিগত তথা নক্সা নিৰ্মাণৰ মানোন্নয়নত ইঞ্জিনিয়াৰিং সামগ্ৰী ৰপ্তানি পৰিষদ (ইইপিচি) আৰু নেশ্যনেল ইন্সটিটিউট অৱ ডিজাইনে (এনআইডি) যৌথভাৱে কাম কৰিব। কোভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত মহামাৰীৰ পৰৱৰ্তী সময়ত দেশৰ স্বাস্থ্য ক্ষেত্ৰৰ চাহিদা পূৰণ কৰিবলৈ এই প্ৰয়াস গুৰুত্বপূৰ্ণ হৈ উঠিব।

উদ্ভাৱন তথা সৰ্বাধুনিক নক্সা পদ্ধতিক বাস্তৱায়িত কৰিবলৈ সূক্ষ্ম, ক্ষুদ্ৰ আৰু মঁজলীয়া উদ্যোগ মন্ত্ৰালয়ে এক বিশেষ চৰকাৰী কাৰ্যসূচীৰ অধীনত স্বাস্থ্য ক্ষেত্ৰৰ বাবে ৭ টা উদ্ভাৱনমূলক উদ্যোগ কাৰ্যকৰী কৰাৰ অনুমোদন দিছে। মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী ডি কে সিঙে আজি এইকথা জনায়। ইইপিচি ইণ্ডিয়া – এনআইডি ডিজাইন চিৰিজ শীৰ্ষক এক ৱেবিনাৰত শ্ৰী সিঙে লগতে কয়, এই প্ৰথমবাৰৰ বাবে দেশত চিকিসা ক্ষেত্ৰৰ বাবে বিভিন্ন ধৰণৰ নক্সাৰ এক সম্মিলিত ব্যৱস্থাপনা প্ৰণয়ন কৰা হৈছে।

কোভিড-১৯ মহামাৰীৰ সময়ত প্ৰতিকূল পৰিস্থিতিৰ মোকাবিলাৰে যাৱতীয় চেষ্টা চলোৱা হৈছে। দেশত দৈনিক ২ লাখ পিপিই কিট উপাদন কৰা হৈছে। দেশত চিকিসা সৰঞ্জাম অন্যতম এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ। সেয়ে, জটিল চিকিসা সামগ্ৰী নিৰ্মাণৰ ক্ষেত্ৰত প্ৰযুক্তি অত্যন্ত গুৰুত্বপূৰ্ণ। এই লক্ষ্যৰে চিকিসা সৰঞ্জাম উপাদন আৰু তাৰ নক্সা প্ৰস্তুতকৰণত মন্ত্ৰালয়ৰ তৰফৰ পৰা অগ্ৰাধিকাৰ দিয়া হৈছে বুলিও জনাইছে শ্ৰী সিং-এ।

ইইপিচি ইণ্ডিয়াৰ অধ্যক্ষ শ্ৰী মহেশ দেশাইয়ে কয়, কোভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য ক্ষেত্ৰত সৃষ্টি হোৱা অপ্ৰত্যাশিত পৰিস্থিতিৰ মোকাবিলাৰ বাবে উক্ত প্ৰতিষ্ঠানটোৱে সাম্ভাব্য বিভিন্ন দিশক লৈ আলোচনাৰ বাবে নীতি-প্ৰণেতা, গৱেষক তথা নক্সা প্ৰণয়নকাৰীসকলৰ অভিন্ন এক মঞ্চ লৈ আহিবলৈ সক্ষম হৈছে। উল্লেখ্য যে ইঞ্জিনিয়াৰিং সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত ইইপিচি ইণ্ডিয়া হৈছে সৰ্বোচ্চ নিয়ামক প্ৰতিষ্ঠান। আনহাতে নেশ্যনেল ইন্সটিটিউট অৱ ডিজাইন হৈছে উদ্যোগ ক্ষেত্ৰত নক্সা প্ৰণয়ণৰ বাবে আন্তৰ্জাতিকমানৰ এক অগ্ৰণী প্ৰতিষ্ঠান। এই ৱেবিনাৰত একাধিক প্ৰতিষ্ঠানৰ কাৰ্যনিৰ্বাহক বিষয়া তথা পৰিচালন সঞ্চালকসকলে অংশগ্ৰহণ কৰে।

****

RCJ/RNM/IA/RD


(Release ID: 1670906)