পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়

বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ লক্ষ্যৰে চৰকাৰে সকলোধৰণৰ প্ৰয়াস চলাইছে : শ্ৰী প্ৰকাশ জাভেডকাৰ

বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ সকলো সাম্ভাব্য প্ৰযুক্তিকে আদৰণি আৰু উদগনি জনাইছো

Posted On: 06 NOV 2020 4:42PM by PIB Guwahati

কেন্দ্ৰীয় পৰিৱেশ, অৰণ্য আৰু জলবায়ু পৰিৱৰ্তন বিষয়ক মন্ত্ৰী শ্ৰী প্ৰকাশ জাভেডকাৰে কয়, কেন্দ্ৰীয় চৰকাৰে বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ লক্ষ্যৰে ধাৰাবাহিক প্ৰয়াস চলাই গৈছে। দেশৰ উত্তৰাংশত, বিশেষকৈ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাত উদ্বেগ প্ৰকাশ কৰি শ্ৰী জাভেডকাৰে কয়, চৰকাৰে বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ লক্ষ্যৰে, প্ৰদূষণৰ উসৰ পৰাই প্ৰদূষণ নিয়ন্ত্ৰণৰ কাম কৰি গৈছে। তেওঁ লগতে কয় যে উদ্যোগ প্ৰতিষ্ঠান, তাপবিদ্যু কেন্দ্ৰ, যান বাহনৰ পৰা নিৰ্গত কাৰ্বন ডাই অক্সাইড অথবা ফচলৰ গুড়ি পুৰাৰ দৰে ক্ষেত্ৰত, যিবোৰক বায়ু প্ৰদূষণৰ মূল উস হিচাপে গণ্য কৰা হয়, সেইবোৰত প্ৰতিবন্ধকতা অনাৰ চেষ্টা কাৰা হৈছে। তেওঁ লগতে কয়, বায়ু প্ৰদূষণৰ সমস্যা দূৰীকৰণত চৰকাৰৰ ধাৰাবাহিক প্ৰয়াস অব্যাহত থাকিব, তাৰ লগতে প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰিবলৈ সাম্ভাব্য সকলোধৰণৰ প্ৰযুক্তিগত পদ্ধতিৰ ব্যৱহাৰত উসাহ দিয়া হ’ব।

দেশৰ প্ৰথম বায়োমাস্কৰ পৰা বায়োগেছ উপাদনকাৰী কাৰখানা ভাৰ্ছুৱেল পদ্ধতিত উদ্বোধন কৰি শ্ৰী জাভেডকাৰে আৰু কয়, পুণেৰ প্ৰাজ টেকন’লজীৰ দ্বাৰা উদ্ভাৱন কৰা এই কাৰখানা বায়ু প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰাৰ এক উজ্জ্বল নিদৰ্শন। তেওঁ লগতে আশা প্ৰকাশ কৰে, অদূৰ ভৱিষ্যতে বায়ু প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰিবলৈ এই ধৰণৰ আৰু উদ্ভাৱনীমূলক পন্থা কাৰ্যকৰী কৰা হ’ব আৰু ফচলৰ গুড়ি পোৰাৰ পৰা বায়ু প্ৰদূষণৰ সমস্যাৰ সুস্থায়ী সমাধান পোৱা যাব।

 

শ্ৰী জাভেডকাৰে আৰু কয়, কেন্দ্ৰীয় চৰকাৰে দেশত বৈদ্যুতিন যান বাহনৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ বাবে সকলোধৰণৰ প্ৰয়াস চলাইছে। এই লক্ষ্যৰে চৰকাৰে দেশৰ ১২২ খন চহৰত বায়ুৰ গুণমান বৃদ্ধি কৰিবলৈ ৰাষ্ট্ৰীয় পৰিচ্ছন্ন আৰু বিশুদ্ধ বায়ু সংক্ৰান্তীয় এক নীতি প্ৰণয়ন কৰিছে।

 

*******

GK/RD



(Release ID: 1670894) Visitor Counter : 335