বিত্ত মন্ত্ৰালয়
কেৰালাত আয়কৰ বিভাগৰ অভিযান
পোষ্ট কৰা হৈছে:
06 NOV 2020 3:12PM by PIB Guwahati
আয় কৰ বিভাগে ০৫-১১-২০২০ত কেৰালাত অভিযান চলাই বহু সা-সামগ্ৰী জব্দ কৰে। ৰাজ্যখনৰ থিৰুভাল্লাস্থিত স্বয়ম্ভূ ধৰ্ম প্ৰচাৰকৰ বিৰুদ্ধে চলোৱা অভিযানত দাতব্য/ধৰ্মীয় ন্যাসৰ গইনা লৈ আই-কৰ আইন, ১৯৬১ ৰ আউটিৰপৰা বাহিৰত থাকি ধনৰ লেন-দেনৰ কথা পোহৰলৈ আহে। কেৱল এটা ন্যাসেই নহয়, ইয়াৰ আশ্ৰয় লৈ বহু এনে ন্যাসে কৰ ফাঁকি দি অহাটো বিভাগৰ দৃষ্টিগোচৰ হৈছিল। তদুপৰি ইয়াৰ সৈতে বহু লোক জড়িত হৈ পৰাটো আয় কৰ বিভাগে জানিব পাৰিয়েই অভিযান চলোৱাত এই কথা সত্য প্ৰমাণিত হয়। অনুসন্ধানৰ সময়ত ধৰ্মৰ নাম লৈ সমগ্ৰ দেশত বহু বিদ্যালয় আৰু মহাবিদ্যালয় তথা কেৰালাত এখন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চলাই থকাৰ কথাও জানিব পৰা যায়। ইয়াৰ পৰিপ্ৰেক্ষিততে অতি কম সময়ৰ ভিতৰতে কেৰালা, তামিলনাডু, পশ্চিম বংগ, কৰ্ণাটক, চণ্ডীগড়, পঞ্জাৱ আৰু তেলেংগানাৰ ৬৬ স্থানত অভিযান তীব্ৰতৰ কৰি তোলা হয়।
নিৰ্ভৰযোগ্য সূত্ৰৰপৰা লাভ কৰা তথ্য অনুসৰি, ইয়াৰ নামত বিদেশৰপৰাও বৰঙণি সংগ্ৰহ কৰি অহা হৈছিল। অৱশ্যে, বিদেশৰ ৰাষ্ট্ৰসমূহৰপৰা দুখীয়া আৰু সৰ্বস্বান্তক সহায় কৰিবলৈহে বুলি পুঁজি সংগ্ৰহ কৰা যায়। অৱশ্যে ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যেৰেও ধন সংগ্ৰহ কৰা বুলি তদন্তকাৰী বিষয়াই তথ্য লাভ কৰিছে। কিন্তু, বাস্তৱত কৰ-বৰ্হিভূত এই ধনসমূহ ব্যক্তিগত আৰু আন বেআইনী ব্যয় তথা ৰিয়েল এষ্টেটত খটুৱা যায়। ইয়াৰ লেন-দেনৰ কোনো হিচাপ-নিকাচ নাছিল বুলি তদন্তকাৰী বিষয়াসকল নিশ্চিত হয়।
এই গ্ৰুপটোৱে প্ৰায় ৩০ টা ন্যাস চলাই আছে। দেশৰ ভিন্ন প্ৰান্তত এইসমূহৰ পঞ্জীয়ন হৈ আছে। অৱশ্যে, বহুতৰেই নাম কাগজে-পত্ৰেহে আছে। বাস্তৱত একো নথকা এই ন্যাসসমূহৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধনৰ লেন-দেন কৰা হৈছে।
অনুসন্ধানকালত অত্যন্ত কৌশলপূৰ্ণভাৱে এনে বে-আইনী কাৰ্য-কলাপ চলাই থকাৰ কথা জানিবপৰা যায়। ইয়াৰ সৈতে হাৱালা চক্ৰ জড়িত থকাৰ বিস্ফোৰক তথ্যও লাভ কৰা হৈছে। অভিযানকালত এনে পক্ষসমূহকো সামৰি লোৱা হয়। ধনসমূহ ব্যয় কৰা ক্ষেত্ৰ হিচাপে নিৰ্মাণ ব্যয়, ৰিয়েল এষ্টেট উন্নয়ন ব্যয়, দৰমহাৰ ব্যয় ইত্যাদি।
বিশেষকৈ ৰিয়েল এষ্টেট লেন-দেনত গৰিষ্ঠ সংখ্যক ধন খটুৱা যায়। ইয়াত ব্যৱহৃত বিক্ৰী চুক্তিৰ দৰে নথি-পত্ৰ জব্দ কৰে তদন্তকাৰী বিষয়াই। ইয়াৰ বিপৰীতে ন্যাসৰ কাম-কাজত এই ধন ব্যয় কৰা হয় বুলি গ্ৰুপটোৱে মিছা প্ৰমাণ দি আহিছিল। বৰ্তমান লাভ কৰা তথ্যলৈ চাই কেইবাশ কোটি টকাৰ কেলেংকাৰি সংঘটিত হৈ আছে বুলি তদন্তকাৰী বিষয়াই অনুমান কৰিছে।
অভিযানকালত প্ৰায় ৬ কোটি টকা উদ্ধাৰ কৰা হয়। ইয়াৰে ৩.৮৫ কোটি টকা উদ্ধাৰ কৰা হয় দিল্লীত।
তদুপৰি, ইলেকট্ৰনিক কম্পিউটিং আৰু ডাটা ষ্ট’ৰেজো লাভ কৰা হয় অভিযান কালত। এইসমূহ বৰ্তমান পৰীক্ষা কৰি থকাৰ সমান্তৰালভাৱে পৰৱৰ্তী অনুসন্ধান অব্যাহত আছে।
****
RM/KMN/SB
(ৰিলিজ আই ডি : 1670871)
অতিথি কক্ষ : 301