প্ৰতিৰক্ষা মন্ত্ৰালয়

প্ৰতিৰক্ষা মন্ত্ৰী শ্রী ৰাজনাথ সিং: ভাৰতৰ সার্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতা সুৰক্ষাৰ বাবে চৰকাৰ দৃঢ় প্ৰতিজ্ঞ; নেচনেল ডিফেন্স কলেজৰ হীৰক জয়ন্তী উদযাপন উপলক্ষে আয়োজিত ৱেবিনাৰত ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে সূচীভূক্ত নীতিৰ আলোকপাত কৰি ক’লে মন্ত্ৰীগৰাকীয়ে

प्रविष्टि तिथि: 05 NOV 2020 4:39PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্রী শ্রী ৰাজনাথ সিঙে আজি নেচনেল ডিফেন্স কলেজৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠানৰ উদ্বোধন কৰে৷ এই উপলক্ষ্যে দুদিনীয়া(- নৱেম্বৰ)ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা-অহা এক দশকশীর্ষক ৱেবিনাৰত আগবঢ়োৱা ভাষণত শ্ৰী সিঙে কয় যে যুদ্ধ প্ৰতিৰোধ ক্ষমতাৰ জৰিয়তে শান্তি নিশ্চিত কৰিব পৰা যায়। তেওঁ কয় যে সম্ভৱতঃ একাংশ দেশৰ উত্থান-পতনৰ জৰিয়তে আমাৰ এটা মৌলিক শিক্ষা হৈছে যি যুদ্ধক ৰোধ কৰি কাংক্ষিত শান্তি অর্জন কৰাটো সম্ভৱ। তেওঁ কয় যে ৰাষ্ট্ৰীয় স্বার্থ, সার্বভৌমত্ব আৰু সুৰক্ষাৰ বিষয়টো সুনিশ্চিত কৰিব পাৰিলেহে বিশ্বত শান্তি বৰ্তি থাকিব৷ দেশত ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে চাৰিটা সূচীভূক্ত নীতিৰো আলোকপাত কৰে মন্ত্ৰীগৰাকীয়ে। প্ৰথমতে, বাহ্যিক ভাবুকি আৰু আভ্যন্তৰীণ প্ৰতিবন্ধকতাৰ পৰা ভাৰতৰ আঞ্চলিক অখণ্ডতা আৰু সার্বভৌমত্বক সুৰক্ষিত কৰাৰ ক্ষমতা। দ্বিতীয়তে, সুৰক্ষিত আৰু সুস্থিৰ পৰিস্থিতিৰ জৰিয়তে ভাৰতত অর্থনৈতিক বিকাশ সহজ কৰি তোলা। তৃতীয়তে দেশৰ জনগণ যি অঞ্চলত বসবাস কৰে তেওঁলোকৰ স্বার্থ সুৰক্ষা অটুট ৰখা৷ চতুর্থতে, বিশ্বায়ন আৰু আন্তঃসংযোগী বিশ্বত অন্য দেশৰ স্বার্থৰ সৈতে নিজৰ সুৰক্ষাৰ বিষয়টো জড়িত থকাৰ ধাৰণা ইত্যাদি৷

মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ভাৰতে প্ৰমাণ কৰিছে, যিসমূহ দেশে সন্ত্রাসবাদক ৰাষ্ট্ৰীয় নীতিৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰে তেওঁলোকক প্ৰতিৰোধ কৰিব পৰা যায়৷ তেওঁ কয় যে পাকিস্তানে সন্ত্রাসক ৰাষ্ট্রীয় নীতি হিচাপে ব্যৱহাৰ কৰি আছে। এই ক্ষেত্রত ভাৰতে কেৱল পাকিস্তানৰ বিৰুদ্ধে প্ৰতিৰোধমূলক নীতি গ্ৰহণ কৰাই নহয়, এনে সমভাৱনাপন্ন দেশৰ সৈতে একেলগ হৈ সন্ত্রাসৰ বিৰুদ্ধে যুঁজৰ ক্ষেত্রত যথেষ্ট সফলতা অর্জন কৰিছে৷

প্ৰতিৰক্ষা মন্ত্রীগৰাকীয়ে কয় যে ভাৰতৰ সৈতে ঘনিষ্ঠ সম্পর্ক থকা বন্ধুত্বপূর্ণ দেশসমূহৰ সৈতে সমান সহযোগিতাৰে কাম কৰা হৈছে৷ মার্কিন যুক্তৰাষ্ট্রৰ সৈতে ভাৰতে কৌশলগত অংশীদাৰিত্ব আগতকৈও অধিক শক্তিশালী কৰিছে বুলিও তেওঁ সদৰি কৰে৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে জাপান, অষ্ট্ৰেলিয়া আৰু ৰাছিয়াৰ সৈতে ভাৰতৰ বন্ধুত্ব আৰু অধিক সুদৃঢ় হৈছে৷ তেওঁ লগতে কয় যে ফ্রান্স আৰু ইজৰাইলৰ দৰে নির্ভৰযোগ্য বন্ধু দেশসমূহৰ সৈতে ভাৰতৰ এক বিশেষ অংশীদাৰিত্ব গঢ় লৈ উঠিছে৷

মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ বৈদেশিক সুৰক্ষা নীতিৰ অন্যতম গুৰুত্বপর্ণ বিষয় চুবুৰীয়া প্ৰথম নীতি ২০১৪ চনৰ পৰা প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে এই দৃ্ষ্টিভগীৰে কাম কৰি আহিছে৷ পাকিস্তানক বাদ দি ভাৰতে সকলো প্ৰতিৱেশী দেশৰ সৈতে সম্পর্ক উন্নত কৰিছে৷ প্ৰতিৰক্ষা মন্ত্রীগৰাকীয়ে কয় যে প্ৰধানমন্ত্রীয়ে পশ্চিম এছিয়া, দক্ষিণ পূব আৰু পূব এছিয়া দেশসমূহৰ সৈতে অংশীদাৰিত্ব বৃদ্ধিৰ বাবে বিশেষ আগ্ৰহী আছিল৷ এই প্ৰচেষ্টাৰ ফলস্বৰূপে ভাৰতে পশ্চিমে ছৌদি আৰৱ, সংযুক্ত আৰৱ এমেৰিটছ, মান আৰু পূব ইন্দোনেছিয়া আৰু দক্ষিণ কোৰিয়াৰ দৰে দেশৰ সৈতে আগতকৈ উন্নত সম্পর্ক গঢ়ি তুলিছে।

যুদ্ধৰ ক্ৰমৱর্ধমান চৰিত্ৰ সলনিৰ সম্পর্কে প্ৰতিৰক্ষা মন্ত্রীগৰাকীয়ে কয় যে এই ক্ষেত্রটো চৰকাৰে একাধিক প্ৰচেষ্টা গ্ৰহণ কৰিছে৷ চীফ অফ ডিফেন্স ষ্টাফ(চিডিএছ) নিয়ুক্তি, সামৰিক বিষয়াৰ বিভাগ প্ৰতিষ্ঠাৰ দৰে পদক্ষেপ লোৱা হৈছে৷ আভ্যন্তৰীণ সুৰক্ষা প্ৰতিবন্ধকতাৰ সন্দৰ্ভত শ্রী সিঙে কয় যে এই সমস্যাসমূহ মোকাবিলা কৰাৰ বাবে ত্রিমুখী পদ্ধতি গ্ৰহণ কৰা হৈছে৷ সন্ত্রাসৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ বিকাশৰ লগতে ক্ষতিগ্ৰস্তসকলৰ ন্যায় সুনিশ্চিত কৰা হৈছে৷ অসহায় নাগৰিকসকলৰ ওপৰত নিপীড়ন ৰোধ আৰু প্ৰশাসনিক সাহায্য প্ৰদান কৰা হৈছে৷ প্ৰতিৰক্ষা মন্ত্রীয়ে কয় যে আর্থিক সুৰক্ষাৰ ক্ষেত্রত চৰকাৰে ভূমি, শ্ৰম, মূলধন আৰু উদ্যোগ ক্ষেত্ৰৰ উন্নয়নত বিশেষ দৃষ্টি প্ৰদান কৰিছে৷ ৱেবিনাৰত প্ৰতিৰক্ষা সচিব ড০ অজয় কুমাৰ, নেচনেল ডিফেন্স কলেজৰ কমাণ্ডেণ্ট এয়াৰ মাৰ্শ্বাল ডি চৌধুৰীয়েও অংশ গ্ৰহণ কৰে৷

****

ABB/Nampi/KA/Rajib/DB


(रिलीज़ आईडी: 1670561) आगंतुक पटल : 324
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Tamil , Telugu , Kannada