জল শক্তি মন্ত্ৰালয়

অৰুণাচলৰ দুৰ্গম এলেকাৰ মিমে’ গাঁও পালেগৈ ‘জল জীৱন মিছন’- ২০২১ৰ মাৰ্চ মাহৰ ভিতৰত ‘হৰ ঘৰ জল’-ৰ লক্ষ্যত উপনীত হ’বলৈ উঠি-পৰি কামত লাগিছে উত্সাহী ৰাইজ

Posted On: 05 NOV 2020 3:29PM by PIB Guwahati

কুলু কুলু ধ্বনিৰে বৈ অহা চঞ্চলা নিজৰা, সেউজীয়া ধাননী পথাৰ, নিৰ্মল পাৰিপাৰ্শ্বিকতাৰে পাহাৰৰ ঢালত দেখ-নেদেখকৈ এখন গাঁও। গাঁওখনৰ নাম মিমে গাঁও। অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত থকা নামচাই জিলাৰ সদৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ নিলগত অৱস্থিত, চৌখাম উন্নয়ণ খণ্ডৰ অন্তৰ্ভুক্ত গাঁওখনত ৪২টা পৰিয়ালে বসবাস কৰে। বৌদ্ধ ধৰ্মাৱলম্বী এইকেইটা পৰিয়ালৰ সকলোৱেই স্বভাৱতেই শান্তিপ্ৰিয় লোক। মূলতঃ খেতিয়েই তেওঁলোকৰ জীৱিকাৰ প্ৰধান সম্বল যদিও তেওঁলোকৰ কেইগৰাকীমান সদস্যই চৰকাৰী কাম-কাজ আৰু অন্য ব্যৱসায়তো জড়িত হৈ আহিছে। তেওঁলোকে জীৱনক সঁচা অৰ্থতে উপভোগ কৰি আনন্দৰেই দিনবোৰ অতিবাহিত কৰি আহিছে। অৱশ্যে, গাঁওখনত বিশুদ্ধ খোৱাপানীৰ সমস্যা এটা দীৰ্ঘদিনৰ পৰাই অব্যাহত আছিল।

এইকেইটা পৰিয়ালে খোৱাপানীৰ বাবে গাঁওখনৰ কাষেৰে প্ৰবাহিত হৈ যোৱা এটা নিজৰাৰ পানীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। বিশেষকৈ গাঁওখনৰ মহিলাসকলে প্ৰায় ৩০০মিটাৰ দূৰৈৰ এই নিজৰাটোৰ পৰা দিনৌ পানী কঢ়িয়াই ঘৰুৱা কাম-কাজৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলগীয়াত পৰিছিল। অৱশ্যে, গাঁওখনৰ দুঘৰমানত দুটা মান হাত পাম্প লগোৱা পানীকল আছিল যদিও আইৰণৰ পৰিমাণ অধিক থকাৰ বাবেই সেই পানী খোৱা-ধোৱাৰ বাবে অনুপযোগী আছিল। সেয়ে, গাঁওবাসীয়ে পানীৰ বাবে নিজৰাটোৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছিল। খৰালী কালত বৰ বিশেষ অসুবিধা নহৈছিল যদিও বাৰিষা ফেনেফোটোকাৰে বাঢ়ি অহা নিজৰাটোৰ পানীত বিভিন্ন অপদ্ৰব্য বৈ অহাৰ উপৰি এই পানীত বোকা মিহলি হৈ অহাৰ ফলত সেই পানী ব্যৱহাৰৰ অনুপযোগী হৈ পৰে। এনে পৰিস্থিতিত তেওঁলোকে নাদৰ পানী ব্যৱহাৰ কৰিবলগীয়াত পৰে। এই পানী খোৱাৰ ফলত গাঁওবাসী প্ৰায়েই অসুখত পৰিবলগীয়া হয়।

এনে পৰিস্থিতিৰ পৰা পৰিত্ৰাণ বিচাৰি এবাৰ গাঁওসভাত জল জীৱন মিছন শীৰ্ষক ধ্বজাবাহী কাৰ্যক্ৰমৰ কথা উথ্থাপন কৰা হৈছিল। অৰুণাচল প্ৰদেশৰ জনস্বাস্থ্য কাৰিকৰী আৰু পানী যোগান বিভাগৰ বিষয়াসকলে এই কাৰ্যক্ৰম সন্দৰ্ভত বিস্তৃত ব্যাখ্যা দাঙি ধৰে। এই কাৰ্যক্ৰমৰ জৰিয়তে প্ৰতিখন ঘৰলৈ পানী যোগান ধৰাৰ সবিশেষ জানিব পাৰি স্বাভাৱিকতেই গাঁওবাসী আহ্লাদিত হৈ উঠে। তেওঁলোকৰ সপোন বাস্তৱায়িত হোৱা  যেনেই হল। তেওঁলোকে দলে-বলে লাগি হৰ ঘৰ জল-ৰ মন্ত্ৰ সাকাৰ কৰাৰ বাবে উঠি-পৰি লাগে। গাঁওসভাই এই সন্দৰ্ভত এক কৰ্ম পৰিকল্পনা অনুমোদন জনায়। সেই অনুসৰি এটা গভীৰ নলীনাদৰ পৰা সৌৰ শক্তিৰে সঞ্চালিত এটা প্ৰকল্পৰ জৰিয়তে পানী উত্তোলন কৰি পৰিশোধন কৰা পানী এইচডিপিই পাইপৰে গাঁওখনৰ প্ৰতিঘৰ গৃহস্থীলৈ পানী যোগানৰ ব্যৱস্থা কৰাত সহমত ব্যক্ত কৰে। পৰৱৰ্তি পৰ্যায়ত গাঁওসভাৰ সিদ্ধান্তলৈ অনুমোদন জনায় ৰাজ্যিক পৰ্যায়ৰ আঁচনি অনুমোদন কমিটিয়ে। আৰু প্ৰকল্পটো ২০২১চনৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। গাঁওবাসীয়ে এই কথাত দুগুণে উত্সাহিত হৈ জল জীৱন মিছনৰ বিধি নিয়ম অনুসৰি তেওঁলোকে আদায় দিবলগীয়া ৫শতাংশ ধন আদায় দিয়াৰ লগতে শ্ৰমদান কৰিবলৈও দলে-বলে আগবাঢ়ি আহিছে। প্ৰকল্পটোৰ কাম পূৰ্ণ গতিত আগবাঢ়িছে আৰু মিমে গাঁওবাসীয়ে অচিৰেই বিশুদ্ধ খোৱা পানী লাভৰ সম্ভাৱনাও ক্ৰমে প্ৰকট হৈ উঠিছে।

 

*****

APS/MG/AS/KB



(Release ID: 1670495) Visitor Counter : 104