বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
চেন্নাইৰ ‘চতুৰ্থ বেটেলিয়ন কেন্দ্ৰ’ত স্থাপন কৰা ১০খন বিচনাযুক্ত অস্থায়ী হাস্পটাল আৰু আইছ’লেশ্যন কেন্দ্ৰ মুকলি কৰিলে ড০ হৰ্ষ বৰ্দ্ধনে
অস্থায়ী হাস্পটালৰ আৰ্হিৰে চেন্নাইত স্থাপন কৰা নতুন ব্যৱস্থাই ৰোগীসকলক সুৰক্ষিত, নিৰাপদ আৰু আৰামদায়ক বাতাবৰণত থকাৰ অনুভৱ প্ৰদান কৰিব
এয়া এক থাউকতে ভাঙি নিব পৰা ষ্টীলৰ ফ্ৰেমত সজা এক গাঁঠনি, এজন সাধাৰণ মানুহে কান্ধতে কেবাটাও ফ্ৰেম উঠাই নিব পৰা এই গাঁথনিৰে যিকোনো ঠাইতে তেনেই কম সময়তে শিবিৰ তৈয়াৰ কৰিব পৰা যাব : ড০ বৰ্দ্ধন
प्रविष्टि तिथि:
04 NOV 2020 5:15PM by PIB Guwahati
‘চিএছআইআৰ’-য়ে চেন্নাইৰ চতুৰ্থ বেটেলিয়ন কেন্দ্ৰত স্থাপন কৰা ১০খন বিচনাযুক্ত এখন অস্থায়ী হাস্পটাল আৰু আইছ’লেশ্যন কেন্দ্ৰ আজি ‘ভাৰ্চুৱেল’ ব্যৱস্থাৰে মুকলি কৰে কেন্দ্ৰীয় ‘বিজ্ঞান তথা প্ৰযুক্তি, ভূ-বিজ্ঞান আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ বিভাগ’ৰ মন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনে।


অনুষ্ঠানত বক্তব্য প্ৰদান কৰি ক’ভিড-১৯ৰ দৰে মহামাৰীয়ে সৃষ্টি কৰা নতুন প্ৰত্যাহ্বানৰে মোকাবিলা কৰাৰ বাবে উদ্ভাৱনী সমাধানসূত্ৰ বিচাৰি উলিওৱাৰ বাবে ড০ বৰ্দ্ধনে ‘চিএছআইআৰ-এছইআৰচি’-ক অভিনন্দন জ্ঞাপন কৰে। তেওঁ যোৱা আগষ্ট মাহত ‘এনডিআৰএফ’ৰ উত্তৰ প্ৰদেশৰ গাজিয়াবাদস্থিত চৌহদত এনেধৰণে অস্থায়ী হাস্পটাল নিৰ্মাণ কৰা এক প্ৰয়াসৰ কথা স্মৰণ কৰে। চেন্নাইত থকা ‘এনডিআৰএফ’ৰ ‘চতুৰ্থ বেটেলিয়নৰ নতুন ব্যৱস্থাই ৰোগীসকলক সুৰক্ষিত, নিৰাপদ আৰু আৰামদায়ক বাতাবৰণত থকাৰ অনুভৱ প্ৰদান কৰিব’ বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ড০ বৰ্দ্ধনে কয়, ‘এয়া এক থাউকতে ভাঙি নিব পৰা ষ্টীলৰ ফ্ৰেমত সজা এক গাঁঠনি, এজন সাধাৰণ মানুহে কান্ধতে কেবাটাও ফ্ৰেম উঠাই নিব পৰা এই গাঁথনিৰে যিকোনো ঠাইতে তেনেই কম সময়তে শিবিৰ তৈয়াৰ কৰিব পৰা যাব’।
অনুষ্ঠানত ‘চিএছআইআৰ’-ৰ সঞ্চালক প্ৰধান ড০ শেখৰ চি মাণ্ডে, ‘এনডিআৰএফ’ৰ সঞ্চালক প্ৰধান স্ৰী এছ এন প্ৰধানেও বক্তব্য আগবঢ়ায়।


*****
NB/KGS/KB
(रिलीज़ आईडी: 1670236)
आगंतुक पटल : 226