আয়ুষ

৫ নৱেম্বৰ, ২০২০ত ‘মানসিক চিকিৎসাৰ বাবে যোগ আৰু আয়ুৰ্বেদিক ঔষধ’ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় ৱেবিনাৰৰ আয়োজন

Posted On: 03 NOV 2020 3:20PM by PIB Guwahati

সৰ্বভাৰতীয় আয়ুৰ্বেদিক প্ৰতিষ্ঠানে (এআইআইএ) ৱেষ্টাৰ্ণ ছিডনী ইউনিভাৰ্ছিটীৰ সহযোগত ৫ নৱেম্বৰ, ২০২০ত ‘মানসিক চিকিসাৰ বাবে যোগ আৰু আয়ুৰ্বেদিক ঔষধ’ শীৰ্ষক এক আন্তঃৰাষ্ট্ৰীয় ৱেবিনাৰৰ আয়োজন কৰিছে৷ এই ৱেবিনাৰ হৈছে আয়ুৰ্বেদ আৰু যোগৰ শক্তিৰ জৰিয়তে মানসিক চিকিসাৰ বাবে সুযোগৰ দিশত গুৰুত্ব আৰোপ কৰাৰ এক সামূহিক পদক্ষেপ৷ ইয়াৰ জৰিয়তে যোগ আৰু আয়ুৰ্বেদৰ ক্ষেত্ৰত ভাৰত, অষ্ট্ৰেলিয়া, ইটালী আৰু জাৰ্মানীৰ আগশাৰীৰ গৱেষকসকলক একেলগ কৰাৰ লগতে চলিত আন্তঃৰাষ্ট্ৰীয় গৱেষণাৰ ইনপুটসমূহ শ্বেয়াৰ কৰাত সহায় কৰিব৷ এই ব্যৱস্থাই যোগ আৰু আয়ুৰ্বেদ সম্পৰ্কীয় বিজ্ঞানসন্মত গৱেষণাত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰিব৷

আয়ুষ বিভাগ(স্বতন্ত্ৰ দায়িত্ব)ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ য়েছো নায়কে উদ্বোধন কৰিবলীয়া অনুষ্ঠানত আৰ্ট অৱ লিভিঙৰ প্ৰতিষ্ঠাতা শ্ৰী শ্ৰী ৰবিশংকৰ, অষ্ট্ৰেলিয়াৰ মন্ত্ৰী ড০ জিঅ’ফ লী, ভাৰত চৰকাৰৰ আয়ুষ বিভাগৰ সচিব ৰাজেশ কোটেচা, ৱেষ্টাৰ্ণ ছিডনী ইউনিভাৰ্ছিটীৰ উপাধ্যক্ষ অধ্যাপক বাৰ্ণী গ্ল’ভাৰকে ধৰি একাংশ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব৷

অনুষ্ঠান আয়ুৰ্বেদিক ঔষধৰ ইটালীৰ বৈজ্ঞানিক সমাজৰ ড০ এণ্টনিঅ’ মোৰাণ্ডী, ৱেষ্টাৰ্ণ ছিডনী ইউনিভাৰ্ছিটীৰ এইআইচিএম স্বাস্থ্য গৱেষণা প্ৰতিষ্ঠানৰ ড০ মাইকেল ডে মানিনকৰ, জাৰ্মানীৰ ইউনিভাৰ্ছিটী অৱ ডুইছবাৰ্গ-এছেনৰ ড০ হগলাৰ ক্ৰেমাৰে আয়ুৰ্বেদ আৰু যোগৰ জৰিয়তে ইতিবাচক মানসিক স্বাস্থ্য বৰ্তাই ৰখাৰ সন্দৰ্ভত গৱেষণাৰ ফলাফলসমূহ শ্বেয়াৰ কৰিব৷

এই উপলক্ষে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস-২০২০ত সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানে একাংশ লোকৰ লেখনিৰে প্ৰস্তুত কৰা মন-শৰীৰৰ চিকিসাত যোগ শীৰ্ষক এখন ই-বুকো উন্মোচন কৰিব৷

উল্লেখ্য যে দশক দশক ধৰি আয়ুৰ্বেদ আৰু যোগে স্বাস্থ্য আৰু সুস্থ হৈ থকাৰ ক্ষেত্ৰত ইয়াৰ লাভালাভৰ প্ৰতি বিশ্ববাসীৰ আকৰ্ষণ বৃদ্ধি কৰি আহিছে৷ বৰ্তমানৰ পৰিৱৰ্তিত জীৱনশৈলীয়ে মানুহৰ মানসিক ব্যাধিজনিত ঘটনা বৃদ্ধি কৰাৰ লগতে চিকিসা বৃত্তিৰ বাবেও প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে৷ এইবোৰৰ পৰা উপশম পোৱাত যোগ আৰু আয়ুৰ্বেদে বহুখিনি অৰিহণা যোগাই আহিছে৷

 

******

MV/SK/DB



(Release ID: 1669905) Visitor Counter : 164