গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

খাৰিফ বিপণন ঋতু ২০২০-২১ৰ সময়ত ন্যূনতম সমৰ্থন মূল্য (এমএছপি)ৰ ৰূপায়ণ

Posted On: 02 NOV 2020 4:54PM by PIB Guwahati

খাৰিফ বিপণন ঋতু (কেএমএছ) ২০২০-২১ৰ সময়ত চৰকাৰৰ দ্বাৰা নিজৰ বৰ্তমানৰ এমএছপি যোজনা অনুসৰিয়েই কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত খাৰিফ শস্যৰ ক্ৰয় প্ৰক্ৰিয়া অব্যাহত আছে, যেনেকৈ বিগত বছৰবিলাকত হৈছিল।

 

খাৰিফ ২০২০-২১ৰ বাবে ধানৰ ক্ৰয় দ্ৰুত গতিত চলি আছে। পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, তামিলনাডু, উত্তৰাখণ্ড, চণ্ডীগড়, জম্মু-কাশ্মীৰ, কেৰালা আৰু গুজৰাটত ধানৰ ক্ৰয় অব্যাহত আছে। ০১ নবেম্বৰ, ২০২০লৈকে এই ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহৰ কৃষকৰ পৰা ২১০.৪৯ লাখ মেট্ৰিক টনতকৈও অধিক ধান ক্ৰয় কৰা হৈছে, ইয়াৰ বিপৰীতে এই সময়ছোৱাত যোৱা বছৰ কেৱল ১৭৫.৪৮ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছিল। চলিত বছৰত বৰ্তমানলৈকে হোৱা ধানৰ ক্ৰয়ত, যোৱা বছৰতকৈ ১৯.৯৫%ৰ বৃদ্ধি নথিভুক্ত কৰা হৈছে। ২১০.৪৯ লাখ মেট্ৰিক টন ধানৰ মুঠ ক্ৰয়ৰ অকল পঞ্জাৱৰ অংশ ১৪৮.০৭ লাখ মেট্ৰিক টন, যি মুঠ ক্ৰয়ৰ ৭০.৩৪%।

 

ধান ক্ৰয়ৰ জৰিয়তে প্ৰায় ১৭.৭৪ লাখ কৃষকক চৰকাৰৰ বৰ্তমানৰ এমএছপি যোজনাৰ মুনাফা প্ৰদান কৰি চলিত খাৰিফ বিপণন ঋতুত ন্যূনতম সমৰ্থন মূল্য অনুসৰি ৩৯,৭৪০.৫৪ কোটি টকাৰ পৰিশোধ আগতেই কৰা হৈছে। ইয়াৰ উপৰিও, প্ৰদেশসমূহৰ পৰা পোৱা প্ৰস্তাৱৰ আধাৰত তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগানা, গুজৰাট, হাৰিয়ানা, উত্তৰ প্ৰদেশ, উৰিষ্যা, ৰাজস্থান আৰু অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ পৰা খাৰিফ বিপণন ঋতু ২০২০ৰ বাবে মূল্য সমৰ্থন যোজনা (পিএছএছ)ৰ জৰিয়তে ৪৫.১০ লাখ মেট্ৰিক টন মাহ জাতীয় শস্য আৰু তৈল বীজ ক্ৰয়ৰ মঞ্জুৰী প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু কেৰালা ৰাজ্যৰ পৰা ১.২৩ লাখ মেট্ৰিক টন কোপ্ৰা (বাৰমহীয়া শস্য)ৰ ক্ৰয়ৰ বাবেও স্বীকৃতি প্ৰদান কৰা হৈছে।

 

যদি অধিসূচিত ফচল অবধিৰ সময়ত সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহত বজাৰৰ দৰ এমএছপিতকৈ তললৈ যায়, তেতিয়া ৰাজ্যৰ নোডেল এজেঞ্চিৰ মাধ্যমত কেন্দ্ৰীয় নোডেল এজেঞ্চিৰ দ্বাৰা এই ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহক মূল্য সমৰ্থন যোজনা (পিএছএছ)ৰ অন্তৰ্গত মাহ, তেল জাতীয় আৰু কোপ্ৰা ফচলৰ ক্ৰয়ৰ প্ৰস্তাৱ প্ৰাপ্তিৰ ওপৰতো মঞ্জুৰী দিয়া হ'ব, যাতে পঞ্জীকৃত কৃষকৰ পৰা ২০২০-২১ বৰ্ষৰ বাবে অধিসূচিত কৰা ন্যূনতম সমৰ্থন মূল্যত পোনপটীয়াকৈ এই ফচলসমূহৰ এফএকিউ গ্ৰেড ক্ৰয় কৰিব পৰা যায়।

 

০১ নবেম্বৰ,২০২০লৈকে চৰকাৰে নিজৰ নোডেল এজেঞ্চিৰ মাধ্যমত ১০৫৭১.১৪০ মেট্ৰিক টন মগু, উৰদ, বাদাম আৰু ছয়াবিনৰ ক্ৰয় এমএছপি মূল্যত কৰে। এই ক্ৰয়ৰ জৰিয়তে তামিলনাডু, মহাৰাষ্ট্ৰ, গুজৰাট আৰু হাৰিয়ানাৰ ৬,৬০৭জন কৃষকৰ ৫৭.৮৩ কোটি টকাৰ উপাৰ্জন হয়। এনেদৰে ৫,০৮৯ মেট্ৰিক টন কোপ্ৰা (বাৰমহীয়া ফচল)ৰ ক্ৰয় কৰ্ণাটক আৰু তামিলনাডু ৰাজ্যৰ পৰা কৰা হৈছে।

 

এই সময়ছোৱাত ৩,৯৬১জন কৃষকক লাভবান কৰি ন্যূনতম সমৰ্থন মূল্যত ৫২ কোটি ৪০ লাখ টকা পৰিশোধ কৰা হয়। কোপ্ৰা আৰু উৰদ ফচলৰ বাবে অধিকাংশ প্ৰধান উৎপাদক ৰাজ্যত এমএছপিত অথবা তাৰ ওপৰৰ দামত পৰিশোধ কৰা হৈ আছে। ইয়াত সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ চৰকাৰসমূহে খাৰিফ মাহ তথা তেল জাতীয় ফচলৰ যোগানৰ আধাৰত সংশ্লিষ্ট ৰাজ্যৰ দ্বাৰা নিৰ্দ্ধাৰিত তাৰিখৰ পৰা ক্ৰয় আৰম্ভ কৰিবৰ বাবে আৱশ্যকীয় ব্যৱস্থা কৰি আছে।

 

ন্যূনতম সমৰ্থন মূল্য যোজনাৰ জৰিয়তেই পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু তেলেংগানা ৰাজ্যৰ পৰা কপাহ ক্ৰয়ৰ কাম সুচাৰুৰূপে চলি আছে। ০১ নবেম্বৰ,২০২০লৈকে ১,২০,৪৩৭জন কৃষকৰ পৰা ১,৮৪,৫৬৩ লাখ টকাৰ এমএছপি মূল্যত কপাহ ৬,৩৩,৭১৯টা গাঁথ ক্ৰয় কৰা হৈছে।

 

*******

APS



(Release ID: 1669641) Visitor Counter : 102