পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

ৱেবিনাৰৰ জৰিয়তে ৰাষ্ট্ৰীয় একতা দিৱস পালন পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ

পোষ্ট কৰা হৈছে: 31 OCT 2020 4:43PM by PIB Guwahati

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে আজি চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱস এখন ৱেবিনাৰৰ জৰিয়তে পালন কৰে। এই ৱেবিনাৰখনিত পেট্ৰ’লিয়াম প্ৰাকৃতিক গেছ মন্ত্ৰালয়, তেল আৰু গেছ পিএছইউ আৰু মন্ত্ৰালয়টোৰ প্ৰশাসনিক ক্ষেত্ৰাধিকাৰৰ অধীনস্থ সংস্থাসমূহৰ প্ৰায় ১০০০ বিষয়া-বৰ্গ আৰু ষ্টাফে ভাগ লয়।

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সচিব শ্ৰী তৰুণ কাপুৰে জন্ম বাৰ্ষিকীত চৰ্দাৰ পেটেললৈ শ্ৰদ্ধা নিবেদন কৰি স্বাধীন ভাৰতৰ অৰ্থে তেখেতৰ অসামান্য বৰঙণিৰ কথা উল্লেখ কৰে। সচিবজনে আমাৰ দৈনন্দিন জীৱন-যাত্ৰাত চৰ্দাৰ পেটেলৰ আদৰ্শৰাজিয়ে কিদৰে প্ৰভাৱিত কৰিব পাৰে সেয়া ব্যক্ত কৰি দেশখনৰ জনসাধাৰণে স্বচ্ছ, মানৱীৱতা আৰু কাৰ্যকৰী প্ৰমূল্যবোধেৰে আগৱাই যোৱাৰ আশা প্ৰকাশ কৰে।

চৰ্দাৰ বল্লভভাই পেটেলৰ এই জন্ম বাৰ্ষিকী উদযাপনত অৰুণাচল প্ৰদেশ চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব শ্ৰী ৰমেশ নেগী আৰু আইঅ’চিএলৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী এম.এ. পাঠানে ভাষণ আগবঢ়ায়। দেশখনৰ জনসাধাৰণৰ সেৱা আগবঢ়োৱাত চৰ্দাৰ পেটেলৰ তেল আৰু গেছ উদ্যোগটোক লৈ থকা লক্ষ্য ইয়াত উল্লেখ কৰা হয়।

আইঅ’চিএলৰ সঞ্চালক (এইচআৰ) শ্ৰী আৰ.কে. মহাপাত্ৰৰ শলাগৰ শৰাইৰে এই কাৰ্যসূচীৰ সামৰণি পৰে।

আৰম্ভণিতে পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সচিবে মন্ত্ৰালয়টোৰ বিষয়া-কৰ্মচাৰীসকলক সংকল্প বাক্য পাঠ কৰোৱায়।

******

YB/SB


(ৰিলিজ আই ডি : 1669208) অতিথি কক্ষ : 125
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Manipuri , Punjabi , Tamil