জল শক্তি মন্ত্ৰালয়

জল শক্তি মন্ত্ৰালয়ে পশ্চিম বংগত জল জীৱন মিছন ৰূপায়নৰ পৰ্যালোচনা কৰে ৰাজ্যখনে নিৰাশাজনক প্ৰদৰ্শন দাঙি ধৰিছে আৰু ২০২০-২১ত মুঠ লক্ষ্য ৫৫.৫৮লাখৰ বিপৰীতে মাত্ৰ ২.২০লাখ টেপযুক্ত পানী সংযোগ প্ৰদান কৰিছে

জল শক্তি মন্ত্ৰালয়ে পশ্চিম বংগলৈ পূৰ্ণ সহযোগৰ আশ্বাস দিছে আৰু উপলব্ধ পুঁজি ব্যৱহাৰ কৰি জল জীৱন মিছনৰ ৰূপায়ন প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি তুলিবলৈ আহ্বান জনাইছে

Posted On: 30 OCT 2020 2:42PM by PIB Guwahati

পশ্চিম বংগত জল জীৱন মিছনৰ পৰিকল্পনা আৰু ৰূপায়ন সন্দৰ্ভত এখন মধ্যৱৰ্তীকালীন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৰাজ্যিক বিষয়াসকলে ৰাষ্ট্ৰীয় জল জীৱন মিছন দলৰ সন্মুখত পশ্চিম বংগত এই আঁচনিৰ অগ্ৰগতি প্ৰদৰ্শন কৰে। পশ্চিম বংগ চৰকাৰে ২০২৪ৰ ভিতৰত গ্ৰামাঞ্চলৰ সকলো ১.৬৩কোটি পৰিয়ালক টেপযুক্ত পানী সংযোগ প্ৰদানৰ লক্ষ্যত উপনীত হোৱাৰ সিদ্ধান্ত লৈছে। ৰাজ্যখনে ২০২০-২১ত এইপৰ্যন্ত ৫৫.৫৮লাখ লক্ষ্যৰ বিপৰীতে ২.২০লাখ টেপযুক্ত পানী সংযোগ প্ৰদান কৰিছে।

জল জীৱন মিছনৰ অধীনত ২০২০-২১ত পশ্চিম বংগলৈ ১,৬১০.৭৬কোটি টকাৰ পুঁজিৰ অনুমোদন জনোৱা হৈছিল। অতিৰিক্ত পুঁজিসমূহ আঁচনি ৰূপায়নৰ অগ্ৰগতিৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰা হয়। অতিৰিক্ত হিচাপে পশ্চিম বংগই ৪,৪১২কোটি টকা পঞ্চদশ বিত্তীয় আয়োগৰ অনুদান হিচাপে লাভ কৰিব। ইয়াৰে ৫০ শতাংশ জল আৰু অনাময়ৰ নামত ব্যয় কৰাতো বাধ্যতামূলক। পৰ্যালোচনা বৈঠকত মন্ত্ৰালয়ে উপলব্ধ পুঁজি ব্যৱহাৰ কৰি আঁচনি ৰূপায়নৰ কাম ক্ষিপ্ৰ কৰি তুলিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে, যাতে কেন্দ্ৰীয় পুঁজি লাভৰ পৰা ৰাজ্যখন বঞ্চিত নহয়। প্ৰতিঘৰ পৰিয়ালক পানী যোগানৰ অভিলাসী লক্ষ্য পূৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনক সকলো সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে।

 

*****

APS/MG/AS/MS



(Release ID: 1668982) Visitor Counter : 96