উপ-ৰাষ্ট্ৰপতি সচিবালয়

উন্নয়ণ আৰু পৰিৱেশ সংৰক্ষণে হাতত হাত ধৰি আগবাঢ়িব লাগিব : উপ ৰাষ্ট্ৰপতি

আমাক কেৱল এখন শক্তিশালী ভাৰতেই নহয় বৰঞ্চ এখন সেউজীয়া ভাৰতৰো প্ৰয়োজন : উপ ৰাষ্ট্ৰপতি

কৰ ৰেহাইৰ দৰে পদক্ষেপ গ্ৰহণৰে ‘সেউজ ভৱন নিৰ্মাণ’ক উত্সাহিত কৰিবলৈ ‘বিত্ত আয়োগ’ৰ পৰা স্থানীয় নিকায়সমূহলৈ সকলোকে পদক্ষেপ গ্ৰহণৰ আহ্বান

‘সেউজ ভৱন’ক বাধ্যতামূলক কৰাৰ সময় আহিছে : উপ ৰাষ্ট্ৰপতি

ৰাইজৰ মাজত ‘সেউজ ভৱন’ সন্দৰ্ভত সজাগতা সৃষ্টিৰ পোষকতা

জলবায়ু পৰিৱৰ্তন দিনৰ পোহৰৰ দৰেই সত্য পৰিঘটনা আৰু ইয়াক প্ৰশমিত কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব : উপ ৰাষ্ট্ৰপতি

নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় আৰু পৰিৱেশ-অনুকূল সামগ্ৰী ব্যৱহাৰৰ আহ্বান

অধিক সেউজীয়া, অধিক স্বাস্থ্যৱন্ত আৰু সমৃদ্ধ ভাৰত গঢ়াৰ বাবে চৰকাৰৰ সৈতে একেলগ হৈ কাম কৰাৰ বাবে নিৰ্মাণ খণ্ডলৈ গোঁহাৰি

‘চিআইআই’-ৰ ‘গ্ৰীণ বিল্ডিং কংগ্ৰেছ ২০২০’ৰ শুভাৰম্ভ ঘোষণা

Posted On: 29 OCT 2020 12:29PM by PIB Guwahati

উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুয়ে আজি নতুনকৈ নিৰ্মাণ কৰিব খোজা সকলো ভৱনকে ‘সেউজ ভৱন’ হিচাপে নিৰ্মাণ কৰাৰ লগতে পৰিৱেশ অনুকূল কৰি কৰাটো বাধ্যতামূলক কৰাৰ সময় সমাগত হৈছে বুলি অভিমত ব্যক্ত কৰে। তেওঁ কৰ ৰেহাইৰ দৰে পদক্ষেপ গ্ৰহণৰে ‘সেউজ ভৱন নিৰ্মাণ’ক উত্সাহিত কৰিবলৈ চৰকাৰ, ‘বিত্ত আয়োগ’ তথা স্থানীয় নিকায়সমূহক ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ প্ৰদান কৰে।

‘চিআইআই’-য়ে আয়োজন কৰা ‘গ্ৰীণ বিল্ডিং কংগ্ৰেছ ২০২০’ৰ ‘ভাৰ্চুৱেল’ মাধ্যমেৰে শুভাৰম্ভ ঘোষণা কৰি দিয়া ভাষণত উপ ৰাষ্ট্ৰপতিয়ে নৱ-নিৰ্মিত ভৱনসমূহৰ লগতে শক্তি-পাৰদৰ্শী আৰু জল সংৰক্ষণৰ দৰে সেউজ অনুশীলনসন্মত পন্থাৰে বৰ্তমানে থকা ভৱনসমূহকো পৰিৱেশ অনুকূল কৰি পুনৰনিৰ্মাণ কৰাত গুৰুত্ব প্ৰদান কৰে।

তেওঁ ‘বহণক্ষম ভৱন’ নিৰ্মাণক নিৰ্মাণৰ ক্ষেত্ৰত স্থিতিস্থাপকতাক সাৰোগত কৰাসকলৰ বাবে গুৰুত্বপূৰ্ণ উপাদন বুলি অভিহিত কৰাৰ লগতে ‘নিম্ন কাৰ্বন প্ৰযুক্তি’ৰ বহুল ব্যৱহাৰৰ পোষকতা কৰে। ‘আমাক কেৱল এখন শক্তিশালী ভাৰতেই নহয়,  বৰঞ্চ এখন সেউজীয়া ভাৰতৰো প্ৰয়োজন’ বুলি উল্লেখ কৰে উপ ৰাষ্ট্ৰপতিয়ে।

প্ৰচণ্ড খৰাং, বান, বনজুইৰ দৰে ভয়ংকৰ জলবায়ুজনিত পৰিঘটনাৰ পয়োভৰৰ কথা আঙুলিয়াই দি শ্ৰী নাইডুয়ে কয় যে, ‘জলবায়ু পৰিৱৰ্তন দিনৰ পোহৰৰ দৰেই সত্য পৰিঘটনা আৰু গোলকীয়া উষ্ণতা বৃদ্ধিৰ দৰে কাণ্ডক প্ৰশমিত কৰিবলৈ কঠোৰ আৰু বৈপ্লৱিক পদক্ষেপ গ্ৰহণ কৰিবই লাগিব’।

বিকাশৰ ক্ষেত্ৰত বহণক্ষম প্ৰয়াসৰ পোষকতা কৰা উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ‘বিকাশ আৰু পৰিৱেশক সমান্তৰাল ভাবে আগুৱাই নিয়াৰ প্ৰত্যাহ্বান আমাৰ সন্মুখত আছে। যদি আমি প্ৰকৃতিক পৰিচৰ্যা কৰো, তেন্তে তাৰ বিনিময়ত প্ৰকৃতিয়েও মানৱৰকল্যাণ নিশ্চয় সাধন কৰিব’ বুলি তেওঁ মন্তব্য কৰে।

প্ৰসংগক্ৰমে তেওঁ তথ্য দাঙি ধৰি কয় যে, ভৱন আৰু নিৰ্মাণে পৃথিৱীৰ মুঠ CO2 ৰ নিৰ্গমণৰ ৩৯%ৰ অৰিহণা যোগায়। এনে প্ৰেক্ষাপটত তেওঁ নিৰ্মাণৰ বাতাবৰণ ত্বৰান্বিত কৰাৰ বাবেই সম্পূৰ্ণ প্ৰক্ৰিয়াটোক কাৰ্বণমুক্ত কৰাৰ পোষকতা কৰে।

‘সেউজ ভৱন’ৰ ধাৰণা সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰি উপ ৰাষ্ট্ৰপতিয়ে কয় যে, ‘শক্তি-পাৰদৰ্শী হোৱাৰ লগতে ই জল-পাৰদৰ্শীতা অৰ্জন, নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ, আৱৰ্জনা হ্ৰাসৰ প্ৰবণতাক উত্সাহিত কৰা তথা পৰিৱেশ-অনুকূল স্থানীয় সামগ্ৰীৰ ব্যৱহাৰ সুনিশ্চিত কৰিব বিচাৰে’।

তেওঁ সম্প্ৰতি ব্যৱহাৰ কৰি থকা নিৰ্মাণ সামগ্ৰীসমূহ বহণক্ষম আৰু পৰিৱেশ-অনুকূল হোৱাত গুৰুত্ব আৰোপ কৰে। ই যাতে ভৱিষ্যতৰ প্ৰজন্মক তেওঁলোকৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ বিচৰা পৰত বিপদত নেপেলাই সেই কথা নিশ্চিত কৰাৰো তেওঁ পোষকতা কৰে।

ৰাইজৰ মাজত ‘সেউজ ভৱন’ সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টিৰ পোষকতা কৰে উপ ৰাষ্ট্ৰপতিয়ে। এই প্ৰসংগত তেওঁ ‘নেট জিৰ’ কাৰ্বন বিল্ডিংছ’ শীৰ্ষক এক অভিযান চলোৱাৰ বাবে ‘ইণ্ডিয়া গ্ৰীণ বিল্ডিং কাউন্সিল’ক পৰামৰ্শও প্ৰদান কৰে। এই অভিযানত ‘বিল্ডিং এছোচিয়েশ্যন অব ইণ্ডিয়া’, ‘ক্ৰেডাই’ৰ দৰে সংস্থাসমূহকো সহযোগ কৰাৰ আহ্বান জনাই উপ ৰাষ্ট্ৰপতিয়ে।

‘স্মাৰ্ট চিটী মিছন’ আৰু ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ৰ দৰে কাৰ্যক্ৰমৰ কথা উল্লেখ কৰি উপ ৰাষ্ট্ৰপতিয়ে কয় যে, ‘এইবোৰ কাৰ্যক্ৰমৰ জৰিয়তে চৰকাৰে আমাৰ মহানগৰীসমূহক বাসোপযোগী কৰি তোলাৰ লগতে প্ৰগতি-কেন্দ্ৰ হিচাপে গঢ়ি তুলিব খুজিছে’।

ভাৰতে ৭.৬১ বিলিয়ন বৰ্গফুট পৰিমাণ এলেকাত সেউজ ভৱন নিৰ্মাণ কৰি পৃথিৱীৰ শীৰ্ষৰ ৫ খন দেশৰ মাজত নিজৰ নাম সন্নিৱিষ্ট কৰাত সাফল্য অৰ্জন কৰাৰ বাবে উপ ৰাষ্ট্ৰপতিয়ে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এক অধিক সেউজীয়া, অধিক স্বাস্থ্যৱন্ত ভাৰত গঢ়াৰ ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা সংশ্লিষ্ট সকলো পক্ষৰে শলাগ লয়।

‘গ্লোবেল গ্ৰীণ বিল্ডিং আন্দোলন’ক নেতৃত্ব দিয়াৰ বাবে ভাৰতে সামৰ্থ্য বহণ কৰাৰ কথা উল্লেখ কৰি শ্ৰী নাইডুয়ে কয় যে ইয়াৰ বাবে চৰকাৰ আৰু ব্যক্তিগত উভয় খণ্ডই মাৰ বান্ধি থিয় দিব লাগিব। তেওঁ চৰকাৰ সৈতে সহযোগিতাৰে কাম কৰাৰ বাবে চিআইআইৰ শলাগ লয়।

তেওঁ, ‘গাইডলাইন ফৰ ক’ম্বাটিং ক’ভিড-১৯ ইন গ্ৰীণ বিল্ডিংছ’ শীৰ্ষক বিধি-নিৰ্দেশনা যুগুতোৱাৰ বাবে ‘চিআইআই’-ক অভিনন্দন জনায়।

মহাত্মা গান্ধীৰ বাণীৰ উদ্ধৃতি দি উপ ৰাষ্ট্ৰপতিয়ে কয় যে, ভাৰতে ইয়াৰ গাঁৱত বাস কৰে আৰু ভাৰতে যদি প্ৰগতি কৰিব লাগে তেন্তে আমাৰ গাঁওসমূহ সমৃদ্ধিশালী হ’ব লাগিব আৰু তাকে সম্ভৱ কৰিবলৈ হ’লে চহৰাঞ্চলৰ দৰেই গাঁওসমহতো বুনিয়াদি সা-সুবিধাসমূহ উপলব্ধ হ’ব লাগিব। গাঁওসমূহ সেউজীয়া হোৱাৰ অৰ্থ হ’ব আমাৰ গাঁওসমূহ  স্বাস্থ্যবিধি, স্বাস্থ্য, অনাময়, শক্তি, পানী আৰু শিক্ষা সংসাধনৰে সমৃদ্ধ হৈ উঠা। তেওঁ দেশৰ ১১খন ৰাজ্যৰ ২৪খন গাঁৱত ‘সেউজ-কাৰ্ষক্ৰম’ ৰূপায়ণ কৰাৰ লগতে ইয়াক আৰু অধিক গাঁৱলৈ সম্প্ৰসাৰিত কৰাৰ প্ৰয়াস কৰা বাবে লোৱা ‘চিআইআই’-ৰ প্ৰয়াসত সন্তুষ্টি প্ৰকাশ কৰে।

এই অনুষ্ঠানতে উপ ৰাষ্ট্ৰপতিয়ে ৰেটিং ছীষ্টেমছ অন হেল্থকেয়াৰ, লজিষ্টিকছ এণ্ড নেট জিৰ ৱাটাৰ শীৰ্ষক এক কফি টেবল বুকও উন্মোচন কৰে। তেওঁ ১২৫ সংখ্যক বাৰ্ষিকীত চিআইআই-ক অভিনন্দন জ্ঞাপন কৰে।

চিআইআই-ৰ প্ৰাক্তন সভাপতি তথা চিআইআই-সোহৰাবজী গদৰেজ গ্ৰীণ বিজনেছ চেণ্টাৰৰ অধ্যক্ষ শ্ৰী জামছীদ এন গদৰেজ, চিআইআই-ইণ্ডিয়ান গ্ৰীণ বিল্ডিং কাউন্সিলৰ অধ্যক্ষ শ্ৰী ভি সুৰেশ, কনফেডাৰেশ্যন অব ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিজৰ সঞ্চালক প্ৰধান শ্ৰী চন্দ্ৰজিত বেনাৰ্জী, চিআইআই-ইণ্ডিয়ান গ্ৰীণ বিল্ডিং কাউন্সিলৰ উপাধ্যক্ষ শ্ৰী গুৰমিত সিং আৰোৰা, গ্ৰীণ বিল্ডিং-ৰ পেছাদাৰসকলৰ লগতে চিআইআই-ৰ বিষয়ববীয়া, অভিযন্তা, নিৰ্মাতা আৰু স্থপতিবিদকে ধৰি অন্যান্য পক্ষসমূহৰ প্ৰতিনিধিবৰ্গই এই ভাৰ্চুৱেল অনুষ্ঠানত অংশগ্ৰহণ কৰে।


 

****

VRRK/MS/DP/KB



(Release ID: 1668662) Visitor Counter : 130