গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

খাৰিফ বিপণন ঋতু ২০২০-২১ৰ সময়ত ন্যূনতম সমৰ্থন মূল্য (এমএছপি)ৰ ৰূপায়ণ

Posted On: 28 OCT 2020 5:20PM by PIB Guwahati

খাৰিফ বিপণন ঋতু (কেএমএছ) ২০২০-২১ৰ সময়ত চৰকাৰৰ দ্বাৰা নিজৰ বৰ্তমানৰ এমএছপি যোজনা অনুসৰিয়েই কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত খাৰিফ শস্যৰ ক্ৰয় প্ৰক্ৰিয়া অব্যাহত আছে, যিদৰে যোৱাটো ঋতুত হৈছিল।

 

খাৰিফ ২০২০-২১ৰ বাবে ধানৰ ক্ৰয় পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, তামিলনাডু, উত্তৰাখণ্ড, চণ্ডীগড়, জম্মু আৰু কাশ্মীৰ, কেৰালা আৰু গুজৰাটত সুচাৰুৰূপে চলি আছে। ২৭ অক্টোবৰ, ২০২০ পৰ্যন্ত এই ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহৰ কৃষকৰ পৰা ১৭০.৫৩ লাখ মেট্ৰিক টনতকৈ অধিক ধান ক্ৰয় কৰা হৈছে, ইয়াৰ বিপৰীতে যোৱা বছৰৰ সমান অবধিৰ তুলনাত ১৩৪.৮৫ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছিল। চলিত বছৰত বৰ্তমানলৈকে হোৱা ধানৰ ক্ৰয়ত যোৱা বছৰতকৈ ২৬.৪৬%ৰ বৃদ্ধি নথিভুক্ত কৰা হৈছে। ১৭০.৫৩ লাখ মেট্ৰিক টন ধানৰ মুঠ ক্ৰয়ত অকল পঞ্জাৱৰ অংশ হৈছে ১১৪.৯৭ লাখ মেট্ৰিক টন, যি মুঠ ক্ৰয়ৰ ৬৭.৪২%।

 

প্ৰায় ১৪.৩৭ লাখ কৃষকক চৰকাৰৰ বৰ্তমান এমএছপি যোজনাৰ মুনাফা প্ৰদান কৰি বৰ্তমান খাৰিফ বিপণন ঋতুত ন্যূনতম সমৰ্থন মূল্য অনুসৰি ৩২১৯৫.৬৯ কোটি টকা আদায় কৰা হৈছে।

 

ইয়াৰ উপৰিও, ৰাজ্যসমূহৰ পৰা পোৱা প্ৰস্তাৱৰ আধাৰত তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগানা, গুজৰাট, হাৰিয়ানা, উত্তৰ প্ৰদেশ, উৰিষ্যা, ৰাজস্থান আৰু অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ পৰা খাৰিফ বিপণন ঋতু ২০২০ৰ বাবে ৪৫.১০ লাখ মেট্ৰিক টন মাহ আৰু তেল জাতীয় শস্যৰ ক্ৰয়কো মঞ্জুৰী প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু কেৰালা ৰাজ্যৰ পৰা ১.২৩ লাখ মেট্ৰিক টন কোপ্ৰা (বাৰমহীয়া শস্য)ৰ ক্ৰয়ৰ বাবেও স্বীকৃতি প্ৰদান কৰা হৈছে। যদি অধিসূচিত ফচল অবধিৰ সময়ত সম্বন্ধিত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিতপ্ৰদেশসমূহত বজাৰৰ দৰ এমএছপিতকৈ তললৈ যায়, তেতিয়া ৰাজ্যসমূহৰ নোডেল এজেঞ্চিৰ মাধ্যমত কেন্দ্ৰীয় নোডেল এজেঞ্চিৰ দ্বাৰা এই ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহক মূল্য সমৰ্থন যোজনা (পিএছএছ)ৰ অন্তৰ্গত মাহ, তেল জাতীয় শস্য আৰু কোপ্ৰা ফচলৰ ক্ৰয়ৰ প্ৰস্তাৱৰ প্ৰাপ্তিৰ ওপৰতো মঞ্জুৰী দিয়া হ'ব, যাতে পঞ্জীকৃত কৃষকৰ পৰা ২০২০-২১ বৰ্ষৰ বাবে অধিসূচিত কৰা ন্যূনতম সমৰ্থন মূল্যত পোনপটীয়াকৈ এই ফচলসমূহৰ এফএকিউ গ্ৰেড ক্ৰয় কৰিব পৰা যায়।

 

২৭ অক্টোবৰ, ২০২০ পৰ্যন্ত চৰকাৰে নিজৰ নোডেল এজেঞ্চিসমূহৰ মাধ্যমত ২৩০৬.৪১ মেট্ৰিক টন মগু আৰু উৰদৰ ক্ৰয় এমএছপি মূল্যত কৰা হৈছে। এনেদৰে তামিলনাডু, মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ ১৬৯৭জন কৃষকৰ ১৪ কোটি ১৩ লাখ টকা উপাৰ্জন হয়। এনেদৰে ৫,০৮৯ মেট্ৰিক টন কোপ্ৰা (বাৰমহীয়া শস্য)ৰ ক্ৰয় কৰ্ণাটক আৰু তামিলনাডু ৰাজ্যৰ পৰা কৰা হয়। এই সময়ছোৱাত ৩,৯৬১জন কৃষকক লাভবান কৰি ন্যূনতম সমৰ্থন মূল্যত ৫২ কোটি ৪০ লাখ টকা পৰিশোধ কৰা হয়। কোপ্ৰা আৰু উৰদৰ ফচলৰ বাবে অধিকাংশ প্ৰধান উপাদক ৰাজ্যত এমএছপিত বা তাতকৈ ওপৰৰ দামত পৰিশোধ কৰা হৈ আছে। ইয়াৰ জৰিয়তে সম্বন্ধিত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ চৰকাৰসমূহে খাৰিফ মাহ তথা তেল জাতীয় শস্যৰ ক্ষেত্ৰত প্ৰাপ্তিৰ আধাৰত সংশ্লিষ্ট ৰাজ্যৰ দ্বাৰা নিৰ্দ্ধাৰিত তাৰিখৰ পৰা ক্ৰয় আৰম্ভ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা কৰি আছে। পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আৰু মধ্যপ্ৰদেশত কপাহৰ ক্ৰয়ৰ কাম ন্যূনতম সমৰ্থন মূল্যৰ জৰিয়তে সুচাৰুৰূপে চলি আছে। ২৭ অক্টোবৰ, ২০২০ পৰ্যন্ত ৮৪১৩৮জন কৃষকৰ পৰা ১২৯৯৫১ লাখ টকাৰ এমএছপি মূল্যত কপাহৰ ৪৪২২৬৬টা গাঁথ ক্ৰয় কৰা হৈছে।

 

*******

APS



(Release ID: 1668296) Visitor Counter : 94