জল শক্তি মন্ত্ৰালয়

আন্দামান-নিকোবাৰ দ্বীপপুঞ্জত ৰাষ্ট্ৰীয় জল জীৱন অভিযান প্ৰণয়নৰ মধ্যকালীন বাৰ্ষিক পুনৰীক্ষণ; ১০০ দিনৰ ভিতৰত সকলো বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ নলযুক্ত খোৱা পানীৰ যোগানৰ আশ্বাস

Posted On: 26 OCT 2020 2:53PM by PIB Guwahati

আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ প্ৰশাসনে ভিডিঅ’ কনফাৰেন্সযোগে অঞ্চলটোত ৰাষ্ট্ৰীয় জল জীৱন আঁচনি প্ৰণয়নৰ বিকাশৰ পৰ্যায়সমূহৰ প্ৰতিবেদন প্ৰস্তুত কৰিছে৷ ‘জল জীৱন অভিযান’ৰ জৰিয়তে ভাৰত চৰকাৰে দেশৰ প্ৰতিখন গাঁৱলৈ নলযুক্ত খোৱা পানী যোগানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ ইয়াৰ জৰিয়তে ‘ইজ অব্ লিভিঙ’ৰ উদ্দেশ্য সাধন কৰিবলৈ বিচৰা হৈছে৷

কেন্দ্ৰীয়শাসিত প্ৰদেশখনৰ ৪০০খন গাঁৱৰ ৬৫,০৯৬খন গ্ৰামীণ ঘৰলৈ ৩৩,৮৮৯ টা পানী টেপৰ সংযোগ প্ৰদান কৰা হৈছে৷ বাকী থকা ঘৰসমূহলৈ ২০২১ চনৰ ভিতৰত সংযোগ প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ কেন্দ্ৰীয়শাসিত প্ৰদেশখনক অনুসূচীত জাতি/অনুসূচীত জনজাতি এলেকাসমূহলৈ অগ্ৰাধিকাৰভিত্তিত এই অভিযান প্ৰণয়নৰ বাবে পৰামৰ্শ প্ৰদান কৰা হৈছে৷

এই আঁচনি প্ৰণয়নৰ ক্ষেত্ৰত গাঁও পঞ্চায়তে ইয়াৰ উপ-সমিতি যেনে ভিডব্লিউএছচিৰ জৰিয়তে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ তাৰোপৰি কেন্দ্ৰীয়শাসিত প্ৰদেশখনক গাঁও পঞ্চায়ত লগতে অন্যান্য ষ্টেকহ’ল্ডাৰসমূহকো দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ বাবে গুৰুত্ব প্ৰদান কৰিবলৈ কোৱা হৈছে৷

উল্লেখ্য, জলশক্তি মন্ত্ৰালয়ে দেশৰ সকলো বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰত খোৱা পানী যোগানৰ সুবিধা নিশ্চিত কৰিবলৈ ১০০ দিনীয়া কাৰ্যসূচীৰ এক অভিযানৰ সূচনা কৰিছে৷ কেন্দ্ৰীয়শাসিত প্ৰদেশখনক এই নিৰ্ধাৰিত সময়ৰ ভিতৰত উক্ত অনুষ্ঠানসমূহলৈ খোৱা পানীৰ যোগানৰ বাবে নিশ্চিতি প্ৰদান কৰিবলৈ কোৱা হৈছে৷

 

*****

APS/MG/AS/MANN



(Release ID: 1667717) Visitor Counter : 94