প্ৰতিৰক্ষা মন্ত্ৰালয়

প্ৰতিৰক্ষা মন্ত্ৰীয়ে পূব চিকিমত ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিলে বিআৰঅ’ পথ- যিয়ে প্ৰতিৰক্ষা প্ৰস্তুতি আৰু আৰ্থ-সামাজিক উন্নয়নক প্ৰোৎসাহিত কৰিব

Posted On: 25 OCT 2020 3:22PM by PIB Guwahati

ৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে চিকিমত ৩১০নং ৰাষ্ট্ৰীয় ঘাইপথৰ ০.০০ কিঃমিঃ ৰপৰা ১৯.৩৫০ কিঃমিঃ লৈ ১৯.৮৫ কিঃমিঃ দৈৰ্ঘ্যৰ অল্টাৰনেট এলাইনমেন্ট ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিলে। তললৈ বহি যোৱা আৰু আন প্ৰাকৃতিক দুৰ্যোগৰ বাবে পূৰ্বৰ এলাইনমেন্টৰ বিস্তৃত ক্ষতিসাধনৰ পৰিপ্ৰেক্ষিতত, এই পথটোৱে বিশেষকৈ নাথুলা চেক্টৰ আৰু সামগ্ৰিকভাৱে সমগ্ৰ পূব চিকিমত প্ৰতিৰক্ষা প্ৰস্তুতিত গুৰুত্বপূৰ্ণ সংযোগৰ ভূমিকা পালন কৰিব। এই উপলক্ষে সমাৱেশ সম্বোধন কৰি ৰক্ষামন্ত্ৰীয়ে অভিলেখ সংখ্যক সময় আৰু সীমিত ব্যয় সাপেক্ষে এনে মানসম্পন্ন আন্তঃগাঁথনি নিৰ্মাণৰ বাবে অটল অংগীকাৰৰ অৰ্থে ব’ৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন (BRO)ক অভিনন্দন জনায়।

ৰক্ষামন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰত্যন্ত এলেকাসমূহত আন্তঃগাঁথনি উন্নয়নৰ অগ্ৰগতি সাধনাৰ্থে চৰকাৰৰ প্ৰচেষ্টাই প্ৰতিৰক্ষা প্ৰস্তুতিকে সমৃদ্ধ কৰাই নহয় বৰঞ্চ উক্ত অঞ্চলৰ আৰ্থ-সামজিক উন্নয়নৰ গতিক ত্বৰান্বিত কৰি তুলিছে। প্ৰধানমন্ত্ৰীৰ এক্ট নৰ্থ ইষ্ট পলিচীৰ সৈতে সামঞ্জস্য ৰাখি আন্তঃগাঁথনি উন্নয়নক গতি প্ৰদান কৰিবলৈ কেন্দ্ৰৰ সংকল্পৰ কথা উল্লেখ কৰি, মন্ত্ৰীজনে উক্ত অল্টাৰনেট এলাইনমেন্টৰ ক্ষীপ্ৰ নিৰ্মাণ সম্পৰ্কে সদৰী কৰে। ২০০৯তেই ইয়াৰ আৰম্ভ কৰাৰ পাছত যোৱা দুটা বছৰতহে ই গতি লাভ কৰিবলৈ সক্ষম হয়। চিকিমৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰেম সিং টামাঙে এই নতুন এলাইনমেন্টৰ ধনাত্মক প্ৰভাৱ সম্পৰ্কে ব্যক্ত কৰি কয় যে ই ৰাজ্যখনৰ আৰ্থ-সামজিক উন্নয়নৰ সমান্তৰালভাৱে পৰ্যটনক গতি প্ৰদান কৰিব। ৰাজ্যখনৰ অৰ্থনীতিত পৰ্যটনে মূল চালিকাশক্তিৰ ভূমিকা পালন কৰাৰ কথা উল্লেখ কৰি, মুখ্যমন্ত্ৰীজনে এই কাৰ্যৰ বাবে বিআৰঅ’ আৰু কেন্দ্ৰীয় চৰকাৰখনৰ প্ৰচেষ্টাৰ শলাগ লয়।

বিআৰঅ’য়ে যোৱা কেইবা বছৰ ধৰি সা-সামগ্ৰী, যন্ত্ৰাংশ আৰু নিৰ্মাণৰ কৌশলত প্ৰযুক্তিৰ সমাৱেশেৰে ইয়াৰ সামৰ্থ্য লক্ষ্যণীয়ভাৱে বৃদ্ধি কৰি তুলিছে। কৌশলগত আৰু অভিযানমূলক প্ৰস্তুতিৰ অৰ্থে বিআৰঅ’ৰ উচ্চ মানবিশিষ্ট, ক্ষীপ্ৰ কাৰ্যপন্থাৰ উদাহৰণসমূহৰ অন্যতম হৈছে অটল সুৰংগ, ডিএছ-ডিবিঅ’ ৰোড আৰু ৩১০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই নতুন এলাইনমেন্ট। ৰক্ষামন্ত্ৰীয়ে তদুপৰি আগন্তুক দিনসমূহত এখনি আত্মনিৰ্ভৰ ভাৰতৰ অৰ্থে বিআৰঅ’য়ে বৰঙণি যোগাব পাৰিব বুলি আশা ব্যক্ত কৰে।

 

*******

ABB/Nampi/Rajib/SB



(Release ID: 1667531) Visitor Counter : 81