বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
নতুন দিল্লীৰ ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ ফেল’ হিচাপে নিৰ্বাচিত হৈছে চিএছআইআৰ-চিডিআৰআইৰ বিজ্ঞানী ডঃ ছমন হাবিব
ভাৰতৰ তিনিওখন শীৰ্ষস্থানীয় বিজ্ঞান একাডেমীৰ পৰা ফেল’শ্বিপ লাভ কৰিছে ডঃ হাবিবে
Posted On:
22 OCT 2020 5:11PM by PIB Guwahati
চিএছআইআৰ-চিডিআৰআই, লখনৌৰ মলিকুলাৰ বায়োল’জী ডিভিজনৰ মুখ্য বিজ্ঞানী আৰু অধ্যাপিকা (এচিএছআইআৰ)ডঃ ছমন হাবিবে মেলেৰিয়া পৰজীৱিৰ ওপৰত গৱেষণা কৰি লাভ কৰা সফলতাই পুনৰবাৰ প্ৰতিষ্ঠানটোলৈ সুখ্যাতি কঢ়িয়াই আনিছে। নতুন দিল্লীৰ ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ ফেল’ হিচাপে নিৰ্বাচিত হৈছে চিএছআইআৰ-চিডিআৰআইৰ বিজ্ঞানী ডঃ ছমন হাবিব।
ডঃ হাবিবে ইয়াৰ পূৰ্বে আন কেইবাটাও গুৰুত্বপূৰ্ণ সন্মান আৰু বঁটাৰে সন্মানিত হৈছে। তেওঁ ২০১৬ চনত বাংগালুৰুৰ ইণ্ডিয়ান একাডেমী অৱ ছায়েন্সেছৰ ফেল’, ২০১৫ত এলাহাবাদৰ দ্য নেশ্যনেল একাডেমী অৱ ছায়েন্সেছ ইণ্ডিয়াৰ ফেল’, ২০১২ চনত ভাৰত চৰকাৰৰ বায়োটেকন’লজী বিভাগৰ ৰাষ্ট্ৰীয় মহিলা জীৱ-বিজ্ঞানী বঁটা, ২০০৮ চনত নেশ্যনেল একাডেমী অৱ ছায়েন্সেছ, ইণ্ডিয়াৰ অধ্যাপক বি.কে. বচ্চাৱট স্মাৰক বক্তৃতা বঁটা আৰু ২০০১ চনত চিএছআইআৰ যুৱ বিজ্ঞানীৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
ভাৰতত বিজ্ঞানৰ প্ৰচাৰ আৰু মানৱতা আৰু ৰাষ্ট্ৰীয় কল্যাণৰ বাবে বৈজ্ঞানিক জ্ঞান ব্যৱহাৰ কৰাৰ উদ্দেশ্যৰে ১৯৩৫ চনৰ জানুৱাৰী মাহত ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী স্থাপন কৰা হৈছিল।
******
NB/KGS/(CDRI release)/KG
(Release ID: 1666923)
Visitor Counter : 134