স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতৰ ৰাষ্ট্ৰীয় কৃমিনাশক দিৱসত প্ৰমাণভিত্তিক প্ৰভাৱ

কৃমিৰ প্ৰভাৱ হ্ৰাস পোৱাৰ কথা উল্লেখ ১৪ খন ৰাজ্যৰ প্ৰতিবেদনত; ৯ খন ৰাজ্যৰ প্ৰতিবেদনত আংশিকভাৱে হ্ৰাস পোৱাৰ কথা উল্লেখ

ভাৰতৰ ৰাষ্ট্ৰীয় কৃমিনাশক দিৱসত প্ৰমাণভিত্তিক প্ৰভাৱ

Posted On: 20 OCT 2020 12:36PM by PIB Guwahati

মাটিৰ পৰা সংক্ৰমিত হেলমিনথিয়াসিস (এছটিএইচ), যি অন্ত্ৰৰ পৰজীৱী কৃমি সংক্ৰমণ হিচাপে পৰিচিত। ই জনস্বাস্থ্যৰ বাবে খুবেই উদ্বেগৰ কাৰণ। এইবোৰে শিশুসকলৰ শাৰীৰিক বৃদ্ধি আৰু সুস্বাস্থ্যৰ ওপৰত যথেষ্ট ক্ষতিকাৰক প্ৰভাৱ বিস্তাৰ কৰে। আনকি ৰক্তহীনতা আৰু পুষ্টিহীনতাৰ দৰে সমস্যাৰো কাৰণ হ’ব পাৰে এইবোৰ দিশ।

 

বিশ্ব স্বাস্থ্য সংস্থাই বস্তি অঞ্চলত আৰু কিশোৰ বয়সৰ শৰীৰৰ পৰা কৃমি সংক্ৰমণ দূৰ কৰিবলৈ আৰু তেওঁলোকৰ দেহত উন্নত পুষ্টিসাধন, স্বাস্থ্যকৰ জীৱন প্ৰদানৰ বাবে নিৰলসভাৱে কৃমি নাশকৰ পৰামৰ্শ প্ৰদান কৰি আহিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় কৃমি নাশক দিৱসটো ২০১৫ চনৰ পৰা উদযাপন কৰি আহিছে। বিদ্যালয় আৰু অংগনৱাড়ী কৰ্মীসকলৰ মাধ্যমেৰে এই দিনটো বিশেষভাৱে উদযাপিত হয়। এই উপলক্ষে একাধিক কাৰ্যসূচীও গ্ৰহণ কৰা হয়। 

 

বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা অনুমোদিত এলবেনডেজল টেবলেটবোৰ শিশু আৰু কিশোৰ-কিশোৰীসকলৰ কৃমি নাশকৰ বাবে প্ৰদান কৰা হয়। মাছ ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন (এমডিএ)ৰ অংশ হিচাপে বিশ্বব্যাপী এই কাৰ্যসূচী পালন কৰা হয়। এই বছৰৰ আৰম্ভণিতে কৃমিনাশক কাৰ্যসূচীৰ অধীনত ২৫খন ৰাজ্য/কেন্দ্ৰশাসিত অঞ্চলত ১১ কোটি শিশু আৰু কিশোৰ-কিশোৰীসকলক এলবেনডেজল টেবলেট দিয়া হৈছিল। কিন্তু ক’ভিড মহামাৰীৰ কাৰণে এতিয়া এই কাৰ্যসূচী বন্ধ ৰখা হৈছে।


২০১২ চনত মাটিৰ পৰা সংক্ৰমিত হোৱা হেলমিনথিয়াছিছ সম্পৰ্কে প্ৰকাশিত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি ভাৰতত ১-১৪ বছৰ বয়সীয়া ৬৪ শতাংশ শিশুৰেই এছটিএইচ সংক্ৰমণৰ প্ৰৱণতা আছিল। সঠিকভাৱে শৌচ কৰা আৰু স্বাস্থ্যকৰ ব্যৱস্থাপনাৰ সীমাবদ্ধতাৰ বাবে এছটিএইচৰ দিশবোৰ অনুমান কৰিব পৰা যায়। ভাৰতত এছটিএইচৰ কাৰণ সঠিকভাৱে নিৰ্ধাৰণৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দেশজুৰি এক এছটিএইচ মেপিংৰ কাম আৰম্ভ কৰিছে। এই কাম পৰিচালনাৰ বাবে ন’ডেল এজেন্সী হিচাপে ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ (এনচিডিচি)ক দায়িত্ব দিয়া হয়। ২০১৬ চনত এনচিডিচিয়ে এই এছটিএইচ মেপিংৰ কাম সম্পন্ন কৰে। তেওঁলোকৰ তথ্যৰ পৰা দেখা গৈছে যে মধ্যপ্ৰদেশত ১২.৫ শতাংশৰ পৰা আৰম্ভ কৰি তামিলনাডুত ৮৫ শতাংশ পৰ্যন্ত এই এছটিএইচৰ প্ৰভাৱ বিস্তৃত হৈ আছে।


এই সমস্যাৰ সৈতে মোকাবিলাৰ ক্ষেত্ৰত স্বাস্থ্য মন্ত্ৰালয়ে ধাৰাবাহিক প্ৰয়াস চলাই যোৱা হৈছে। সম্প্ৰতি এনচিডিচি আৰু এই কাৰ্যসূচীৰ সৈতে জড়িত বিভিন্ন সংস্থাৰ সহায়ত এক পৰৱৰ্তী সমীক্ষা আৰম্ভ কৰা হৈছে। এই পৰ্যন্ত ১৪ খন ৰাজ্যত এই সমীক্ষাৰ কাম সম্পন্ন হৈছে। মন্ত্ৰালয়ে নিযুক্তি দিয়া উচ্চ পৰ্যায়ৰ বৈজ্ঞানিক কমিটিয়ে এই কাম পৰিচালনা কৰাৰ ক্ষেত্ৰত সহায় কৰিছে। এই সমীক্ষাৰ পৰা দেখা গৈছে যে ছট্টিশগড়, হিমাচলপ্ৰদেশ, মেঘালয়, ছিকিম, তেলেঙ্গানা, ত্ৰিপুৰা, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু বিহাৰত এছটিএইচ কৃমিৰ প্ৰকোপ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। তথাপি এইক্ষেত্ৰত আৰু বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰিছে এনচিডিচিয়ে।


স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় কৃমি দিৱসৰ মূল উদ্দেশ্য বাস্তৱায়িত কৰাৰ বাবে মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়, শিক্ষা মন্ত্ৰালয় আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সাহায্য গ্ৰহণ কৰিছে। স্বাস্থ্য মন্ত্ৰালয়ে ক’ভিড-১৯ মহামাৰীৰ মোকাবিলাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থাপনা গ্ৰহণত আৰু স্বাস্থ্য সেৱা প্ৰদানত প্ৰতিশ্ৰুতিবদ্ধ। বিদ্যালয় আৰু অঙ্গনৱাড়ী কেন্দ্ৰ বন্ধ থকাৰ বাবে আগশাৰীৰ স্বাস্থ্যকৰ্মীসকল ঘৰে ঘৰে গৈ শিশু আৰু কিশোৰ-কিশোৰীসকলক এলবেনডেজল টেবলেট প্ৰদান কৰাৰ বিষয়ে প্ৰশিক্ষণ দিয়া হৈছে। তাৰ লগতে ক’ভিড-১৯ সুৰক্ষা বিধি মানি গ্ৰামীণ স্বাস্থ্য ব্যৱস্থাপনা আৰু পৰিপুষ্টি দিৱস সম্পৰ্কে আগষ্ট মাহৰ পৰা অক্টোবৰ মাহলৈ প্ৰচাৰো চলোৱা হৈছে। মহামাৰী সম্পৰ্কীয় সংক্ৰমণৰ প্ৰৱণতা হ্ৰাস কৰিবলৈ আৰু দেশত কৃমিনাশক কাৰ্যসূচী সম্পৰ্কে ধাৰাবাহিক প্ৰচাৰ চলাবলৈ এই উদ্যোগ গ্ৰহণ কৰা হৈছে।

 

*****


MV/SJ/RD



(Release ID: 1666319) Visitor Counter : 237