শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

কৃষি আৰু গ্ৰামীণ শ্ৰমিকৰ বাবে ‘সৰ্ব ভাৰতীয় উপভোক্তা মূল্য সূচকাংক-ছেপ্টেম্বৰ, ২০২০’

পোষ্ট কৰা হৈছে: 20 OCT 2020 4:00PM by PIB Guwahati

ছেপ্টেম্বৰ, ২০২০ত কৃষি আৰু গ্ৰামীণ শ্ৰমিকৰ বাবে সৰ্ব ভাৰতীয় উপভোক্তা মূল্য সূচকাংক(ভিত্তি-১৯৮৬-৮৭=১০০) ক্ৰমে ১১ আৰু ১০ অংকৰে বৃদ্ধি পাই ১০৩৭(এহাজাৰ সাতত্ৰিশ) আৰু ১০৪৭(এহাজাৰ তিৰাল্লিশত) স্থিতি গ্ৰহণ কৰে। কৃষি শ্ৰমিক আৰু গ্ৰামীণ শ্ৰমিকৰ সাধাৰণ সূচকাংক বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰোতাসমূহৰ ভিতৰত খাদ্য দ্ৰব্যৰ পৰা যথা ক্ৰমে (+)৯.২০ আৰু (+)৮.৯৫ অংক বৃদ্ধি হোৱাৰ মূলতে হৈছে ৰহৰ দাইল, মচুৰ দাইল, বাদাম তেল, সৰিয়হৰ তেল, শাক-পাচলি আৰু ফল-মূল আদিৰ ক্ষেত্ৰত হোৱা দাম বৃদ্ধি।

সূচকাংকৰ ক্ষেত্ৰত হোৱা বৃদ্ধিৰ পৰিমাণ ৰাজ্যভেদে বেলেগ বেলেগ হয়। কৃষি শ্ৰমিকৰ ক্ষেত্ৰত ২০খন ৰাজ্যত এই বৃদ্ধি পৰিমাণ ১ৰ পৰা ২৩ অংকৰ বুলি তথ্য লাভ কৰা হৈছে। তামিল নাডুৱে ১২৩৪ অংকৰে সূচকাংক তালিকাৰ শীৰ্ষত স্থান লাভ কৰাৰ বিপৰীতে ৮১৬ অংকৰে তালিকাৰ অন্তিম স্থানত স্থান লাভ কৰিছে হিমাচল প্ৰদেশে।

সেইদৰে, গ্ৰামীণ শ্ৰমিকৰ ক্ষেত্ৰত ২০খন ৰাজ্যত এই বৃদ্ধি পৰিমাণ ২ৰ পৰা ২০ অংকৰ বুলি তথ্য লাভ কৰা হৈছে। তামিল নাডুৱে ১২১৪ অংকৰে সূচকাংক তালিকাৰ শীৰ্ষত স্থান লাভ কৰাৰ বিপৰীতে ৮৬৩ অংকৰে তালিকাৰ অন্তিম স্থানত স্থান লাভ কৰিছে হিমাচল প্ৰদেশে।

কৃষি শ্ৰমিকউপভোক্তা মূল্য সূচকাংকৰ ক্ষেত্ৰত সৰ্বাধিক বৃদ্ধি হোৱা ৰাজ্যসমূহৰ ভিতৰত হিমাচল প্ৰদেশ(+২৩ অংক) আৰু গ্ৰামীণ শ্ৰমিকৰ ক্ষেত্ৰত জম্মু আৰু কাশ্মীৰ (+২০অংক)ৰ মূল কাৰণ হৈছে ঘেহু আৰু আটা, মাহ, সৰিয়হৰ তেল, গাখীৰ, পিয়াজ, শুকান জলকীয়া, নহৰু, আদা, নাপিতৰ মজুৰী, বাছ ভাড়া, শাক-পাচলি আৰু ফল-মূল আদিৰ মূল্য বৃদ্ধি।

কৃষি শ্ৰমিক আৰু গ্ৰামীণ শ্ৰমিকউপভোক্ত মূল্য সূচকাংকৰ ভিত্তিত ছেপ্টম্বৰ মাহত মদ্ৰাস্ফীতিৰ হাৰ আগষ্ট ২০২০ৰ তুলনাত ক্ৰমে ৬.২৫% আৰু ৬.২৮% হাৰে অৱনমিত হয়। ইফালে, কৃষি শ্ৰমিক আৰু গ্ৰামীণ শ্ৰমিকৰ খাদ্য সূচকাংকৰ ভিত্তিত ছেপ্টেম্বৰ ২০২০ত মুদ্ৰাস্ফীতি ক্ৰমে (+)৭.৬৫শতাংশ আৰু (+)৭.৬১শতাংশ বুলি ঠাৱৰ কৰা হয়।

 

সৰ্ব-ভাৰতীয় উপভোক্তা মূল্য সূচকাংক(সাধাৰণ আৰু গোট ভিত্তিত)

গোট

কৃষি শ্ৰমিক

গ্ৰামীণ শ্ৰমিক

 

আগষ্ট,2020

ছেপ্টে,2020

আগষ্ট,2020

ছেপ্টে,2020

সাধাৰণ সূচক

1026

1037

1033

1043

খাদ্য

986

999

991

1004

পাণ, চুপাৰী ইত্যাদি

1688

1694

1700

1706

ইন্ধন আৰু লাইট

1087

1090

1082

1085

কাপোৰ-কানি, বিচনা-পত্ৰ আৰু জোতা-চেন্দেল

1009

1012

1033

1033

অন্যান্য

1035

1043

1040

1047

 

 

শেহতীয়া সূচক সন্দৰ্ভত মন্তব্য কৰি ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সন্তোষ গংগোৱাৰে কয়, বিগত আঠোটা মাহে মুদ্ৰাস্ফীতিক সফলতাৰে সহনীয় কৰি ৰাখিব পৰাৰ বাবে বহু লক্ষ গ্ৰামীণ শ্ৰমিকে তেওঁলোকৰ দৈনন্দিন জীৱনৰ খা-খৰছৰ ক্ষেত্ৰত কম চাপ অনুভৱ কৰিব আৰু ইয়ে নিশ্চিত ভাবে তেওঁলোকৰ আয় বৃদ্ধিত সহযোগিতা আগবঢ়াব

শ্ৰম ব্যুৰোৰ সঞ্চালক প্ৰধান শ্ৰী ডিপিএছ নেগীয়ে সূচাকংক মুকলি কৰি কয়, ভি়ড-১৯য়ে সৃষ্টি কৰা সংকটময় পৰিস্থিতিৰ মাজতে মূল্য সূচকাংকৰ বাবে প্ৰয়োজনীয় তথ্যৰ সংগ্ৰহ, সংকলন আৰু ফলাফলৰ বিস্তাৰণ কৰাৰ ক্ষেত্ৰত বিষয়াসকলে গ্ৰহণ কৰা প্ৰয়াস বাস্তৱিকতেই প্ৰশংসা যোগ্য

উল্লেখ্য, অক্টোবৰ ২০২০ৰ কৃষি আৰু গ্ৰামীণ শ্ৰমিক সম্পৰ্কীয় উপভোক্তা মূল্য সূচকাংক অহা ২০ নৱেম্বৰ ২০২০ প্ৰকাশ কৰা হব।

 

*****

NB/RCJ/RNM/IA/KB

 


(ৰিলিজ আই ডি : 1666285) অতিথি কক্ষ : 250
ত এই ৰিলিজটো পঢ়ক: Tamil , English , Urdu , हिन्दी , Manipuri , Punjabi , Telugu