স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        সমাগত উত্সৱৰ দীঘলীয়া সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ জন আন্দোলনৰ ৰূপায়ণ সন্দৰ্ভত গুজৰাটৰ উপ মুখ্য মন্ত্ৰী শ্ৰী নীতীনভাই পেটেলৰ সৈতে ড০ হৰ্ষ বৰ্দ্ধনৰ আলোচনা
                    
                    
                        
                    
                
                
                    Posted On:
                19 OCT 2020 6:10PM by PIB Guwahati
                
                
                
                
                
                
                কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনে আজি গুজৰাটৰ উপ মুখ্য মন্ত্ৰী শ্ৰী নীতীনভাই পেটেলৰ সৈতে এক আলোচনাত মিলিত হয়। আজিৰ আলোচনাত গুজৰাটৰ সকলো জিলাৰ জিলাধিপতিসকলৰ লগতে কেন্দ্ৰ আৰু ৰাজ্যচৰকাৰৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়াসকলেও অংশ গ্ৰহণ কৰে। 
সভাত ড০ হৰ্ষ বৰ্দ্ধনে সকলোকে সঁকীয়াই দি কয়, ‘মহামাৰীয়ে আক্ৰান্ত কৰা দেশখনে ইতিমধ্যে দশমটো মাহত প্ৰৱেশ কৰিছে। দেশত এই মুহূৰ্তত প্ৰায় ৭,৭২,০০০ গৰাকী সক্ৰিয়ভাবে আক্ৰন্ত ৰোগী আছে, আৰু যোৱা প্ৰায় এটা মাহে দেশত আক্ৰান্তৰ সংখ্যা ১০ লাখৰ তলত অব্যাহত থকাটো পৰিলক্ষিত হৈছে। শেতহীয়া ২৪ ঘণ্টাত ৫৫,৭২২গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰাৰ বিপৰীতে দেশৰ বিভিন্ন হাস্পটালসমূহৰ পৰা ৬৬,৩৯৯গৰাকী লোকক ঘৰলৈ ওভতাৰ অনুমতি প্ৰদান কৰা হৈছে। ইফালে দেশত ৰোগীৰ সংখ্যা দুগুণ হোৱাৰ অন্তৰাল ৮৬.৩দিনলৈ বৃদ্ধি পাইছে আৰু অচিৰেই দেশত সম্পন্ন হোৱা নমুনা পৰীক্ষণৰ সংখ্যাই ১০ কোটিৰ ঘৰ অতিক্ৰম কৰিব’। 
ইফালে, গুজৰাটত ক’ভিড-১৯ৰ প্ৰবন্ধন সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ মন্ত্ৰীগৰাকীয়ে কয় যে ‘সৌ সিদিনালৈকে দেশৰ অন্যতম সৰ্বাধিক ক’ভিড-১৯ প্ৰভাৱিত ৰাজ্যৰ তালিকাত নাম সন্নিৱিষ্ট হোৱা গুজৰাটে শেহতীয়া ভাবে মহামাৰীবিধৰ প্ৰবন্ধনত লক্ষণীয় ফল্যৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষণ হৈছে।  আজিৰ তাৰিখত দেশৰ সামগ্ৰিক আৰোগ্যৰ হাৰ ৮৮.২৬%ৰ বিপৰীতে গুজৰাটৰ আৰোগ্যৰ হাৰ হৈছে ৯০.৫৭%। প্ৰতি নিযুত ব্যক্তিৰ বিপৰীতে দেশৰ নমুনা পৰীক্ষণৰ গড় হাৰ ৬৮,৯০১গৰাকীৰ বিপৰীতে গুজৰাটে ৭৭,৭৮৫গৰাকী হাৰত নমুনা পৰীক্ষণ সম্ভৱ কৰি তোলাৰ বাবে মন্ত্ৰী ড০ বৰ্দ্ধনে গুজৰাট চৰকাৰক অভিনন্দন জ্ঞাপন কৰে। এই মুহূৰ্তত গুজৰাটত থকা ১৪,৪১৪গৰাকী সক্ৰিয় ৰোগীৰ ৯৯.৪%ৰ স্থিতিয়ে সুস্থিৰে থকাটোও লক্ষ্যণীয় কথা বুলি দোহাৰা মন্ত্ৰীগৰাকীয়ে মাত্ৰ ০.৬% অৰ্থাত্ মাত্ৰ ৮৬ গৰাকী লোকহে এই মুহূৰ্তত ভেণ্টিলেটৰত থাকিবলগীয়া হৈছে বুলি তথ্য দাঙি ধৰে। 
ক’ভিড-১৯ৰ বিৰুদ্ধে ইতিমধ্যে লাভ কৰা সাফল্য সমাগত উত্সৱৰ দীঘলীয়া সূচীৰ সময়ত অটুত ৰখাটো নিতান্তই প্ৰত্যাহ্বানপূৰ্ণ হব বুলি সঁকীয়াই দিয়া মন্ত্ৰীগৰাকীয়ে কয়, ‘আগন্তুক তিনিটা মাহ আমি আৰু অধিক সতৰ্ক হৈ থাকিব লাগিব। প্ৰধানমন্ত্ৰীয়ে মুখত মাস্ক পৰিধান কৰা, সঘনাই হাত ধোৱা আৰু সামাজিক ব্যৱধান বিধি মানি চলাৰ বাবে  প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানৰ কথা সমাজৰ অন্তিমগৰাকী ব্যক্তি পৰ্যন্ত অৱগত কৰোৱাৰ ব্যৱস্থা কৰিবলৈ’ ড০ বৰ্দ্ধনে সংশ্লিষ্টসকলক আহ্বান জনায়। ক’ভিড-১৯ প্ৰতিৰোধ বিধি নমনাসকলৰ বিৰুদ্ধে শাস্তিমূলক পদক্ষেপ গ্ৰহণ লগতে ক’ভিডৰ বিৰুদ্ধে যথোচিত আচৰণক সৰল কৰি তোলাৰো আহ্বান জনায়। 
ড০ বৰ্দ্ধনে আহমেদাবাদ, গান্ধীনগৰ, ৰাজকোট, ভদোদৰা আৰু চুৰাটৰ দৰে সৰ্বাধিক ক’ভিড প্ৰভাৱিত জিলাৰ উপায়ুক্তকেইগৰাকীৰ সৈতে কথা-বতৰাও পাতে। তেওঁ, শেহতীয়া সপ্তাহ দিয়েকত ক’ভিড পৰিস্থিতিয়ে হঠাতে উগ্ৰ ৰূপ ধাৰণ কৰা জুনাগড় আৰু জামনগৰৰ পৰিস্থিতিৰো বুজ লয়।
 
সভাত বক্তব্য প্ৰদান কৰি গুজৰাটৰ উপ মুখ্য মন্ত্ৰী শ্ৰী নীতীনভাই পেটেলে কয় যে ‘উত্সৱৰ সমাগমেই কেৱল নহয়, বৰং বিভিন্ন বিয়া-বাৰু আৰু পৰ্যটন সংক্ৰান্তীয় আহ-যাহেও ক’ভিড-ৰ সংক্ৰমণৰ আশংকা বৃদ্ধি কৰি আহিছে’। এনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে শ্ৰী পেটেলে।
 
****
MV/SJ/KB
                
                
                
                
                
                (Release ID: 1666039)
                Visitor Counter : 246