ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ ব্যৱসায়িক সম্ভাৱনা অন্বেষণ কৰিবলৈ আৰু ইয়াৰ সুযোগ গ্ৰহণ কৰিবলৈ ব্ৰিটিছ চৰকাৰক আহ্বান জনাইছে

Posted On: 19 OCT 2020 5:41PM by PIB Guwahati

কেন্দ্ৰীয়ৰাজ্যিক (স্বতন্ত্ৰ) ড’নাৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ ব্যৱসায়িক সম্ভাৱনা অন্বেষণ কৰিবলৈ ব্ৰিটিছ চৰকাৰ আৰু ব্যক্তিগত খণ্ডক আহ্বান জনাইছে। ব্ৰিটিছ উচ্চ আয়ুক্তৰ সৈতে এক ভাৰ্চুৱেল বৈঠকত তেওঁ কয় যেদুই প্ৰাণৱন্ত গণতন্ত্ৰ ভাৰত আৰু ব্ৰিটেইনে এক পাৰস্পৰিক লাভজনক ব্যৱসায়িক সম্পৰ্ক বৰ্তাই ৰাখে আৰু উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ ব্যৱসায়িক সম্ভাৱনা অন্বেষণ কৰাৰ ক্ষেত্ৰত একেলগে কাম কৰিব পাৰে। তেওঁ কয় যে এই নতুন দৃষ্টান্তৰ জৰিয়তেউভয় দেশে উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনীতি, বাণিজ্য, বৈজ্ঞানিক গৱেষণা আৰু আন বহুতো ক্ষেত্ৰৰ সম্ভাৱনাৰ সঠিক ব্যৱহাৰেৰে ক’ভিডৰ পিছত উত্থান ঘটাব পাৰিব। ভাৰত-ব্ৰিটেইন উভয়ৰে বাবে ই লাভজনক পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে। 

ব্ৰিটিছ বিষয়াসকলে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত উপলব্ধ হস্তশিল্প, ফল-মূল, শাক-পাঁচলি আৰু মছলাক উচ্চ প্ৰশংসা কৰে আৰু এই সামগ্ৰীসমূহক ব্ৰেণ্ড বনাই গোলকীয় বজাৰত বিক্ৰীৰ ইচ্ছা প্ৰকাশ কৰে। তেওঁলোকে কয় যে কৃষি-প্ৰযুক্তিত ব্ৰিটেইন আগৰণুৱা আৰু উত্তৰ-পূৰ্বাঞ্চলত ক’ল্ড চেইন স্থাপন কৰি সামগ্ৰীসমূহৰ অন্বেষণ কৰিব পাৰে, যিদৰে তেওঁলোকে খাদ্য সামগ্ৰীৰ বাবে হাৰিয়ানাত কৰি আছে।

উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যত বিজ্ঞান আৰু গণিত শিকাবলৈ শিক্ষা খণ্ডৰ সৈতে ব্ৰিটিছ কাউন্সিলৰ সহযোগিতাৰ প্ৰস্তাৱক ড০ জিতেন্দ্ৰ সিঙে আদৰণি জনাইছে।  এই সহযোগিতাক এক নতুন উচ্চতালৈ নিয়াৰ বাবে উত্তৰ পূব পৰিষদৰ সৈতে এক বুজাবুজিৰ চুক্তি(এমঅ’ইউ) স্বাক্ষৰিত হ’ব।ব্ৰিটিছ কাউন্সিলে অঞ্চলটোৰ বিশ্ববিদ্যালয় আৰু প্ৰযুক্তি প্ৰতিষ্ঠানসমূহ(প্ৰধানকৈ আইআইটি,গুৱাহাটী)ৰ সৈতে একলগে কাম কৰিবলৈও ইচ্ছা ব্যক্ত কৰিছে।

ড০ জিতেন্দ্ৰ সিঙে কয় যে যোৱা ৬বছৰত উত্তৰ-পূৰ্বাঞ্চলে পূৰ্বৰ কেইবাটাও দূৰ্বলতা দূৰ কৰিবলৈ সক্ষম হৈছে। কিয়নো, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অঞ্চলটোৱে প্ৰথমবাৰৰ বাবে দেশৰ আন প্ৰান্তৰ দৰে সমানে গুৰুত্ব লাভ কৰিছে। ই অঞ্চলটোৰ জনসাধাৰণক কেৱল আত্মবিশ্বাসী কৰাই নহয়, তেওঁলোকক ভাৰতৰ আন প্ৰান্তৰ লগতে পূব সীমান্তৱৰ্তী দেশসমূহৰ সৈতে সংযুক্ত হোৱাৰ সুবিধা প্ৰদান কৰিছে।

 

মন্ত্ৰীগৰাকীয়ে কয় যে আছিয়ানৰ সৈতে ব্যৱসায়িক আৰু বাণিজ্যিক সম্পৰ্ক প্ৰসাৰত উত্তৰ-পূৰ্বাঞ্চলৰ এক সুকীয়া ভূমিকা আছে। উত্তৰ-পূৰ্বাঞ্চল হল দক্ষিণ পূব এছিয়াৰ বিকশিত অৰ্থনীতিৰ দোৱাৰমুখ। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বহুপাক্ষিক সহযোগিতাক নতুনত্ব দিয়াৰ প্ৰয়াসেৰে লুক ইষ্ট পলিচীএক্ট ইষ্টলৈ সলনি কৰিছে।

<><><><><>

SNC/MS



(Release ID: 1666035) Visitor Counter : 158