আয়ুষ
যোগ আৰু ইমিউনিটীক লৈ কেন্দ্ৰীয় যোগ আৰু নেচাৰ’পেথী গৱেষণা পৰিষদৰ ৱেবিনাৰ
प्रविष्टि तिथि:
16 OCT 2020 6:42PM by PIB Guwahati
আয়ুস মন্ত্ৰালয়ৰ অধীনষ্ঠ কেন্দ্ৰীয় যোগ আৰু নেচাৰ’পেথী গৱেষণা পৰিষদে আজি যোগ আৰু ইমিউনিটীক লৈ এখন ৱেবিনাৰ আয়োজন কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা(ইমিউনিটী)ৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰাৰ লক্ষ্যৰে ‘ৱিহাৰা’ শীৰ্ষক ৱেবিনাৰখন আয়োজন কৰা হয়। ক্লিনিকেল ইমিউনোল’জিষ্ট, গৱেষক, চিকিৎসক, যোগ আৰু নেচাৰ’পেথী ফিজিচিয়ানৰ লগতে বিশেষজ্ঞসকলে ৱেবিনাৰত অংশ লয়।
আয়ুস মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী ৰঞ্জিত কুমাৰে কোভিডৰ পিছৰ নতুন পৰিৱেশত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আদৰণি ভাষণ আগবঢ়ায়। চিচিআৰৱাইএনৰ সঞ্চালক ৰাঘৱেন্দ্ৰ ৰাৱে অনুষ্ঠানটোৰ এক আলোকপাত দাঙি ধৰে আৰু উপস্থিত ব্যক্তিসকলক আদৰণি জনায়।
বেংগালুৰুৰ প্ৰখ্যাত ইমিউনোলজিষ্ট ড০ চন্দ্ৰশেখৰ এছে কয় যে ইমিউনিটী হোমিঅ’ষ্টেছিছ হ’ল সুস্বাস্থ্যৰ প্ৰধান উপায় আৰু যোগ তথা নেচাৰোপেথীয়ে শৰীৰৰ ভাৰসাম্যতা ৰক্ষাত সহায় কৰে।
চণ্ডীগড়ৰ পিজিআইৰ নিউৰ’লোজী বিভাগৰ নিউৰোছায়েন্স ৰিচাৰ্ছ লেবৰ অধ্যাপক ড০ অক্ষয় আনন্দে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত যোগাসনৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে। নতুন দিল্লীস্থিত এইমছৰ এনাটোমী বিভাগৰ অধ্যাপক ড০ ৰিমা দাসে যোগাসনৰ এক প্ৰমাণভিত্তিক অধ্যয়নৰ ওপৰত বিস্তৃতভাৱে আলোচনা আগবঢ়ায়।
***
MV/SK/MS
(रिलीज़ आईडी: 1665594)
आगंतुक पटल : 212