বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ঘেঁহুৰ নতুন প্ৰকাৰৰ জৰিয়তে মহাৰাষ্ট্ৰৰ এখন গাঁৱত খেতিয়কে তেওঁলোকৰ শস্য দুগুণ কৰাত সহায় পায়

নতুন বিকশিত সাধাৰণ ঘেঁহু বা ব্ৰেড ঘেঁহুক অধিক শস্য দিয়া এষ্টিৱম বুলিও কোৱা হয়, যি ১১০ দিনত পকে আৰু পাত আৰু কাণ্ডৰ অধিকাংশ ৰোগ প্ৰতিৰোধক

Posted On: 14 OCT 2020 1:06PM by PIB Guwahati

খেতিয়কৰ ওচৰত এতিয়া ভাৰতীয় বৈজ্ঞানিকৰ দ্বাৰা বিকশিত ঘেঁহুৰ এনেকুৱা প্ৰকাৰ আছে, যাৰ উৎপাদন যথেষ্ট অধিক হ'ব এই ঘেঁহুৰ আটাৰ পৰা ৰোটীও অধিক গুণসম্পন্ন

 

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ (ডি এছ টি)ৰ এটা স্বায়ত্ব সংস্থা, আগৰকাৰ অনুসন্ধান সংস্থা (এ আৰ আই)ৰ বৈজ্ঞানিকৰ দ্বাৰা বিকশিত মেক্স৬৪৭৮ নামৰ এইবিধ ঘেঁহুৰ জৰিয়তে মহাৰাষ্ট্ৰৰ এখন গাঁও কৰঞ্জখোপত কৃষকৰ বাবে শস্যৰ উৎপাদন দুগুণ হৈছে

 

মহাৰাষ্ট্ৰত সতাৰা জিলাৰ কোৰেগাঁও তহছীলৰ গাঁৱৰ কৃষকসকলে এতিয়া নতুন প্ৰকাৰৰ ঘেঁহুৰে ৪৫-৬০ কুইণ্টল প্ৰতি হেক্টৰত শস্য পাই আছে, ইয়াৰ পূৰ্বে শস্য প্ৰতি হেক্টৰত ২৫-৩০ কুইণ্টল পাইছিল, যেতিয়া তেওঁলোকে লোক ১, এইচ ডি ২১৮৯ আৰু অন্য পুৰণি প্ৰকাৰৰ ঘেঁহুৰ খেতি কৰিছিল

 

নৱ বিকশিত সাধাৰণ ঘেঁহু বা ব্ৰেড ঘেঁহু, যাক অধিক উৎপাদন দিয়া এষ্টিৱম বুলিও কোৱা হয়, ১১০ দিনত পৰিপক্ক হয় আৰু পাত তথা কাণ্ডৰ অধিকাংশ ৰোগৰ বাবে প্ৰতিৰোধক এম্বাৰ ৰঙৰ মজলীয়া আকাৰৰ শস্যত ১৪% প্ৰ'টিন, ৪৪.১ পিপিএম জিংক আৰু ৪২.৮ পিপিএম আইৰণ থাকে, যি অন্য শস্যতকৈ বেছি এই প্ৰকাৰৰ ওপৰত এখন গৱেষণা পত্ৰ 'ইণ্টাৰনেচনেল জাৰ্ণেল অফ কাৰেণ্ট মাইক্ৰ'বায়লজি এণ্ড এপ্লাইড ছাইঞ্চেছ'ত প্ৰকাশিত হৈছে

 

এই ঘেঁহুৰ আটাৰ ৰোটীৰ মানদণ্ড উৎকৃষ্ট, ভাল ৰোটীৰ মানদণ্ডৰ সৈতে ১.০৫ৰ স্ক'ৰ ৬.৯৩ বীজৰ গুণ নিৰূপণৰ বাবে মহাৰাষ্ট্ৰ ৰাজ্যিক বীজ এজেঞ্চি, 'মহাবীজ'য়ে কৃষকৰ ব্যৱহাৰৰ বাবে মেক্স৬৪৭৮ৰ প্ৰমাণিত বীজৰ উৎপাদন কৰি আছে

 

পূৰ্বৰ বীজ প্ৰমাণিকৰণ অধিকাৰী আৰু এ আৰ আই কৰ্মচাৰীৰ সমৰ্থনত বৰ্তমানলৈকে গাঁৱৰ ১০জন কৃষকৰ ১৪একৰ মাটিত এই প্ৰকাৰৰ খেতি কৰা হৈছে কৰঞ্জখোপৰ কৃষকসকলে ভৱিষ্যতে বীজ উৎপাদন আৰু অন্য কৃষি শস্যৰ বাবে এটা কোম্পানী স্থাপন কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে

 

সকলো পৰিৱৰ্তনৰ প্ৰত্যক্ষদৰ্শী কৃষক শ্ৰী ৰমেশ যাদবে কয়, ''আমাক অনুপ্ৰাণিত কৰিবৰ বাবে আমাক এক স্ফুলিংগৰ প্ৰয়োজন আছিল আৰু যি এ আৰ আই ঘেঁহুৰ প্ৰকাৰ মেক্স৬৪৭৮ৰ দ্বাৰা দিয়া হৈছে এতিয়া, আমি কেতিয়াও পিছলৈ উভতি নাচাওঁ''

 

[অধিক তথ্যৰ বাবে বৈজ্ঞানিক অজিত এম চাৱন (amchavan@aripune.org, মোবাইল ৯১৯৪২৩০০৭২৩৮), জেনেটিক্স এণ্ড প্লাণ্ট ব্ৰীডিং গ্ৰুপ, আৰু ড৹ পি কে ধাকফালকাৰ, নিৰ্দেশক (কাৰ্যবাহী), এ আৰ আই, পুণে (director@aripune.org, pkdhakephalkar@aripune.org, ০২০-২৫৩২৫০০২)ত সম্পৰ্ক কৰিব পাৰে]

 

 

*******

NB/KGS/(DST Media Cell)



(Release ID: 1664664) Visitor Counter : 203