আয়ুষ

চেন্নাইত আজি উদ্বোধন কৰিলে আয়ুষ পদ্ধতিৰ বাবে আঞ্চলিক কেঁচা ঔষধ ভাণ্ডাৰ

Posted On: 13 OCT 2020 3:40PM by PIB Guwahati

কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী তথা প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ য়েছো নায়কে আজি ৰাষ্ট্ৰীয় সিদ্ধা প্ৰতিষ্ঠানত এক ভাৰ্চুৱেল অনুষ্ঠানযোগে আয়ুষ পদ্ধতিৰ ঔষধৰ(দক্ষিণ অঞ্চল) আঞ্চলিক কেঁচা ঔষধ ভাণ্ডাৰ (আৰআৰডিআৰ) উদ্বোধন কৰে৷ অনুষ্ঠানত সভাপতিত্ব কৰে আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কটেচাই৷

কেন্দ্ৰীয় চৰকাৰৰ প্ৰযোজিত ৰাষ্ট্ৰীয় আয়ুষ মিচনৰ বাবে এই আৰআৰডিআৰ কেন্দ্ৰৰ ভূমিকা গুৰুত্বপূৰ্ণ , কিয়নো ঔষধি গছৰ খেতিত ইয়াৰ গুৰুত্ব আছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত আয়ুষ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় ঔষধি গছ বোৰ্ড (এনএমপিবি) জৰিয়তে ৰাষ্ট্ৰীয় কেঁচা ঔষধ ভাণ্ডাৰ আৰু ক্ষেত্ৰীয় কেঁচা ঔষধ ভাণ্ডাৰ কেন্দ্ৰ স্থাপন কৰাৰ আঁচনি গ্ৰহণ কৰে৷ এনএমপিবিক ৰাষ্ট্ৰীয় সিদ্ধা প্ৰতিষ্ঠানৰ মুখ্য কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়া হৈছে৷ চেন্নাইস্থিত আঞ্চলিক ইউনানি ঔষধ গৱেষণা প্ৰতিষ্ঠান আৰু সিদ্ধা কেন্দ্ৰীয় গৱেষণা প্ৰতিষ্ঠানে সহযোগী প্ৰতিষ্ঠানৰ ভূমিকা পালন কৰিব৷ আৰআৰডিআৰে দক্ষিণাঞ্চলত কৃষি জলবায়ু খণ্ডৰ পৰা সংগৃহীত কৰা কেঁচা ঔষধৰ প্ৰমাণিকৰণ, নথিভূক্তকৰণ আৰু ইয়াৰ সংগ্ৰহণত মুখ্য ভূমিকা পালন কৰিব৷

এই পৰম্পৰাগত আৰু বিকল্প চিকিসা পদ্ধতিয়ে বিশ্বস্তৰত পুনৰ গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছে৷ আমি সকলো ভাৰতীয় ভাগ্যবান যে আমাৰ ,০০০ বছৰত কৈ অধিক পুৰণি চিকিসা আৰু ঔষধ পদ্ধতিয়ে বৰ্তমানেও সমাজ ব্যৱস্থাত অভূতপূৰ্ব স্বীকৃতি লাভ কৰি আছে৷ আয়ুৰ্বেদ, সিদ্ধা, ইউনানি চিকিসা পদ্ধতি আৰু ঔষধ দেশৰ বৃহ সংখ্যক লোকে লাভ কৰিছে৷

আমাৰ পৰম্পৰাগত চিকিসা পদ্ধতিৰ মুল আধাৰ হৈছে ঔষধি গছ৷ বৰ্তমান মহামাৰীৰ সময়ত ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিত ইয়াৰ প্ৰাসংগিকতা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে৷ ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু বিশ্ব পৰ্যায়ত আয়ুষ সম্পৰ্কীয় ব্যৱস্থাৰ স্বীকৃতি তেতিয়াই লাভ কৰে. যেতিয়া ইয়াৰ গুণাগুন থকা ঔষধি গছ ব্যাপক হাৰত পোৱা যাব৷

আমাৰ হাস্পতাল. ফাৰ্মাচী আৰু পাদন প্ৰতিষ্ঠানত এই সম্পৰ্কীয় আন্তঃগাঁথনি ব্যাপক হাৰত বৃদ্ধি লেহে আমাৰ পৰম্পৰাগত চিকিসা পদ্ধতিৰ বিকাশ আৰু অধিক সম্ভৱ ব৷ দেশত বৰ্তমান আয়ুৰ্বেদ, সিদ্ধা, ইউনানি আৰু হোমিঅপেথীৰ বাবে ,০০০তকৈ অধিক পাদন প্ৰতিষ্ঠান আছে৷ এইবোৰত প্ৰস্তুত কৰা ঔষধৰ গুণাগুন পাদন প্ৰক্ৰিয়া আৰু কেঁচা মালৰ পৰ্যাপ্ততাৰ ওপৰত নিৰ্ভৰশীল৷ চৰকাৰে ঔধষি আৰু প্ৰসাধন আইন, ১৯৪০ৰ টি অনুসূচীৰ অধীনত অধিসুচীত ভাল পাদন প্ৰক্ৰিয়া সকলো পাদন প্ৰতিষ্ঠানে মানি চলাটো বাধ্যতামূলক কৰিছে৷ এই ব্যৱস্থাৰ অধীনত প্ৰস্তুত কৰা ঔষধৰ ৯০ শতাংশই ঔষধি গছৰ পৰা লাভ কৰা কেঁচা সামগ্ৰী ব্যৱহাৰ কৰা হয়৷ সেয়েহে উন্নত মানদণ্ডৰ কেঁচা সামগ্ৰীৰ পৰ্যাপ্ত যোগান সুনিশ্চিত কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ৷

আৰআৰডিআৰে কেৱল দক্ষিণ ভাৰতত ব্যৱহাৰ কৰিবলগীয়া তথা উপলব্ধ কেঁচা মালৰ বাবে ভাণ্ডাৰ হিচাপেই নহয়, বৰঞ্চ কেঁচা মালৰ প্ৰামাণিকৰণৰ বাবে মান্যতা সম্পৰ্কীয় কেন্দ্ৰ আৰু মান প্ৰকল স্থাপন কৰা তথা হাৰ্বেল উদ্যোগৰ দ্বাৰা ব্যৱহৃত কেঁচা মালৰ বাবে এক ভাণ্ডাৰ হিচাপেও কাম কৰিব৷ এনআইএছৰ সঞ্চালক অধ্যাপক ডা০ আৰ মীনা কুমাৰীয়ে প্ৰধান নিৰীক্ষক হিচাপে দায়িত্ব পালন কৰিব৷ তেওঁৰ সহযোগী হিচাপে থাকিব আৰআৰআইইউএম প্ৰতিষ্ঠানৰ মুৰব্বী ড০ জাহীৰ আহমেদ আৰু এছচিআৰআইৰ সঞ্চালক ড০ সত্যৰাজেশ্বৰনে৷

 

***

MV/SK/DB



(Release ID: 1664220) Visitor Counter : 185