মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়

ৰাষ্ট্ৰীয় কামধেনু আয়োগে এই বছৰ দেৱালী মহোৎসৱত গায়ৰ গোবৰ/পঞ্চগব্য সামগ্ৰীৰ ব্যাপক ব্যৱহাৰক উৎসাহিত কৰাৰ উদ্দেশ্যে ''কামধেনু দীপাৱলি অভিযান'' পালন কৰিবলৈ দেশব্যাপি অভিযান আৰম্ভ কৰিছে

Posted On: 12 OCT 2020 6:35PM by PIB Guwahati

গৌমায়া গণেশ অভিযানৰ প্ৰতিক্ৰিয়াৰ দ্বাৰা উৎসাহিত, যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা কৰা আপীলৰ আধাৰত গণেশ মহোৎসৱৰ বাবে মূৰ্তিৰ নিৰ্মাণত পৰিৱেশৰ অনুকূল সামগ্ৰীৰ ব্যৱহাৰক উৎসাহিত কৰে, ৰাষ্ট্ৰীয় কামধেনু আয়োগে (আৰকেএ) এই বছৰ দীপাৱলি উৎসৱ উপলক্ষে ''কামধেনু দীপাৱলি অভিযান'' পালনৰ অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ মাধ্যমত, আৰ কে এই এই দীপাৱলি মহোৎসৱৰ সময়ত গায়ৰ গোবৰ/পঞ্চগব্য সামগ্ৰীৰ ব্যাপক ব্যৱহাৰক উৎসাহ যোগাই আছে। এই বছৰ দেৱালী উৎসৱৰ বাবে গোবৰ আধাৰিত চাকি, মমবাতি, ধুপ, আগৰবাতি, শুভ-লাভ, স্বস্তিক, সমৰণী, হাৰ্ডবোৰ্ড, ৱাল-পীচ, পেপাৰ ৱেট, হোমৰ সামগ্ৰী, ভগৱান গণেশ আৰু দেৱী লক্ষ্মীৰ মূৰ্তিৰ নিৰ্মাণ আগতেই আৰম্ভ হৈছে।

 

আৰ কে এৰ লক্ষ্য এই বছৰ দীপাৱলি উৎসৱৰ সময়ত ১১ কোটি পৰিয়ালত গায়ৰ গোবৰৰ পৰা নিৰ্মিত ৩৩ কোটি চাকি প্ৰজ্বলিত কৰা। বৰ্তমানলৈকে পোৱা প্ৰতিক্ৰিয়া অত্যন্ত উৎসাহজনক আৰু প্ৰায় ৩ লাখ চাকি কেৱল পৱিত্ৰ চহৰ অযোধ্যাতে জ্বলোৱা হ'ব আৰু ১ লাখ চাকি পৱিত্ৰ চহৰ বাৰাণসীত জ্বলোৱা হ'ব। কেইবা হাজাৰ গায় আধাৰিত উদ্যমী/কৃষক/মহিলা উদ্যমীৰ বাবে ব্যৱসায়ৰ সুযোগ সৃষ্টি কৰাৰ উপৰিও, গায়ৰ গোবৰৰ পৰা নিৰ্মিত সামগ্ৰীৰ ব্যৱহাৰৰ ফলত স্বচ্ছ আৰু স্বাস্থ্যসন্মত পৰিৱেশো পোৱা যাব। ই গোশালাবিলাকক আত্মনিৰ্ভৰশীল কৰাটো সহায়ক হ'ব। চীনত নিৰ্মিত চাকিৰ পৰিৱেশ অনুকূল বিকল্প প্ৰদান কৰি এই অভিযান প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মেক ইন ইণ্ডিয়াৰ পৰিকল্পনা আৰু অভিযানক উৎসাহিত কৰিব আৰু পৰিৱেশৰ ক্ষতি হ্ৰাস কৰি 'স্বদেশী' আন্দোলনকো উৎসাহিত কৰিব।

 

আৰকেএই চলিত বছৰৰ দীপাৱলিত ব্যৱহাৰ কৰিবলগীয়া সামগ্ৰীৰ নিৰ্মাণত গায়ৰ গোবৰৰ ব্যৱহাৰত মনোযোগ কেন্দ্ৰীভূত কৰা আৰু উৎসাহ যোগোৱাৰ বাবে ৱেবিনাৰৰ এটা শৃংখলাৰ মাধ্যমেৰে বিভিন্ন হিতধাৰকৰ সৈতে আলোচনা কৰি আছে। আৰকেএই দেশজুৰি গোশালাবিলাকত কামধেনু দীপাৱলিৰে সম্পৰ্কযুক্ত সামগ্ৰীৰ উৎপাদন আৰু সুবিধাৰ লগতে দেশব্যাপি বিপণন পৰিকল্পনাৰ বাবে সমগ্ৰ দেশৰ প্ৰতিখন জিলাত নিজৰ প্ৰতিনিধিৰ মাধ্যমত নিজৰ উপস্থিতি বৃদ্ধি কৰিছে। কামধেনু দীপাৱলিৰ অভিযানক ব্যাপক ৰূপত সফল কৰি তুলিবলৈ কৃষক, নিৰ্মাতা, উদ্যমী, গোশালা আৰু অন্যান্য সম্পৰ্কিত হিতধাৰকৰ বিভিন্ন খণ্ডক ব্যাপক হাৰত অন্তৰ্ভুক্ত কৰি থকা হৈছে।

 

সম্প্ৰতি, আৰকেএই প্ৰধানমন্ত্ৰীৰ আপীল অনুসৰি এই বছৰৰ গণেশ মহোৎসৱৰ বাবে ভগৱান গণেশৰ মূৰ্তিৰ নিৰ্মাণত পৰিৱেশৰ অনুকূল সামগ্ৰীৰ ব্যৱহাৰৰ বাবে ছ'চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত এক ৰাষ্ট্ৰ ব্যাপি অভিযান আৰম্ভ কৰিছিল। ই ডেইৰী কৃষক, নিবনুৱা যুৱক, মহিলা আৰু যুৱ উদ্যমী, গোশালা, গোপালক, আত্মসহায়ক গোট আদিৰ দৰে বিভিন্ন হিতধাৰকৰ মাজত যথেষ্ট আগ্ৰহ সৃষ্টি কৰে।

 

ৰাষ্ট্ৰীয় কামধেনু আয়োগৰ (আৰকেএ)  গঠন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা গায় আৰু গোবংশৰ সংৰক্ষণ, সুৰক্ষা আৰু বিকাশ তথা পশু বিকাশ কাৰ্যক্ৰমক গতি প্ৰদান কৰিবলৈ কৰা হয়। গো পালনৰ সৈতে জড়িত পৰিকল্পনাৰ বিষয়ে নীতি নিৰ্মাণ আৰু ৰূপায়ণক গতি দিবলৈ আৰকেএ এক উচ্চ শক্তি সম্পন্ন নিকায় যাতে জীৱিকা উৎপাদনৰ ওপৰত অধিক জোৰ দিব পৰা যায়। পশুধন অৰ্থব্যৱস্থাৰ নিৰ্মাণ গ্ৰামীণ ক্ষেত্ৰসমূহত প্ৰায় ৭৩ নিযুত ঘৰত আছে। দেশ যদিও গাখীৰৰ সৰ্ববৃহৎ উৎপাদনকাৰী, তথাপি ভাৰতত গড়ে গাখীৰৰ উৎপাদন পৃথিৱীৰ গড়ৰ মাথো ৫০%। কম উৎপাদকতা প্ৰধানকৈ আনুবংশীয় ষ্টকৰ হ্ৰাস, বেয়া পোষণ আৰু অবৈজ্ঞানিক প্ৰক্ৰিয়াৰ কাৰণ। গায় আৰু গায় আধাৰিত কৃষি আৰু গায় আধাৰিত উদ্যোগৰ বিষয়ে প্ৰবৃত্তি সলনি কৰা দৰকাৰ আৰু গ্ৰামীণ ক্ষেত্ৰসমূহত বিশেষকৈ গৰীব সমাজৰ সামাজিক আৰু আৰ্থিক কায়াকল্পৰ বাবে শীঘ্ৰে ইয়াক ঠিক কৰাৰ প্ৰয়োজন আছে।

 

আৰকেএই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগী বলৱৎ কৰিবলৈ সম্পূৰ্ণ চেষ্টা চলাই আছে। গৌ-কেন্দ্ৰিয় অৰ্থ ব্যৱস্থাত নিজৰ যোগদান দি এই লক্ষ্যত উপনীত হোৱাত সহায় কৰিব পাৰি। এই উদ্দেশ্যৰ বাবে আৰকেএই কৃষক, গোপালক, যুৱক, মহিলা, আত্মসহায়ক গোট আৰু অন্যান্য হিতধাৰকৰ আয় বৃদ্ধি কৰিবলৈ বিভিন্ন গায় পঞ্চগব্য সামগ্ৰীৰ ব্যৱহাৰক উৎসাহিত কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে।

 

 

 

*******

APS/MG/AS



(Release ID: 1663925) Visitor Counter : 168