মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশাংকে ভাটিন্দাত অৱস্থিত চেণ্ট্ৰেল ইউনিভাৰচিটী অৱ পঞ্জাবৰ নতুন কেম্পাছ আৰু নৱনিৰ্মিত ভৱন ভাৰ্চুৱেলী উদ্বোধন কৰে
प्रविष्टि तिथि:
12 OCT 2020 4:56PM by PIB Guwahati
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশাংকে ভাটিন্দাত অৱস্থিত চেণ্ট্ৰেল ইউনিভাৰচিটী অৱ পঞ্জাবৰ অত্যাধুনিক নতুন কেম্পাছ আৰু নৱনিৰ্মিত ভৱন ভাৰ্চুৱেলী উদ্বোধন কৰে। ভাটিন্দা লোকসভা সমষ্টিৰ সাংসদ শ্ৰীমতী হৰছিমৰত কৌৰ বাদলো অনুষ্ঠানত উপস্থিত থাকে।
নতুন কেম্পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২০৩.৭৮কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মুঠ ১০টা ভৱন আৰু বিশ্ববিদ্যালয়ৰ স্মৃতি সংৰক্ষিত কীৰ্তিস্তম্ভ উদ্বোধন কৰে। ২০২৫ৰ ৭ ছেপ্তেম্বৰত এই ভৱনসমূহৰ আধাৰশিলা স্থাপন কৰিছিল তেতিয়াৰ কেন্দ্ৰীয় মানৱ সম্পদ আৰু শিক্ষা মন্ত্ৰী স্মৃতি জুবিন ইৰানী আৰু তেতিয়াৰ পঞ্জাবৰ মুখ্যমন্ত্ৰী চৰ্দাৰ প্ৰকাশ সিং বাদলে। উদ্বোধন হোৱা ভৱনৰ নামসমূহ হ’লঃ আৰ্যভট্ট একাডেমিক ব্লক, নেতাজী সুভাষ চন্দ্ৰ বসু গেষ্ট হাউচ, শ্বহীদ ভগত সিং পিজি বয়জ হোষ্টেল, মাতা গুজাৰী পিজি গাৰ্লছ হোষ্টেল, অন্নপূৰ্ণা ভোজনালয় ভৱন, ৰাই বাহাদূৰ ছাৰ গংগা ৰাম ৱাটাৰ ট্ৰিটমেণ্ট এণ্ড ছাপ্লাই চেণ্টাৰ, ছাৰ এম. বিশ্বেশ্বৰায়া ছেৱাৰেজ ট্ৰিটমেণ্ট প্লেণ্ট, ৰাধাকৃষ্ণন ৰেচিডেণ্টেল কমপ্লেক্স, এপিজে আব্দুল কালাম ৰেচিডেণ্টেল কমপ্লেক্স, স্বামী দয়ানন্দ স্বৰস্বতী ৰেচিডেণ্টেল কমপ্লেক্স।
অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বৰ সাম্প্ৰতিক পৰিস্থিতিয়ে আমাক এই কথা শিকাইছে যে আত্মনিৰ্ভৰ ভাৰত হ’ল আমাৰ আগুৱাই যোৱাৰ একমাত্ৰ পথ আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-এ আমাক এই লক্ষ্যৰ দিশে আগুৱাই নিব। এই নীতিয়ে ভাৰতক বিশ্বৰ ‘গোলকীয় জ্ঞান আৰু উদ্ভাৱনৰ কেন্দ্ৰ’ হিচাপে গঢ়ি তুলিব। শ্ৰী পোখৰিয়ালে প্ৰশংসা কৰে যে পঞ্জাব কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত উল্লেখনীয় কাম কৰি আছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পঞ্জাব কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধনৰ বাবে পঞ্জাব আৰু দেশৰ সকলো নাগৰিকক অভিনন্দন জ্ঞাপন কৰিছে। প্ৰায় ৪০,০০০বিধ(অধিকাংশ স্বদেশী) বৃক্ষ ৰোপনেৰে চৌহদটো পৰিৱেশ-অনুকূল আৰু সেউজ কেম্পাছ কৰি তোলাৰ বাবে শ্ৰী পোখৰিয়ালে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ শলাগ লৈছে।
শ্ৰীমতী হৰছিমৰত কৌৰ বাদলে পঞ্জাব কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি উপলক্ষে শিক্ষা প্ৰতিষ্ঠানখনৰ কৰ্মচাৰী, শিক্ষাৰ্থী আৰু পঞ্জাবৰ জনাধাৰণক অভিনন্দন জনাইছে। তেওঁ উল্লেখ কৰে যে ভাটিন্দা চহৰক এতিয়া পঞ্জাবৰ শৈক্ষিক কেন্দ্ৰ হিচাপে জনা যাব, যিহেতু দেশ-বিদেশৰ শিক্ষাৰ্থীয়ে উন্নত শিক্ষাৰ বাবে ইয়ালৈ আহিব।
*****
MC/AKJ/MS
(रिलीज़ आईडी: 1663923)
आगंतुक पटल : 145