জল শক্তি মন্ত্ৰালয়

জল জীৱন মিছনঃ লেব অন হুইলছ!

হাৰিয়ানা চৰকাৰে জল পৰীক্ষণৰ বাবে অভিনৱ সমাধান উলিয়ায়ঃ অত্যাধুনিক চলা-ফুৰা জল পৰীক্ষণ প্ৰয়োগশালা ভেনৰ শুভাৰম্ভ

Posted On: 12 OCT 2020 5:12PM by PIB Guwahati

জনতাৰ স্বাস্থ্যৰ বাবে স্বচ্ছ আৰু সুৰক্ষিত পানীৰ যোগানৰ প্ৰয়োজন। ইয়াৰ বাবে পানীৰ যোগানৰ লগতে পানীৰ নিয়মীয়া পৰীক্ষণ সুনিশ্চিত কৰাও অত্যন্ত জৰুৰী। জল শক্তি মন্ত্ৰালয়ৰ জল জীৱন মিছনৰ উদ্দেশ্য ২০২৪ বৰ্ষ পৰ্যন্ত প্ৰত্যেক গ্ৰামীণ ঘৰত নলৰ জৰিয়তে পানীৰ সংযোগ প্ৰদান কৰা। এই মিছনৰ জৰিয়তে কাম যথেষ্ট দ্ৰুত গতিত কৰি থকা হৈছে আৰু এই মিছনে পানীৰ মানদণ্ডৰ চোৱাচিতা কৰাৰ ওপৰতো বহুত জোৰ দিছে। জল পৰীক্ষণৰ বৰ্ধিত প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি, হাৰিয়ানা চৰকাৰে অতি আধুনিক চলা-ফুৰা কৰা জল পৰীক্ষণ প্ৰয়োগশালা ভেনৰ শুভাৰম্ভ কৰি এক নতুন দৃষ্টিভংগীৰ প্ৰয়োগ কৰিছে। এই ভেনে পানী পৰীক্ষাৰ বাবে মাল্টি-পেৰামিটাৰ প্ৰণালীৰে সজ্জিত, য'ত বিশ্লেষক/ছেন্সৰ/প্ৰ'বছ উপকৰণ আছে। হাৰিয়ানা ৰাজ্যত পানীৰ মানদণ্ড প্ৰধানকৈ সম্পূৰ্ণৰূপে গলনশীল গোটা পদাৰ্থ (টিডিএছ), ফ্ল'ৰাইড, নাইট্ৰেট, লো আৰু খাৰেৰে প্ৰভাৱিত।

 

এই চলা-ফুৰা জল পৰীক্ষণ প্ৰয়োগশালা ভেনক বিশেষভাৱে ডিজাইন কৰা হৈছে, আৰু ই নতুন প্ৰযুক্তি তথা বিশেষত্বৰে সম্পূৰ্ণৰূপে সজ্জিত। স্থানৰ বিষয়ে জানিবলৈ ইয়াত জিপিএছ সংযুক্ত আছে আৰু পাৱাৰ বেক আপৰ সৈতে জিপিআৰএছ/থ্ৰীজি সংযোগৰ মাধ্যমেৰে ই পৰীক্ষা কৰা হোৱা নমুনাৰ ডাটা এটা কেন্দ্ৰীয় পি এইচ ই ডি ছাৰ্ভাৰলৈ সঞ্চালন কৰিব পাৰে। ই স্মাৰ্ট ফোন বা এনেকুৱা উপকৰণৰ  মাধ্যমত ৱেব আধাৰিত সুৰক্ষিত কেন্দ্ৰীয় ছাৰ্ভাৰলৈ পোনপটীয়াকৈ পৰিণাম প্ৰেৰণ কৰাৰ ক্ষমতাৰ লগতে অন-ছাইট ৰেকৰ্ডিং আৰু পৰিণামৰ ৰিপৰ্টো উপলব্ধ কৰায়।

 

উল্লেখ কৰা প্ৰয়োজন নাই যে এই চলা-ফুৰা কৰা জল পৰীক্ষ প্ৰয়োগশালা ভেন ৰাজ্যৰ গ্ৰামীণ ক্ষেত্ৰত খোৱা পানীৰ মানদণ্ডৰ চোৱাচিতাৰ এক প্ৰভাৱশালী ব্যৱস্থা হ'ব। এই ভেনে পানীৰ নমুনাবিলাকৰ পি এইচ, খাৰৰ উপস্থিতি, টি ডি এছ, কঠোৰতা, অৱশিষ্ট ক্লৰিণ, জিংক, নাইট্ৰেট, ফ্ল'ৰাইড, টাৰবিডিটি আৰু সূক্ষ্ম জৈৱিক পৰীক্ষাৰ দৰে বিভিন্ন জল মানদণ্ডৰ পৰীক্ষা কৰিবলৈ সক্ষম।

 

এই চলা-ফুৰা কৰা জল পৰীক্ষণ ভেন ৰাজ্য জল পৰীক্ষণ প্ৰয়োগশালা, কৰ্ণালত ৰখা হ'ব আৰু ইয়াক গোটেই ৰাজ্যতে প্ৰয়োগ কৰা হ'ব। এই নতুন সুবিধা ৰাজ্যৰ আটাইতকৈ দূৰৈত অৱস্থিত ঠাইলৈও জল-পৰীক্ষণৰ সুবিধা উপলব্ধ কৰাব। ইয়াৰ উপৰিও, জলজনিত ৰোগৰ প্ৰকোপৰ স্থিতিত, এই ভেন ফলপ্ৰসু ব্যৱস্থা আৰু জল পৰীক্ষণ ৰিপ'ৰ্টলৈকে সুচলতা স্থাপন কৰিবৰ বাবে অন-ছাইটতো প্ৰয়োগ কৰিব পৰা যায়।

 

জল জীৱন মিছন কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰধান কাৰ্যক্ৰম আৰু এই কাৰ্যক্ৰমৰ জৰিয়তে হাৰিয়ানা চৰকাৰে খোৱা পানীৰ ধাৰাবাহিকভাৱে যোগান সুনিশ্চিত কৰিবলৈ প্ৰত্যেক ঘৰলৈকে নলৰ দ্বাৰা পানীৰ সংযোগ উপলব্ধ কৰাবৰ বাবে সম্পূৰ্ণৰূপে সংকল্পবদ্ধ। এই মিছনত পানীৰ মানদণ্ড চোৱাচিতাৰ ওপৰত বহুত জোৰ দিয়া হৈছে। ইয়াৰ জৰিয়তে প্ৰতিখন গাঁৱত ৫জন লোকক, বিশেষকৈ মহিলাক ফিল্ড টেষ্ট কিটৰ ব্যৱহাৰৰ বাবে প্ৰশিক্ষণ দিয়া দৰকাৰ, যাতে পানীৰ পৰীক্ষা গাঁৱতে কৰিব পৰা যায়। ৰাজ্যৰ জন স্বাস্থ্য ইঞ্জিনিয়াৰিং বিভাগ/গ্ৰামীন জল যোগান বিভাগে ঘৰলৈকে সুৰক্ষিত খোৱা পানীৰ যোগান নিশ্চিত হয় আৰু প্ৰয়োগশালাত পৰীক্ষণৰ জৰিয়তে নিয়মীয়াকৈ পানীৰ মানদণ্ডৰ চোৱাচিতাও কৰি আছে।

 

 

*******

APS/MG/AS



(Release ID: 1663882) Visitor Counter : 99