কেবিনেট

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী শ্ৰী ৰামবিলাস পাছোৱানৰ দেহাৱসানত কেবিনেটৰ শোক প্ৰকাশ

ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব অন্তিম সংস্কাৰৰ প্ৰক্ৰিয়া

Posted On: 09 OCT 2020 12:19PM by PIB Guwahati

কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী শ্ৰী ৰামবিলাস পাছোৱানৰ দেহাৱসানত শোক প্ৰকাশ কৰিছে৷ কেবিনেটে বিদেহী মন্ত্ৰীগৰাকীৰ সোঁৱৰণত দুই মিনিটৰ মৌন প্ৰাৰ্থনাও জ্ঞাপন কৰে৷ শ্ৰী ৰামবিলাস পাছোৱানৰ অন্তিম সংস্কাৰ ৰাজ্যিক মৰ্যাদাৰে পালন কৰিবলৈ কেবিনেটে অনুমোদন প্ৰদান কৰিছে৷

কেবিনেটে আজি নিম্নলিখিত প্ৰস্তাৱ গৃহীত কৰিছেঃ

কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী শ্ৰী ৰামবিলাস পাছোৱানৰ দেহাৱসানত শোক প্ৰকাশ কৰিছে৷ তেওঁৰ দেহাৱসানত দেশে এক প্ৰখ্যাত নেতা, এক উৎকৃষ্ট সাংসদ আৰু এক দশ প্ৰশাসক হেৰুৱালে৷

৫ জুলাই ১৯৪৬ তাৰিখে ছহৰবানী জিলা খাগৰিয়া (বিহাৰ)ত জন্ম হোৱা শ্ৰী ৰামবিলাস পাছোৱানে কোচী মহাবিদ্যালয় খাগৰিয়া আৰু পাটনা বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰিছিল৷ তেওঁ কলাত স্নাতকোত্তৰ আৰু এলএলবি ডিগ্ৰী লাভ কৰে৷ তেওঁক বুণ্ডেলখণ্ড বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ডি.লিটৰ উপাধিৰে সন্মানিত কৰা হয়৷

শ্ৰী ৰামবিলাস পাছোৱান বিহাৰৰ লোকপ্ৰিয় নেতাসকলৰ ভিতৰত অন্যতম আছিল৷ ১৯৬৯ চনত তেওঁ সংযুক্ত ছ’চিয়েলিষ্ট দলৰ সদস্য হিচাপে বিহাৰৰ বিধানসভাৰ বাবে নিৰ্বাচিত হয়৷ বিভিন্ন মন্ত্ৰালয়ত তেওঁ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত ২০১৪ চনত লোকসভা নিৰ্বাচনত তেওঁ গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰে৷

শ্ৰী ৰামবিলাস পাছোৱান আছিল শোষিতসকলৰ কণ্ঠ, তেওঁ সদায় সমাজৰ উপেক্ষিত শ্ৰেণীসকলৰ হকে কাম কৰিছিল৷

কেন্দ্ৰীয় কেবিনেট, চৰকাৰ আৰু সমগ্ৰ দেশবাসীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা প্ৰকাশ কৰিছে৷


 

******

VRRK/MANN


(Release ID: 1663093)