ভুবিজ্ঞান মন্ত্ৰালয়

উত্তৰ আন্দামান সাগৰ আৰু ইয়াৰ সংলগ্ন পূব মধ্য বংগোপসাগৰত ৯ অক্টোবৰ এক নিম্নচাপ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে

এই নিম্নচাপে এক শক্তি সঞ্চয় কৰি গভীৰ নিম্নচাপলৈ পৰিণত হ’ব পাৰে৷ ইয়াৰ পাছত উত্তৰ পশ্চিম দিশে অগ্ৰসৰ হৈ ২-৩ দিনতে ওড়িশা আৰু উওৰ অন্ধ্ৰপ্ৰদেশৰ দিশে গতি কৰিব

ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলত ১১ৰ পৰা ১৩ অক্টোবৰলৈকে বৰষুণৰ পৰিমাণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে

উত্তৰ আন্দামান সাগৰ, পূব মধ্য আৰু দক্ষিণ পশ্চিম বংগোপসাগৰত প্ৰচণ্ড জোৱাৰ-ভাটাৰ সৃষ্টি হ’ব

উত্তৰ আন্দামান সাগৰ, পূব মধ্য আৰু দক্ষিণ পশ্চিম বংগোপসাগৰলৈ মাছমৰীয়াসকলক নাযাবলৈ পৰামৰ্শ

Posted On: 04 OCT 2020 4:00PM by PIB Guwahati

বতৰ বিজ্ঞান বিভাগৰ ঘূর্ণীবতাহ সতর্কতা বিভাগৰ সূত্র অনুসৰি উত্তৰ আন্দামান সাগৰ আৰু ইয়াৰ সংলগ্ন পূব মধ্য বংগোপসাগৰত অক্টোবৰত এক নিম্নচাপ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে৷ পৰৱর্তী সময়ত এই নিম্নচাপে এক শক্তি সঞ্চয় কৰি গভীৰ নিম্নচাপলৈ পৰিণত হ’ব পাৰে৷ ইয়াৰ পাছত উত্তৰ পশ্চিম দিশে অগ্ৰসৰ হৈ - দিনতে ওড়িশা আৰু উওৰ অন্ধ্ৰপ্ৰদেশৰ দিশে গতি কৰিব৷

নিম্নচাপৰ কাৰণে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত একাধিক স্থানত ৯ আৰু ১০ অক্টোবৰত প্ৰৱল বৃষ্টিপাত হ’ব৷ কেতবোৰ এলেকাত পাতলীয়া আৰু মজলীয়া বৰষুণ হ’ব৷

নিম্নচাপৰ ফলত ওড়িশাত ৪ৰ পৰা অক্টোবৰত একাধিক স্থানত প্ৰৱল বৃষ্টিপাত হ’ব৷ তদুপৰি, ওড়িশাৰ চুবুৰীয়া ৰাজ্য বিহাৰ, তেলেংগানা গাংগেয় পশ্চিমবংগ, ঝাৰখণ্ড আৰু ছত্তীশগড়ত ৪ৰ পৰা অক্টোবৰলৈকে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে৷ একেদৰে ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলত ১১ৰ পৰা ১৩ অক্টোবৰলৈকে বৰষুণৰ পৰিমাণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷

ইয়াৰ ফলত উত্তৰ আন্দামান সাগৰ, পূব মধ্য আৰু দক্ষিণ পশ্চিম বংগোপসাগৰত প্ৰচণ্ড জোৱাৰ-ভাটাৰ সৃষ্টি হ’ব৷ ইয়াৰ পৰিপ্ৰেক্ষিতত মাছমৰীয়াসকলক এই অঞ্চলসমূহত মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷

এই সন্দৰ্ভত জানিবলৈ ঘূৰ্ণীবতাহ সতৰ্কতা বিভাগ, বতৰবিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়, ভাৰতীয় বতৰ বিজ্ঞান বিভাগ, পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ সৈতে ফোন(৯১) ১১-২৬৪৫২৪৮৪, ফেক্স(৯১) ১১-২৪৬৪৩১২৮, ২৪৬২৩২২০ নম্বৰ ফোন কৰি বা cwdhq2008[at]gmail[dot]com ই-মেইল যোগে যোগাযোগ কৰিব পাৰে৷

শেহতীয়া তথ্য জানিবলৈ www.rsmcnewdelhi.imd.gov.in www.mausam.imd.gov.in প্ৰত্যক্ষ কৰিব পাৰে। বতৰ বিজ্ঞান সংক্রান্তীয় তথ্য আৰু আগজাননীৰ বাবে মৌচম এপ, কৃষি কাৰ্যৰ সন্দৰ্ভত জলবায়ুৰ তথ্য জানিবলৈ এগ্রোমেট এপ আৰু বজ্ৰপাতৰ সন্দৰ্ভত জানিবলৈ দামিনী এপ ব্যৱহাৰ কৰাৰ পৰামর্শ দিছে বতৰ বিজ্ঞান বিভাগে৷

 

***

NB/KGS/DB



(Release ID: 1661694) Visitor Counter : 105