আয়ুষ
আয়ুস মন্ত্ৰীয়ে কাইলৈ পুনেত জনজাতীয় স্বাস্থ্যসেৱাৰ বাবে প্ৰাকৃতিক চিকিৎসা প্ৰকল্প উদ্বোধন কৰিব
प्रविष्टि तिथि:
01 OCT 2020 5:54PM by PIB Guwahati
গান্ধী জয়ন্তী উপলক্ষে কেন্দ্ৰীয় আয়ুস মন্ত্ৰী শ্ৰী শ্ৰীপদ য়েছো নাইকে কাইলৈ এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে পুনেৰ গোহে বুড্ৰাকৰ এখন জনজাতীয় গাওঁত প্ৰাকৃতিক চিকিৎসা হস্পিতাল উদ্বোধন কৰিব। এই প্ৰকল্পই অঞ্চলটোৰ জনজাতীয় সমূদায়ৰ ৰোগীসকলক প্ৰাকৃতিক আৰু যোগ চিকিৎসা আগবঢ়াব। একেদৰে, জনজাতীয় যুৱচামক প্ৰাকৃতিক চিকিৎসা আৰু যোগৰ কৌশল শিকোৱাৰ বাবে ই প্ৰশিক্ষণ কেন্দ্ৰ হিচাপেও কাম কৰিব। মহাৰাষ্ট্ৰৰ জনজাতীয় উন্নয়ন বিভাগৰ মন্ত্ৰী শ্ৰী কে.চি পাড়াভীও অনুষ্ঠানত উপস্থিত থাকিব।
এই প্ৰাকৃতিক চিকিৎসা আৰু যোগ হস্পিতাল তথা প্ৰশিক্ষণ কেন্দ্ৰই দেশৰ আন প্ৰান্তৰ বাবে এক আৰ্হি হিচাপে সেৱা আগবঢ়োৱাৰ আশা কৰা হৈছে।
প্ৰাকৃতিক চিকিৎসা আৰু যোগ হস্পিতালখনত ২০খন আসন আছে, য’ত পুৰুষ আৰু মহিলাৰ বাবে পৃথক ৱাৰ্ড, সকলো সুবিধাযুক্ত যোগা হল, আহাৰ গ্ৰহণ কেন্দ্ৰ আৰু প্ৰাকৃতিক থেৰাপীৰ এক মুকলি স্থান ৰখা হৈছে।
MV/SK/MS
(रिलीज़ आईडी: 1660892)
आगंतुक पटल : 124