ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

খাদী আৰু গ্ৰাম্য উদ্যোগ আয়োগে স্বদেশী সামগ্ৰীৰ প্ৰসাৰৰ বাবে এছপিজি চৌহদত বিপনী মুকলি কৰিছে

Posted On: 26 SEP 2020 4:29PM by PIB Guwahati

খাদী আৰু গ্ৰাম্য উদ্যোগ আয়োগে(কেভিআইচি) স্বদেশী সামগ্ৰী প্ৰসাৰৰ বাবে আন এক পদক্ষেপ হাতত লৈছে। এইবাৰ তেওঁলোকে স্পেচিয়েল প্ৰটেকচন গ্ৰুপ(এছপিজি)ৰ সৈতে সংযুক্ত হৈছে। কেভিআইচি-এ আজি দিল্লীৰ দ্বাৰকাস্থিত এছপিজি আৱাসিক চৌহদত নতুন খাদী ইণ্ডিয়া ছেলছ আউটলেট মুকলি কৰে। এই বিপনীয়ে এছপিজি বিষয়া আৰু কৰ্মচাৰীৰ প্ৰায় ৪০০০ পৰিয়ালক উপকৃত কৰিব। এছপিজি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত এক সংস্থা। কেভিআইচিৰ অধ্যক্ষ বিনয় কুমাৰ ছাক্সেনা আৰু এছপিজিৰ সঞ্চালক শ্ৰী অৰুণ সিনহাই যুটীয়াভাৱে ছেলছ আউটলেট উদ্বোধন কৰে।

কেভিআইচিৰ বিবৃতিত প্ৰকাশ পোৱা অনুসৰি, খাদী ছেলছ আউটলেট মুকলিৰ সিদ্ধান্ত লোৱাৰ কাৰণ হল এছপিজি সদস্য আৰু তেওঁলোকৰ পৰিয়ালক বিশুদ্ধ আৰু হস্তনিৰ্মিত স্বদেশী সামগ্ৰী প্ৰদান কৰা। এই পৰিয়ালসমূহক খাদী সামগ্ৰী ক্ৰয়ৰ বাবে আকৰ্ষিত কৰিবলৈ কেভিআইচি-এ আউটলেটত সকলো সামগ্ৰীত ২০ শতাংশ ডিছকাউণ্ট আগবঢ়াইছে। ১২৫ একৰ ভূমিত স্থাপিত এছপিজি চৌহদত প্ৰায় ১৫,০০০ লোক বাস কৰে।

কেভিআইচিৰ অধ্যক্ষই কৈছে যে বিপনীখনে এছপিজি পৰিয়ালৰ বাবে উন্নত মানৰ হস্তনিৰ্মিত আৰু প্ৰাকৃতিক সামগ্ৰী উপলব্ধ কৰিব। এছপিজিয়ে প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ দায়িত্ব পালন কৰে আৰু প্ৰধানমন্ত্ৰী নিজেই খাদী সামগ্ৰীৰ শ্ৰেষ্ঠ এম্বেছাদৰ। এই বিপনীৰ জৰিয়তে কেভিআইচিয়ে এছপিজি বিষয়া আৰু কৰ্মচাৰীক শ্ৰেষ্ঠ মানদণ্ডৰ সামগ্ৰীৰ যোগান ধৰিব।ছাক্সেনাই কয়। তেওঁ লগতে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰত আৰু ভোকেল ফৰ লোকেল চিন্তাধাৰাৰদ্বাৰা অনুপ্ৰাণিত হৈ খাদী আৰু গ্ৰাম্য উদ্যোগ আয়োগে(কেভিআইচি)এই পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে দেশৰ অৰ্ধসামৰিক বাহিনীসমূহক নিজৰ কেণ্টিনত কেৱল স্বদেশী সামগ্ৰীহে বিক্ৰী কৰিবলৈ নিৰ্দেশ দিছিল।

******

RCJ/RNM/IA/MS



(Release ID: 1659574) Visitor Counter : 97