ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়
একে পদাৰ্থ, একে সূত্ৰ আধাৰিত ৮৭১টা অনুসূচিত অত্যাৱশ্যকীয় ঔষধক মূল্য নিয়ন্ত্ৰণ ব্যৱস্থাৱলীৰ আওতালৈ অনাৰ নিৰ্দেশ
प्रविष्टि तिथि:
23 SEP 2020 3:16PM by PIB Guwahati
অত্যাৱশ্যকীয় ঔষধৰ ৰাষ্ট্ৰীয় তালিকা(এনএলইএম),২০১৫ৰ অন্তৰ্ভুক্ত একে পদাৰ্থ একে সূত্ৰ আধাৰিত ৮৭১টা ঔষধক মূল্য নিয়ন্ত্ৰণ ব্যৱস্থাৱলীৰ আওতালৈ অনাৰ বাবে ব্যৱস্থা কৰিবলৈ ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্দ্ধাৰণ প্ৰধিকৰণ(এনপিপিএ)ক নিৰ্দেশ দিছে চৰকাৰে। এই সম্পৰ্কীয় নিৰ্দেশটোত চৰকাৰে এইসমূহ ঔষধৰ উচ্চ সীমা নিৰ্দ্ধাৰণত গুৰুত্ব আৰোপ কৰিছে।
‘ঔষধৰ মূল্য নিয়ন্ত্ৰণ নিৰ্দেশনা(ডিপিচিঅ),২০১৩’ৰ ১৯নং দফাৰ অধীনত দামৰ উচ্চ সীমা নিৰ্দ্ধাৰণ ব্যৱস্থাত ‘কাৰ্ডিয়াক ষ্টেণ্ট’সমূহকো অন্তৰ্ভুক্ত কৰাৰ পৰিণতিত ‘কৰোনাৰী ষ্টেণ্ট’সমূহৰ দাম ‘বেয়াৰ মেটল ষ্টেণ্ট’ৰ ক্ষেত্ৰত ৮৫শতাংশ পৰ্যন্ত আৰু ‘ড্ৰাগ এলিটিং ষ্টেণ্ট’ৰ ক্ষেত্ৰত ৭৪শতাংশ পৰ্যন্ত হ্ৰাস পোৱাটো সম্ভৱ কৰি তোলে।
ৰাজ্যসভাত আজি এই তথ্য প্ৰকাশ কৰে ৰসায়ণ আৰু সাৰ বিভাগৰ মন্ত্ৰী ডি ভি সদানন্দ গৌড়াই।
‘এনপিপিএ’-ৰ দ্বাৰা দৰ নিৰ্দ্ধাৰণ কৰাটো এক অবিৰত প্ৰক্ৰিয়া বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। যেতিয়াই ঔষধসমূহক ৰাষ্ট্ৰীয়সূচীৰ অন্তৰ্ভুক্ত কৰা হয়, তেতিয়াই ‘এনপিপিএ’-ই ইয়াৰ দৰ নিৰ্দ্ধাৰণ কৰে বুলি তেওঁ উল্লেখ কৰে।
*******
(रिलीज़ आईडी: 1659214)
आगंतुक पटल : 154