স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

চিকিৎসা শিক্ষাত ঐতিহাসিক সংস্কাৰঃ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি) গঠন

ভাৰতৰ চিকিৎসা পৰিষদ ভংগ

Posted On: 25 SEP 2020 4:34PM by PIB Guwahati

চাৰিখন স্বতন্ত্ৰ পৰিষদৰ উপৰি ৰাষ্ট্ৰীয় চিকিসা আয়োগ(এনএমচি) গঠনেৰে কেন্দ্ৰীয় চৰকাৰে দেশৰ চিকিসা খণ্ডত এক ঐতিহাসিক সংস্কাৰ সাধন কৰিছে৷ ইয়াৰ জৰিয়তে কেইবা দশক পুৰণি ভাৰতীয় চিকিসা পৰিষদ(এমচিআই)ক ভংগ কৰা হৈছে৷ এনএমচিৰ উপৰি নতুনকৈ গঠন কৰা চাৰিখন পৰিষদ হৈছে প্ৰাক-স্নাতক আৰু স্নাতকোত্তৰ চিকিসা শিক্ষা পৰিষদ, চিকিসা মূল্যায়ন আৰু ৰেটিং পৰিষদ, নীতি আৰু চিকিসা পঞ্জীয়ন পৰিষদ উল্লেখযোগ্য৷ এই চাৰি পৰিষদে এনএমচিক দৈনন্দিন কাম-কাজত সহায় কৰিব৷

এই ঐতিহাসিক সংস্কাৰে চিকিসা শিক্ষাক এক স্বচ্ছ, মানসম্পন্ন আৰু জবাবদিহি ব্যৱস্থাত পৰিণত কৰিব৷ সেই অনুসৰি পূৰ্বৰ ‘নিৰ্বাচনী’ ব্যৱস্থাৰ পৰিৱৰ্তে এতিয়াৰে পৰা মেধাৰ ভিত্তিত ‘নিয়ন্ত্ৰক’ বাছনি কৰা হ’ব৷ এতিয়া পুৰুষ-মহিলা উভৈয়ে ত্ৰুটিহীনভাৱে ঐক্যবদ্ধ ৰূপত, পেশাদাৰীত্ব, অভিজ্ঞতা আৰু প্ৰস্থিতিৰ ভিত্তিত চিকিসা শিক্ষাৰ শীৰ্ষ পদত অধিষ্ঠিত হৈ অধিক সংস্কাৰ সাধন কৰিব পাৰিব৷ ২৪ ছেপ্টেম্বৰ, ২০২০ৰ নিশাৰ ভাগৰত এই সন্দৰ্ভত জাননী জাৰি কৰা হয়৷

সেই হিচাপে ডঃ এছ চি শৰ্মা(ইএনটিৰ অধ্যাপক, এইমছ নতুন দিল্লী)ক তিনি বছৰৰ বাবে অধ্যক্ষ হিচাপে বাছনি কৰা হয়৷ অধ্যক্ষৰ উপৰি এনএমচিত চাৰি স্বতন্ত্ৰ পৰিষদৰ সভাপতি ক্ৰমে পিজিআইএমইআৰ, চণ্ডীগড়ৰ সঞ্চালক ড০ জগত ৰাম, মুম্বাই টাটা মেম’ৰিয়েল হাস্পতালৰ ডঃ ৰাজেন্দ্ৰ এ বাদৱে আৰু এইমছ গোৰখপুৰৰ কাৰ্যবাহী সঞ্চালক ড০ সুৰেখা কিশোৰসহ ১০গৰাকী পদেন সদস্য থাকিব৷ তদুপৰি, এনএমচিত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্য বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, ৰাজ্যিক চিকিসা আয়োগৰ ৯গৰাকী মনোনীত আকু তিনিগৰাকী বিশেষজ্ঞ সদস্য থাকিব৷ মহাৰাষ্ট্ৰৰ জনজাতি বসতিপ্ৰধান মেলাঘাট এলেকাৰ প্ৰসিদ্ধ সমাজকৰ্মী ডঃ স্মিতা কোলহে আৰু ফুট ছলজাৰ ফৰ হেল্থ প্ৰাইভেট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী সন্তোষ কুমাৰ ক্ৰালেটিও এই মনোনীত বিশেষজ্ঞৰ তালিকাত অন্তৰ্ভূক্ত হৈছে৷ ড০ আৰ কে ভেটছ এনএমচিৰ সঞ্চালকালয়ৰ সচিব হ’ব৷

উল্লেখ্য যে দেশত বিগত ৬ বছৰত ৫৪,০০০ৰ পৰা এমবিবিএছৰ আসনৰ সংখ্যা ৮০,০০০লৈ বৃদ্ধি কৰা হৈছে৷ একে সময়ত স্নাতকোত্তৰৰ আসনৰ সংখ্যা ২৪,০০০ৰ পৰা ৫৪,০০০লৈ বৃদ্ধি কৰা হৈছে৷

এনএমচিৰ মুখ্য কাম হৈছে নিয়ন্ত্ৰণ ব্যৱস্থা, প্ৰতিষ্ঠানৰ ৰেটিং, এইচআৰ মূল্যায়ন, গৱেষণাত গুৰুত্ব ইত্যাদিৰ দিশবোৰ উন্নত কৰা৷ উল্লেখ্য যে ২০১৯ৰ আগষ্টত সংসদত ৰাষ্ট্ৰীয় চিকিসা আয়োগ আইন, ২০১৯ গৃহীত হৈছিল৷ ২৫ ছেপ্টেম্বৰ, ২০২০ৰ পৰা এনএমচি আইন কাৰ্যকৰী হ’ব৷

******

MV/DB



(Release ID: 1659211) Visitor Counter : 176