ভাৰতীয় প্ৰতিযোগিতা আয়োগ

API হোল্ডিংছৰ দ্বাৰা মেডলাইফৰ ১০০ শতাংশ সমাংশ অধিগ্ৰহণ আৰু মেডলাইফ অংশীদাৰসকলৰ দ্বাৰা API হোল্ডিংছৰ ১৯.৫৯ শতাংশ পৰ্যন্ত সমাংশ পুঁজি অধিগ্ৰহণলৈ চিচিআইৰ অনুমোদন

Posted On: 23 SEP 2020 10:23AM by PIB Guwahati

ভাৰতীয় প্ৰতিযোগিতা আয়োগ চমুকৈ চিচিআইয়ে প্ৰতিযোগিতা অধিনিয়ম ২০০২ ৰ ধাৰা ৩১ (১) অনুসৰি আজি API হোল্ডিংছ প্ৰাইভেট লিমিটেড (এপিআই হোল্ডিংছ) ৰ দ্বাৰা মেডলাইফ ইণ্টাৰনেশ্যনেল প্ৰাইভেট লিমিটেড (মেডলাইফ)ৰ ১০০ শতাংশ সমাংশ অধিগ্ৰহণ আৰু মেডলাইফৰ অংশীদাৰসকলৰ দ্বাৰা এপিআই হোল্ডিংছৰ ১৯.৫৯ শতাংশ পৰ্যন্ত সমাংশ পুঁজি অধিগ্ৰহণলৈ যাৱতীয় অনুমোদন জনাইছে।

প্ৰস্তাৱিত সংযোজন, এপিআইৰ দ্বাৰা মেডলাইফৰ ১০০ শতাংশ সমাংশ অধিগ্ৰহণৰ পৰা আৰু তাৰ ফলশ্ৰুতিত মেডলাইফ প্ৰমোটাৰ অংশীদাৰসকল তথা মেডলাইফৰ অন্যান্য অংশীদাৰসকলৰ দ্বাৰা এপিআই হোল্ডিংছ (সম্পূৰ্ণৰূপে তৰলতাৰ আধাৰত) ৰ ১৯.৫৯ শতাংশ পৰ্যন্ত সমাংশ পুঁজি অধিগ্ৰহণৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। [শ্ৰী প্ৰশান্ত সিং, শ্ৰী তুষাৰ কুমাৰ আৰু দ্য প্ৰ’ছিড য়ুনো ফেমিলি ট্ৰাষ্ট (ট্ৰাষ্ট) ক সামূহিক ৰূপত ‘মেডেলিষ্ট প্ৰোমোটাৰ শ্বেয়াৰহোল্ডাৰ্ছ হিচাপে উদ্ধৃত কৰা হৈছে]

এপিআই হৈছে ২০১৯ ত প্ৰতিষ্ঠিত এক ব্যক্তিগত কোম্পানী। এপিআইয়ে প্ৰত্যক্ষভাৱে অথবা নিজৰ সহায়ক কোম্পানীৰ মাধ্যমেৰে বিবিন্ন ব্যৱসায়িক গতিবিধিৰ কাম কৰি থাকে, ইয়াৰ ভিতৰত চামিল থাকে ঔষধ বিক্ৰী আৰু বিতৰণ; মুখ্যতঃ পাৰ্মাচিউটিকেল ক্ষেত্ৰত কেন্দ্ৰীয় পৰিবহন আৰু বিতৰণ সেৱা; ই-কমাৰ্চ প্লেটফৰ্ম বিকশিত কৰিবৰ বাবে প্ৰযুক্তিগত আৰু বৌদ্ধিক সম্পত্তিৰ মালিকীস্বত্ত্ব; এপিআই হোল্ডিংছৰ অধীনৰ কোম্পানীবোৰৰ বাবে কৰ্মচাৰীৰ যোগান ধৰা, সহায় সাহায্য কৰা, ব্যৱসায়িক গতিবিধি সমৰ্থনৰ ব্যৱস্থা, মাষ্টাৰ ডাটা ব্যৱস্থাপনা সেৱা; মুখ্যতঃ স্বাস্থ্যযতন ব্যৱসায়ৰ বাবে ইআৰপি আৰু ছফ্টৱেৰ সমাদান বিকশিত কৰা আৰু অনলাইনৰ ব্যৱহাৰৰ সুবিধা প্ৰদান তথা ইয়াৰ পৰিচালনাৰ ক্ষেত্ৰত প্ৰযোজ্য ক্ষুদ্ৰ ফাৰ্মাচীবোৰৰ বাবে অন্যান্য অনুকূল এপ্লিকেশ্যন বিকশিত কৰিব লাগে, যিয়ে ঔষধৰ উৎপাদন, চিকিৎসা উপকৰণ আৰু অ’টিচি ঔ।ধসমূহৰ ক্ষুদ্ৰ বিক্ৰেতা তথা বিতৰকসকলৰ বাবে B2B অৰ্ডাৰ ব্যৱস্থাপনা প্ৰণালী প্ৰদান কৰে। আৰু লগতে এক প্লেটফৰ্মো বিকশিত কৰে যিয়ে পঞ্জীকৃত চিকিৎসকসকল আৰু ৰোগীসকলক একত্ৰিত কৰে, যাৰ জৰিয়তে ৰোগীয়ে টেলি-পৰামৰ্শৰ লগতে ভৌতিক পৰামৰ্শৰ মাধ্যমেৰে চিকিৎসা পৰামৰ্শ লাভ কৰিব পাৰে।

ট্ৰাষ্ট হৈছে ভাৰতীয় ন্যাস আইন ১৮৮২ ৰ অধীনত পঞ্জীভুক্ত এক ব্যক্তিগত ট্ৰাষ্ট। ট্ৰাষ্টৰ হাতত স্বাস্থ্য সেৱা ক্ষেত্ৰত বিভিন্ন বিনিয়োগ কৰা আছে, ইয়াৰ ভিতৰত মেডলাইফৰ ওপৰত ভালেসংখ্যক অংশীদাৰো চামিল হৈ আছে। শ্ৰী প্ৰশান্ত সিং আৰু শ্ৰী তুষাৰ কুমাৰ হৈছে মেডলাইফৰ সহ-প্ৰতিষ্ঠাপক।

২০১৪ চনত প্ৰতিষ্ঠিত মেডলাইফ হৈছে প্ৰধানতঃ এক স্বাস্থ্যযতন ক্ষেত্ৰৰ এক কোম্পানী, যিয়ে ঔষধ বিক্ৰী আৰু বিতৰণৰ সৈতে জড়িত। এই প্ৰতিষ্ঠানটোৱে প্ৰধানতঃ ফাৰ্মাচী আৰু অনলাইন মাৰ্কেটপ্লেচৰ জৰিয়তে ঔষধ আৰু চিকিৎসা সামগ্ৰীৰ লগতে অ’টিচি ঔষধৰ ক্ষুদ্ৰ বিক্ৰীৰ ব্যৱসায় কৰে। মেডলাইফে স্বাস্থ্যযতন সেৱাও প্ৰদান কৰে, যেনে ঔষধ আৰু আৰোগ্য সামগ্ৰী, ডিজিটেল চিকিৎসা পৰামৰ্শ আৰু অনলাইন নিদানিক সেৱা আদিও প্ৰদান কৰে।

চিচিআইৰ বিস্তৃত নিৰ্দেশনা শীঘ্ৰেই জাৰি কৰা হ’ব।

****

RM/KMN/RD



(Release ID: 1658464) Visitor Counter : 131