পাৰমাণৱিক শক্তি বিভাগ

২০২২ত প্ৰট’টাইপ ফাষ্ট ব্ৰীডাৰ ৰিয়েক্টৰ (পিএফবিআৰ) কাৰ্যক্ষম হৈ উঠিবঃ ডঃ জিতেন্দ্ৰ সিং

ৰাষ্ট্ৰীয় গ্ৰীডলৈ ৫০০ মেগাৱাট বিদ্যুৎ শক্তি পিএফবিআৰে যোগান ধৰিব

प्रविष्टि तिथि: 22 SEP 2020 5:12PM by PIB Guwahati

কেন্দ্ৰীয় উত্তৰ পূৰ্বাঞ্চল উন্নয়ন (ড’নাৰ) দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব), প্ৰধান মন্ত্ৰীৰ কাৰ্যালয় (পিএমঅ’), পাৰ্ছনেল, ৰাজহুৱা অভিযোগ, পেঞ্চন, পাৰমাণৱিক শক্তি আৰু মহাকাশ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে ৰাজ্যসভাত এটা লিখিত উত্তৰত কয় যে ভাৰতীয় নাভিকীয় বিদ্যুৎ নিগম লিমিটেড (BHAVINI) এ নিৰ্মাণ কৰা প্ৰট’টাইপ ফাষ্ট ব্ৰীডাৰ ৰিয়েক্টৰ (পিএফবিআৰ) ২০২২ৰ অক্টোবৰৰ ভিতৰত কাৰ্যক্ষম কৰি তোলাৰ আশা কৰা হৈছে। এয়া সম্পূৰ্ণ হৈ উঠিলে পিএফবিআৰে ৰাষ্ট্ৰীয় গ্ৰীডলৈ ৫০০ মেগাৱাট বিদ্যুৎ শক্তি যোগান ধৰিব।

সম্প্ৰতি তিনিটা কাৰিকৰী কাৰণৰ বাবে পিএফবিআৰ বিলম্ব হৈ আছে। যোৱা তিনিটা বছৰত, পিএফবিআৰৰ ভিন্ন প্ৰণালীসমূহৰ কমিশ্যনিং, ষ্ট্ৰাকচাৰ ও ইকুইপমেন্টৰ কাম আগবাঢ়িছিল যদিও, প্ৰতিটো ক্ষেত্ৰতে কাৰিকৰী প্ৰত্যাহ্বান ও ডিজাইনৰ বাবে পলম হৈ পৰে। পাৰমাণৱিক শক্তি বিভাগ (ডিএই)এ ডিজাইনাৰ আৰু বিশেষজ্ঞসকলেৰে লগলাগি এই প্ৰত্যাহ্বানসমূহ দূৰ কৰিবলৈ সক্ষম হৈছে।

<><><><><>

SNC/SB


(रिलीज़ आईडी: 1657969) आगंतुक पटल : 186
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Punjabi , Tamil , Telugu