ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

নতুন মুখ্য তথ্য আয়ুক্ত আৰু তথ্য আয়ুক্ত নিয়োগ প্ৰক্ৰিয়াৰ কাম চলিছেঃ ড৹ জিতেন্দ্ৰ সিং

Posted On: 22 SEP 2020 5:08PM by PIB Guwahati

কেন্দ্ৰীয় উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ স্বাধীন দায়িত্বপ্ৰাপ্ত, প্ৰধানমন্ত্ৰীৰ দপ্তৰ, কৰ্মীসকল, গণ অভিযোগ, পেঞ্চন, আনবিক শক্তি আৰু মহাকাশ দপ্তৰৰ প্ৰতিমন্ত্ৰী ড৹ জিতেন্দ্ৰ সিঙে ৰাজ্যসভাত আজি লিখিত উত্তৰত জনাইছে যে নতুন মুখ্য তথ্য আয়ুক্ত আৰু অন্যান্য তথ্য আয়ুক্তৰ নিয়োগ প্ৰক্ৰিয়াৰ কাম চলিছে।

 

কেন্দ্ৰীয় তথ্য আয়োগত বৰ্তমান মুখ্য তথ্য আয়ুক্তৰ ম্যাদ যোৱা ২৬ আগষ্টত শেষ হৈছে। আনকি এজন তথ্য আয়ুক্তৰ ম্যাদো অহা ২৫ ছেপ্টেম্বৰত শেষ হ'ব। কেন্দ্ৰীয় তথ্য আয়োগত মুখ্য তথ্য আয়ুক্তৰ পদ আৰু অন্যান্য তথ্য আয়ুক্তৰ ৬টা শূন্য পদ পূৰণৰ বাবে নিৰ্দিষ্ট পদ্ধতি অনুসৰি সময়মতে নিয়োগ প্ৰক্ৰিয়াৰ কাম আৰম্ভ কৰিছে চৰকাৰে।

 

কেন্দ্ৰীয় তথ্য আয়োগত মুখ্য তথ্য আয়ুক্ত আৰু অন্যান্য তথ্য আয়ুক্তৰ পদত প্ৰাৰ্থীসকলৰ আবেদন নিৰীক্ষণ আৰু প্ৰাৰ্থীসকলক তালিকাভুক্ত কৰাৰ বাবে এখন উচ্চ পৰ্যায়ৰ অনুসন্ধান কমিটী গঠন কৰা হৈছে। তেওঁলোকে এক নিৰ্দিষ্ট পদ্ধতি অনুসৰি প্ৰাৰ্থীসকলৰ পৰা প্ৰাপ্ত প্ৰাসংগিক তথ্য চালিজাৰি চাব।

 

******

SNC



(Release ID: 1657957) Visitor Counter : 106