কৃষি মন্ত্ৰালয়

কৃষকৰ আয় বৃদ্ধি

Posted On: 21 SEP 2020 2:16PM by PIB Guwahati

২০১৬ চনৰ এপ্ৰিলত চৰকাৰে কৃষকৰ আয় দুগুণ কৰাৰ বাবে এটা আন্তঃ মন্ত্ৰী গোষ্ঠী গঠন কৰিছিল। এই কমিটীয়ে ২০১৮ৰ ছেপ্টেম্বৰত তেওঁলোকৰ প্ৰতিবেদন জমা দিছে। ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰাৰ বাবে বিভিন্ন কৌশলৰ কথা ইয়াত কোৱা হৈছে। এইবিলাক হৈছে-

 

১৷ ফচলৰ উপাদন বৃদ্ধি

২৷ ঘৰত পোঁহা প্ৰাণীৰ উপাদনশীলতা বৃদ্ধি

৩৷ দক্ষতাসহকাৰে সম্পদৰ ব্যৱহাৰ আৰু উপাদন ব্যয় কমোৱা

৪৷ শস্য তোলাৰ মাত্ৰা বৃদ্ধি

৫৷ মূল্যবান শস্যৰ খেতি বৃদ্ধি

৬৷ কৃষকে যাতে প্ৰকৃত মূল্য পায় সেয়া নিশ্চিত কৰা আৰু

৭৷ কৃষিৰ পৰা কৃষি বহিৰ্ভূত বৃত্তিলৈ যোৱা।

 

কৃষকৰ আয় দুগুণ কৰাৰ পৰামৰ্শবিলাক গ্ৰহণ কৰি চৰকাৰে এইবিলাক বাস্তৱায়িত কৰাৰ বাবে ক্ষমতাশালী গোষ্ঠী প্ৰস্তুত কৰিছে। যিবোৰ গোষ্ঠীয়ে পৰামৰ্শবিলাক কিমান কাৰ্যকৰী হৈছে সেয়া নিয়মীয়াকৈ পৰ্যালোচনা কৰিব।

 

কৃষি যিহেতু ৰাজ্যৰ এক্তিয়াৰভুক সেয়ে ৰাজ্য চৰকাৰসমূহে এই ক্ষেত্ৰত উন্নয়নৰ বাবে বিভিন্ন কৰ্মসূচী বাস্তৱায়িত কৰিব লাগিব। কেন্দ্ৰই ৰাজ্য চৰকাৰসমূহৰ উদ্যোগক বিভিন্ন কৰ্মসূচীৰ মাধ্যমত সহায় কৰিছে। ফচলৰ উপাদন বৃদ্ধি কৰাৰ মাজেৰে কৃষকৰ কল্যাণ নিশ্চিত কৰা, ফচলৰ ভাল দাম পোৱা আৰু কৃষকৰ আয় বৃদ্ধিৰ বাবে কেন্দ্ৰৰ এইবিলাক কৰ্মসূচী গ্ৰহণ কৰা হৈছে।

 

কৃষি, সহযোগিতা আৰু কৃষক কল্যাণ দপ্তৰে বিভিন্ন ৰাজ্যত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা বাস্তৱায়িত কৰিছে। কৃষকসকলে যাতে লাভজনক ফচল বেছি পৰিমাণে খেতি কৰে, তাৰবাবে বিভিন্ন প্ৰকল্প প্ৰস্তুত কৰা হৈছে। ৰাজ্যৰ মুখ্য সচিবৰ পৌৰোহিত্যত গঠিত ৰাজ্য স্তৰৰ কমিটীয়ে এই প্ৰকল্পবিলাকৰ অনুমোদন দিছে। দপ্তৰে কুহিয়াৰ, কপাহ, পাট ইত্যাদি বাণিজ্যিক শস্যৰ খেতিত উসাহ দিয়াৰ বাবে এন এফ এছ এন কৰ্মসূচীৰ আওতাত সাহায্য কৰিছে। এম আই ডি এইচৰ আওতাত উদ্যান পালনৰ মাধ্যমত কৃষকৰ আয় বৃদ্ধিৰ উদ্যোগ গ্ৰহণ কৰা হৈছে। কৃষি কাৰ্যলৈ বৈচিত্ৰ্য অনাৰ কৰ্মসূচীৰ আওতাত (ই ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীন) পঞ্জাৱ, হাৰিয়ানা আৰু পশ্চিম উত্তৰ প্ৰদেশত ধান খেতিৰ সলনি তৈল বীজ, দাইল, কপাহ, মাকৈ ইত্যাদিৰ দৰে বিকল্প শস্যৰ খেতি কৰিবলৈ উসাহিত কৰা হৈছে।

 

চৰকাৰে খৰাং প্ৰবন তথা শুকান অঞ্চলত খেতি-বাতি কৰিবলৈ উসাহ যোগোৱাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে, সেইবোৰ হৈছে-

 

১৷ এম আই ডি এইচৰ আওতাত বেচৰকাৰী ক্ষেত্ৰক টিছু কালচাৰ পৰীক্ষাগাৰ প্ৰস্তুত কৰাত ৪০% আৰু চৰকাৰী সংস্হাক ১০০% সাহায্য দিয়াৰ ব্যৱস্থা কৰা হৈছে। এই ক্ষেত্ৰত সংশ্লিষ্ট পৰীক্ষাগাৰত ব্যয় হ'ব ২ কোটি ৫০ লাখ টকা। ইয়াৰ মাধ্যমত খেজুৰ গছৰ টিছু কালচাৰত উসাহ যোগোৱা হ'ব।

২৷ বাণিজ্যিকভাৱে উদ্যান পালনৰ চাহিদা বিবেচনা কৰি নেচনেল হৰ্টিকালচাৰ ব'ৰ্ডে খেজুৰ খেতিত সহায় কৰিব।

৩৷ দেশৰ শুকান অঞ্চলত খেজুৰ খেতিৰ বাবে আই চি এ আৰ চেণ্ট্ৰেল ইনষ্টিটিউট ফৰ এৰিডে হৰ্টিকালচাৰক দায়িত্ব দিছে। য'ত জলসিঞ্চনৰ ব্যৱস্থা আছে তাত খেজুৰ খেতিৰ বাবে কৃষকসকলক বিভিন্ন প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰকল্পৰ আওতাত ৰাজস্থান, গুজৰাট, পঞ্জাৱ, হাৰিয়ানা আৰু তামিলনাডুৰ কেইটাখনো জিলা বাছনি কৰা হৈছে।

 

লোকসভাত দেওবাৰে এটা প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য সদৰী কৰিছে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিংহ তোমৰে।

 

******

APS/SG/RC



(Release ID: 1657580) Visitor Counter : 184