কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়

যোৱা তিনি বছৰত চৰকাৰে ৩,৮২,৫৮১ টা ছেল কোম্পানী বন্ধ কৰিছে

प्रविष्टि तिथि: 20 SEP 2020 2:04PM by PIB Guwahati

চৰকাৰে ছেল কোম্পানীসমূহ চিনাক্তকৰণ আৰু বন্ধ কৰাৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰিছে। একেৰাহে দুবছৰ বা তাতোকৈ অধিক সময় ধৰি বিত্তীয় বিৱৰণ দাখিল নকৰাৰ আধাৰত কোম্পানীসমূহ চিনাক্ত কৰা হৈছে আৰু কোম্পানী অধিনিয়ম, ২০১৩ ৰ ধাৰা ২৪৮ তথা কোম্পানী (কোম্পানী ৰেজিষ্টাৰৰ পৰা কোম্পানীসমূহৰ নাম আঁতৰোৱা)নিয়ম,২০১৬ৰ অধীনত আইনৰ উচিত প্ৰক্ৰিয়া মানি চলাৰ পাছত, যোৱা তিনি বছৰত ৩,৮২,৫৮১টা কোম্পানী বন্ধ কৰি দিয়া হৈছে। এই কথা আজি ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে জানিবলৈ দিয়ে।

 

ছেল কোম্পানী-এই শব্দটি সম্পৰ্কে কোম্পানী আইনৰ অধীনত বাখ্যা দিয়া হোৱা নাই। এইসমূহ সাধাৰণতে এনে কোম্পানী যিবোৰে বৈধভাৱে ব্যৱসায় নকৰে। অনেক ক্ষেত্ৰত অবৈধ উদ্দেশ্যৰ বাবে যেনে কৰ ফাঁকি, সম্পত্তি গোপনে ৰখা, বেনামী সম্পত্তিৰ হিচাপ ৰখা আদিৰ বাবে এইধৰণৰ কোম্পানীসমূহ চলি থাকে। ছেল কোম্পানীৰ বিষয়টোৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে চৰকাৰে গঠন কৰিছে এক বিশেষ টাস্ক ফৰ্চ। এই বিশেষ বাহিনীৰ ছুপাৰিশ ক্ৰমে অবৈধ কোম্পানীসমূহক চিনাক্তকৰণ আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হব।   

 

 **********

RM/KMN/KG


(रिलीज़ आईडी: 1657118) आगंतुक पटल : 195
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Malayalam