প্ৰতিৰক্ষা মন্ত্ৰালয়

প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ জৰিয়তে প্ৰতিৰক্ষা খণ্ডত বিনিয়োগ

পোষ্ট কৰা হৈছে: 19 SEP 2020 4:55PM by PIB Guwahati

২০০১চনৰ মে’ মাহত কেৱল চৰকাৰী খণ্ড হিচাপে সংৰক্ষিত প্ৰতিৰক্ষা উদ্যোগ খণ্ডত ভাৰতীয় বেচৰকাৰী খণ্ডৰ ১০০ শতাংশ অংশগ্ৰহণৰ বাবে মুক্ত কৰি দিয়া হয়, য’ত দুউ ধৰণৰ অনুজ্ঞাপত্ৰৰ বাবে ২৬% প্ৰত্যক্ষ বিদেশী বিনিয়োগত অনুমোদন জনোৱা হয়৷ তদুপৰি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্ত উদ্যোগ প্ৰসাৰ আৰু আভ্যন্তৰীণ বাণিজ্য বিভাগে এক বিজ্ঞপ্তিৰ জৰিয়তে ৪৯ শতাংশলৈক স্বয়ংক্ৰিয়ভাৱে প্ৰত্যক্ষ বিদেশী বিনিয়োগত অনুমতি প্ৰদান কৰে আৰু ৪৯ শতাংশৰ ওপৰত চৰকাৰী অনুমতিসাপেক্ষে কোনো আধূনিক বা অন্য কোনো কাৰণ থাকিলে তেনে ক্ষেত্ৰত বিনিয়োগত অনুমতি দিয়া হয়৷ উদ্যোগ(উন্নয়ন আৰু নিয়ন্ত্ৰণ) আইন, ১৯৫১ৰ অধীনত আৰু উদ্যোগ অনুজ্ঞাপত্ৰ আৰু সৰু অস্ত্ৰশস্ত্ৰ নিৰ্মাণত অস্ত্ৰ আইন, ১৯৫৯ৰ অধীনত প্ৰতিৰক্ষা উদ্যোগত প্ৰত্যক্ষ বিদেশী বিনিয়োগত অনুমোদন জনোৱা হৈছে৷ ২০২০চনৰ জুনলৈকে প্ৰতিৰক্ষা আৰু মহাকাশ বিজ্ঞান খণ্ডৰ ৩৭টা সংস্থাই দিয়া তথ্য অনুসৰি স্বয়ংক্ৰিয়ভাৱে প্ৰতিৰক্ষা আৰু মহাকাশ বিজ্ঞান খণ্ডত ২,৮৩৮ কোটি টকাতকৈ অধিক প্ৰত্যক্ষ বিদেশী বিনিয়োগ হৈছে। ২০১৪ৰ পাছত স্বয়ংক্ৰিয়ভাৱে প্ৰতিৰক্ষা আৰু মহাকাশ বিজ্ঞান খণ্ডত ১,৮৪৯ কোটিতকৈ অধিক টকাৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ হৈছে।

ৰাজ্যসভায় আজি জ০ সষ্মিত পাত্ৰৰ প্ৰশ্নৰ লিখিত উত্তৰত প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিকমন্ত্রী শ্রী শ্রীপদ নায়কে এই তথ্য সদৰি কৰে৷.

***

ABB/Nampi/KA/DK/DB


(ৰিলিজ আই ডি : 1656907) অতিথি কক্ষ : 194
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , Bengali , Punjabi