যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

‘খেল’ ইণ্ডিয়া ফীৰ ছে’ শীৰ্ষক কাৰ্যক্ৰমৰ অধীনত ‘ছাই’-ৰ প্ৰশিক্ষণ কেন্দ্ৰসমূহত কাম-কাজ পুনৰাম্ভ কৰাৰ বাবে পৰিচলনা বিধি যুগতোৱা হৈছে : শ্ৰী কিৰেণ ৰিজিজু

Posted On: 19 SEP 2020 5:23PM by PIB Guwahati

ভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ’(ছাই)ৰ সকলোবোৰ কেন্দ্ৰত চলি থকা বিভিন্ন খেলৰ পৰম্পৰাগত প্ৰশিক্ষণ কা্ৰ্যক্ৰম সাময়িক ভাবে স্থগিত ৰখাৰ লগতে ভাৰতীয় ক্ৰীড়াবিদৰ বিদেশী প্ৰশিক্ষণ কাৰ্যসূচীৰ পৰিসৰো কৰ্তন কৰিবলগীয়া হৈছিল। অৱশ্যে পৰৱৰ্তি সময়ত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা বিধি-নিৰ্দেশনাৰ আধাৰত প্ৰশিক্ষণৰ কাৰ্যসূচী পুনৰাম্ভ কৰা হয়।

ভিড-১৯ৰ সংক্ৰমণ অব্যাহত থকাৰ কথাটোলৈ লক্ষ্য ৰাখি, ক্ৰীড়াবিদসকলৰ স্বাস্থ্য সম্পৰ্কীয় নিৰাপত্তা নিশ্চিত কৰাৰ বাবে ছাই প্ৰশিক্ষণকেন্দ্ৰসমূহত কেতবোৰ পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে :

খেল ইণ্ডিয়া ফীৰ ছে শীৰ্ষক কাৰ্যক্ৰমৰ অধীনত ছাই-ৰ প্ৰশিক্ষণ কেন্দ্ৰসমূহত কাম-কাজ পুনৰাম্ভ কৰাৰ বাবে মানক পৰিচলনা বিধি(এছঅপি) যুগতোৱা হৈছে। এই বিধিয়ে প্ৰশিক্ষণ কেন্দ্ৰসমূহত প্ৰশিক্ষণ লোৱা ক্ৰীড়াবিদসকলৰ লগতে কাৰিকৰী, অনা-কাৰিকৰী সহযোগী কৰ্মী, প্ৰশাসনীয় বিষয়ববীয়া, আবাসিক আৰু সেৱা প্ৰবন্ধনৰে জড়িত কৰ্মচাৰীবৃন্দকে ধৰি অন্যান্য কৰ্ম-কৰ্তাসকলকো সামৰি লব।

সকলো প্ৰশিক্ষণ কেন্দ্ৰত এইসমূহ বিধি-ব্যৱস্থা কঠোৰ ভাবে মানি চলটো নিশ্চিত কৰাৰ বাবে এটা কভিড কৰ্ম বাহিনী গঠন কৰা হৈছে। এই কৰ্ম-বাহিনীয়ে কেন্দ্ৰীয় আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে সময়ে সময়ে জাৰি কৰা স্বাস্থ্য সম্পৰ্কীয় বিধি-ব্যৱস্থাসমূহৰ ৰূপায়ণ নিশ্চিত কৰে।

ক্ৰীড়াবিদসকলৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে ছাইৰ কেন্দ্ৰসমূহক ৰঙা, নীলা আৰু হালধীয়া মণ্ডলত বিভক্ত কৰা হৈছে। সেইদৰে নাৰ্ছ, ফিজিঅথেৰাপিষ্ট, চাইকলজিষ্ট, নিউট্ৰিশ্যনিষ্টৰ দৰে সহযোগী কৰ্মীবৃন্দৰে সৈতে একোগৰাকী স্বাস্থ্য-বিষয়াৰে গঠিত কৰ্ম-বাহিনীয়ে কভিড সংক্ৰান্তীয় যিকোনো প্ৰসংগ চোৱা-চিতা কৰে।

লকডাউনৰ সময়চোৱাত দেশৰ বিভিন্ন প্ৰান্তত থকা ছাইৰ প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ চোৱা-চিতা কৰাৰ লগতে এইসমূহৰ স্বাভাৱিক অৱস্থা অব্যাহত ৰখাৰ বাবে মুঠ ২৮.৭৫ কোটি টকা ব্যয় কৰা হৈছিল।

ৰাজ্যসভাত আজি প্ৰদান কৰা এক লিখিত উত্তৰত এই তথ্য প্ৰকাশ কৰে ক্ৰীড়া বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুৱে।

 

 

*****

NB/OA/KB



(Release ID: 1656905) Visitor Counter : 139