ৰেচম মন্ত্ৰালয়

বস্ত্ৰ খণ্ডত ক’ভিড-১৯ মহামাৰীৰ প্ৰভাৱ

Posted On: 18 SEP 2020 5:12PM by PIB Guwahati

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত সামাজিক সমাৱেশ, শ্ৰমিক প্ৰব্ৰজনৰ ক্ষেত্ৰত আৰোপ কৰা বাধাৰ ফলত বস্ত্ৰখণ্ডৰ সৈতে জড়িত কৃষকৰ পৰা ব্যৱসায়ী আৰু ৰপ্তানিকাৰকলৈকে সকলোতে ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে যদিও পূৰ্বতে গুৰুত্ব লাভ নকৰা কেতবোৰ নতুন সূযোগ মুকলি হৈছে৷ চৰকাৰে ‘ভাৰতীয় চিল্ক উদ্যোগত ক’ভিড-১৯ মহামাৰীৰ প্ৰভাৱ’ শীৰ্ষক এক অধ্যয়নৰ জৰিয়তে খণ্ডটোত দেখা দিয়া সংকটৰ কাৰকসমূহ চিনাক্ত কৰি মূল্য শৃংখলৰ উপাদন হ্ৰাস আৰু আৰ্থিক লোকচানৰ দিশসমূহ পৰ্যালোচনা কৰে৷ এই সময়ছোৱাত উদ্যোগটোৱে উপাদন, পলুৰ আৰু কেঁচা চিল্কৰ মূল্য হ্ৰাস, পৰিবহণৰ সমস্যা, দক্ষ শ্ৰমিক অভাৱ, কেঁচা চিল্ক আৰু চিল্কৰ সামগ্ৰী বিক্ৰীত সমস্যা, কৰ্মী মুলধনী আৰু নগদ ধনৰ প্ৰৱাহৰ সমস্যা, কেঁচা সামগ্ৰীৰ অপৰ্যাপ্ততা, চিল্ক ফেব্ৰিকৰ চাহিদা হ্ৰাস, আমদানি-ৰপ্তানিৰ আৰোপ কৰা বাধাৰ বাবে সকলো অৰ্ডাৰ বাতিল কৰা ইত্যাদি সমস্যাৰ সন্মুখীন হৈছে৷ এইটো এটা অসংগঠিত খণ্ড হোৱাৰ বাবে চৰকাৰে ইয়াৰ লোকচানৰ কোনো আনুষ্ঠানিক সমীক্ষা কৰিব পৰা নাই৷

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে দেশৰ অৰ্থনীতিৰ লগতে ভাৰতক আত্মনিৰ্ভৰ কৰাৰ লক্ষ্যৰে আত্মনিৰ্ভৰ ভাৰত শীৰ্ষক এক বিশেষ আৰ্থিক পেকেজ ঘোষণা কৰে৷ ইয়াৰ অধীনত এমএছএমইসমূহকে ধৰি বিভিন্ন খণ্ডৰ বাবে সাহায্য আৰু ঋণ সমৰ্থনমূলক পদক্ষেপৰ কথা ঘোষণা কৰে৷ এই ঘোষণাৰ জৰিয়তে শিপিনী আৰু শিল্লী/কাৰিকৰসকলে ক’ভিড-১৯ লকডাউনৰ সময়ত সন্মুখীন হোৱা ক্ষতিৰ পৰিৱৰ্তে সাহায্য আৰু ঋণ সমৰ্থনমূলক পদক্ষেপৰ জৰিয়তে উপকৃত হৈছে৷ ‘আত্মনিৰ্ভৰ ভাৰত’ক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে হস্ততাঁত সামগ্ৰী ৰপ্তানি বৃদ্ধি পৰিষদে ভাৰ্চুৱেলী দেশত বিভিন্ন স্থানৰ এই শিপিনী আৰু কাৰিকৰসকলক আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযোগ কৰে৷ সেই হিচাপে ৭, ১০ আৰু ১১ আগষ্টত ভাৰতীয় বস্ত্ৰশিল্প উস মেলা শীৰ্ষক কাৰ্যসূচীত দেশৰ প্ৰায় ২০০ অংশগ্ৰহণকাৰীয়ে তেওঁলোকৰ ব্যতিক্ৰমী ডিজাইন আৰ দক্ষতা প্ৰদৰ্শন কৰে৷

চৰকাৰে ষষ্ঠ হস্ততাঁত দিৱসত হস্তশিল্পজাত সামগ্ৰীৰ উন্নয়নৰ দিশত এক ছ’চিয়েল মিডিয়া অভিযানৰ আৰম্ভ কৰে৷ কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী আৰু প্ৰশাসকসকলক ৰাজ্যিক হস্তাতাত নিগম/সমবায়/ এজেন্সিসমূহক সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত সহায় কৰাৰ আহ্বান জনায়৷ তদুপৰি, এই সামগ্ৰীসমূহৰ ই-মাৰ্কেটিঙৰ এক নীতিগত পৰিকাঠামো গঢ় দিয়া হৈছে৷  চৰকাৰে বস্ত্ৰ উদ্যোগৰ সহায় আৰু উন্নয়নৰ লক্ষ্যৰে প্ৰযুক্তি উন্নীতকৰণ, আন্তঃগাথনি গঢ় দিয়া, দক্ষতা বিকাশ আৰু এক উন্নত পৰিৱেশ গঢ়াৰ দিশত বিভিন্ন নীতিগত প্ৰচেষ্টা হাতত লৈছে৷

লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী শ্ৰীমতী স্মৃতি জুবিন ইৰানীয়ে এই তথ্য সদৰি কৰে৷

 

****

APS/SG/RC/DB


(Release ID: 1656576) Visitor Counter : 164


Read this release in: Telugu , English , Manipuri , Punjabi