মহাকাশ দপ্তৰ
সম্প্ৰতি কক্ষপথত ৩২টা পৃথিৱী নিৰীক্ষণ ছেন্সৰ আছে আৰু ই মহাকাশ সম্পৰ্কীয় তথ্য প্ৰদান কৰি আছে
प्रविष्टि तिथि:
17 SEP 2020 5:10PM by PIB Guwahati
উত্তৰ পূব উন্নয়ন দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী; প্ৰধানমন্ত্ৰী কাৰ্যালয়, ব্যক্তিগত, ৰাজহুৱা অভিযোগ, পেঞ্চন, আণৱিক শক্তি আৰু মহাকাশ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে আজি ৰাজ্যসভাত এক লিখিত উত্তৰত কয় যে কক্ষপথত এতিয়া অত্যাধুনিক সক্ষমতাসমৃদ্ধি ৩২টা পৃথিৱী নিৰীক্ষণ ছেন্সৰ আছে আৰু ই মহাকাশ সম্পৰ্কীয় তথ্য পৃথিৱীলৈ প্ৰেৰণ কৰি আছে। জানুৱাৰী, ২০২০ৰ পৰা ই বানপানী, সাগৰীয় ঘূৰ্ণি বতাহ আৰু বনজুইৰ দৰে ভয়াবহ দূৰ্যোগৰ আগজাননী দি আহিছে।
এপ্ৰিল,২০২০ৰ পৰা প্ৰায় ২,৫১,০০০ মূল্য সংযোজিত তথ্য সামগ্ৰী ব্যৱহাৰকাৰীৰ মাজত বিতৰণ কৰা হৈছে। ইছৰোৰদ্বাৰা মুকলি হোৱা মুঠ উপগ্ৰহসমূহৰ কিছুমান এতিয়া কাৰ্যক্ষম হৈ থকা নাই(ম্যাদ উকলিছে) আৰু বৰ্তমান কক্ষপথত ৪৭টা কাৰ্যক্ষম হৈ আছে।
*****
SNC/MS
(रिलीज़ आईडी: 1656483)
आगंतुक पटल : 129