প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ নামত উচৰ্গা কৰিলে ৰেৱা আল্ট্ৰা মেগা সৌৰ শক্তি প্ৰকল্প

সৌৰ শক্তি ২১শতিকাৰ শক্তি প্ৰয়োজনীয়তাৰ এক মাধ্যম, কাৰণ সৌৰ শক্তি হৈ নিশ্চিত, বিশুদ্ধ আৰু নিৰাপদঃ প্ৰধানমন্ত্ৰী

Posted On: 10 JUL 2020 1:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে ৰেৱা আল্ট্ৰা মেগা সৌৰ শক্তি প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰে৷ এইটো এছিয়া মহাদেশৰ সৰ্ববৃহ শক্তি প্ৰকল্প৷

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে ৰেৱাৰ এই সৌৰ প্ৰকল্পই সমগ্ৰ অঞ্চলক এই দশকত বিশুদ্ধ আৰু স্বচ্ছ শক্তিৰ ডাঙৰ কেন্দ্ৰ হৈ উঠাত সহায় কৰিব৷ এই বিদ্যু প্ৰকল্পটো ৰেৱাৰ পার্শ্বৱর্তী অঞ্চলৰ উপৰি দিল্লী মেট্রো ৰে’লকো বিদু যোগান ধৰিব৷ প্ৰধানমন্ত্রীয়ে ইয়াৰ বাবে সকলোকে প্ৰশংসা কৰে৷


তেওঁ কয় যে মধ্যপ্ৰদেশ নিশ্চিতভাৱে ভাৰতৰ সৌৰ শক্তিৰ প্ৰধান কেন্দ্ৰ হৈ উঠিব৷ কাৰণ সাজাপুৰ, মিনচ, ছত্তৰপুৰ আৰু ওংকাৰেশ্বৰত ডাঙৰ ডাঙৰ সৌৰ প্ৰকল্পৰ কাম চলি আছে।

ইয়াৰ জৰিয়তে সৰ্বাধিক লাভবান হ’ব মধ্যপ্ৰদেশৰ দুখীয়া, মধ্যবিত্ত পৰিয়াল, কৃষক আৰু জনজাতিলোকসকল৷

প্ৰধানমন্ত্ৰীয়ে কয় যে একবিংশ শতিকাত উচ্চাকাংক্ষী ভাৰতত সৌৰ বিদ্যু ইন্ধনৰ চাহিদা পুৰণ কৰিব৷

সৌৰ বিদ্যুতক তেওঁনিশ্চিত, বিশুদ্ধ আৰু নিৰাপদ’ বুলি উল্লেখ কৰে৷ সূর্যৰ পৰা অবিৰত শক্তি পোৱাৰ বাবে নিশ্চিত, পৰিৱেশ অনুকূল বাবে বিশুদ্ধ আৰু আমাৰ ইন্ধনৰ চাহিদা পুৰণৰ বাবে সূর্য আটাইতকৈ নিৰাপদ৷ এই ধৰণৰ সৌৰ বিদ্যু প্ৰকল্পই আত্মনির্ভৰ ভাৰতৰ উপযুক্ত উদাহৰণ বুলিও প্ৰধানমন্ত্রী উল্লেখ কৰে৷


তেওঁ কয় যে আত্মনির্ভৰতা আৰু প্ৰগতি অর্থনীতিৰ দুটা গুৰুত্বপূর্ণ দিশ৷ সমগ্ৰ বিশ্বৰ নীতি নির্ধাৰণকাৰীসকলে বছৰৰ পাছত বছৰ ধৰি দ্বিধাবোধ কৰি আছিল যে তেওঁলোকে অর্থনীতিৰ কথা ভাবিব নে পৰিৱেশৰ কথা ভাৱিব। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে এইটো কৰি দেখুৱাইছে যে এই অর্থনীতি আৰু পৰিবেশ সুৰক্ষা পৰস্পৰ বিৰোধী নহয়, বৰঞ্চ এইবোৰ পৰস্পৰৰ সহযোগীহে৷


প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ সকলো কাৰ্যসূচীত পৰিৱেশ সুৰক্ষা আৰু সহজ জীৱনশৈলীত এই বিষয়কে গুৰুত্ব দিয়া হয়। এই প্ৰসংগত তেওঁ স্বচ্ছ ভাৰত অভিযান, দৰিদ্ৰ লোকসকলক ৰন্ধন গেছৰ বিতৰণ আৰু চিএনজি পৰিৱেশ অনুকূল ইন্ধনৰ জৰিয়তে পৰিবহন ব্যৱস্থাৰ ডাঙৰ নেটৱর্ক গঢ়ি তোলাৰ কথা উল্লেখ কৰে৷ ইয়াৰ ফলত দৰিদ্ৰ আৰু মধ্যবিত্তসকলৰ জীৱনযাত্রাৰ মানৰ উন্নহয়ন ঘটিব৷


প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ বাবে পৰিৱেশৰ নিৰাপত্তা কেৱল কেইটামান প্ৰকল্পৰ মাজতে সীমাবদ্ধ নহয়। এয়া আমাৰ জীৱনশৈলীৰ সৈতে জড়িত৷

তেওঁ কয় যে চৰকাৰে যেতিয়া বিভিন্ন প্ৰকল্প আৰম্ভ কৰিছে তেতিয়া এইটো নিশ্চিত কৰা হৈছে যে স্বচ্ছ ইন্ধনৰ ব্যৱহাৰ যেন জীৱনৰ প্ৰতিটো প্রান্তত পাইগৈ৷ দেশৰ প্ৰতিটো কোন, সমাজৰ প্ৰতিটো স্তৰত, প্ৰতিগৰাকী নাগৰিকে যেন ইয়াৰ সুফল পায় চৰকাৰে সেয়া নিশ্চিত কৰিছে৷ এই প্ৰসংগত তেওঁ বিগত বছৰত সমগ্ৰ দেশত এলইডি বাল্বৰ ব্যৱহাৰেৰ কথা উল্লেখ কৰে। যাৰ ফলত বিদ্যুতৰ বিলত ৰাহি হৈছে। এলইডি বাল্ব ব্যৱহাৰ কৰাৰ বাবে পৰিৱেশ কোটি টন কার্বন ডাই অক্সাইড কম নিৰ্গমণ হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত বছৰি প্রায় ৬,০০০ কোটি ইউনিট বিদ্যুতৰ ৰাহি হৈছে আৰু ২৪,০০০ কোটি টকা জমা হৈছে৷


তেওঁ কয় যে চৰকাৰে আমাৰ পৰিৱেশ, আমাৰ বতাহ, আমাৰ পানী সকলো যাতে বিশুদ্ধ থাকে সেই ভাৱনাৰে কাম কৰি আহিছে। আমাৰ সৌৰশক্তিৰ পাদন নীতি তাৰেই প্ৰতিফলন৷


প্ৰধানমন্ত্ৰীয়ে কয় যে সৌৰশক্তিৰ বিষয়ত ভাৰতৰ উন্নতিয়ে সমগ্ৰ বিশ্বক সাহ যোগাইছে৷ তেওঁ কয় যে এই ধৰণৰ গুৰুত্বপূর্ণ পদক্ষেপৰ জৰিয়তে বিশুদ্ধ ইন্ধনৰ আকর্ষণীয় বজাৰ হৈ উঠাৰ দিশে অগ্ৰসৰ হৈছে ভাৰত৷


প্ৰধানমন্ত্ৰীয়ে কয় যে সৌৰশক্তিৰ কথা বিবেচনা কৰি সমগ্ৰ বিশ্বক একত্রিত কৰাৰ প্ৰচেষ্টাৰে আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ সূচনা হৈছে৷ এক বিশ্ব, এক সূর্য, এক গ্রিড-এই ভাৱনাৰে এই মৈত্ৰী গঠন কৰা হৈছে৷

প্ৰধানমন্ত্ৰী আশা প্ৰকাশ কৰে যে মধ্যপ্ৰদেশৰ কৃষকসকলে চৰকাৰৰকুসুমপ্ৰকল্পৰ সুবিধা গ্ৰহণ কৰিব আৰু সৌৰশক্তি পাদক ন্ত্ৰ তেওঁৰ ভূমিত লগাব৷ ইয়াৰ ফলত তেওঁলোকৰ অতিৰিক্ত উপার্জনৰ এক সৃষ্টি হ’ব৷

অতি শীঘ্ৰে ভাৰত বিদ্যু ৰপ্তানীৰ ক্ষেত্রত প্ৰধান দেশ হিচাপে আত্মপ্ৰকাশ কৰিব বুলি প্ৰধানমন্ত্রীয়ে আশা ব্যক্ত কৰে৷


প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে ফটোভল্টিক চেল বেটাৰী আৰু ইন্ধন ৰাহিৰ দৰে বিভিন্ন গুৰুত্বপূর্ণ সামগ্রী আমদানিৰ ওপৰত নির্ভৰশীলতা হ্ৰাস কৰিব বিচাৰে৷ সেই লক্ষ্যৰে এখন কাম কৰা হৈছে৷

তেওঁ কয় যে সৌৰশক্তিৰ বাবে প্ৰয়োজনীয় উপাদানসমূহ যাতে দেশত নিৰ্মাণ কৰিব পৰা যায় সেই উদ্দেশ্যে বিভিন্ন প্ৰচেষ্টা লোৱা হৈছে৷ চৰকাৰ, উদ্যোগ প্ৰতিষ্ঠান, যুৱ সম্প্ৰদায়, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ আৰু নতুন উদ্যোগ অর্থা ষ্ট্ৰার্ট-আপ সংস্থাসমূহক এই সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ সাহিত কৰিছে৷

ক’ভিড-১৯ মহামাৰীৰ ফলত সৃষ্ট সংকটৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰ আৰু সমাজ এই প্ৰত্যাহ্বানৰ মোকাবিলাৰ বাবে সংবেদনশীলতাৰে কাম কৰি আহিছে। লকডাউনৰ আৰম্ভণিৰ পৰা চৰকাৰে এইটো নিশ্চিত কৰিছে যাতে দৰিদ্ৰ আৰু পিছপৰা লোকসকলক যেন খাদ্য আৰু ইন্ধন সংকটত নপৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে সেই ভাৱনাৰে আনলক পর্যায়ৰ মাজতো অহা নৱেম্বৰৰলৈকে বিনামূ্লীয়া খাদ্য আৰু ৰন্ধনৰ গেছ বিতৰণৰ ব্যৱস্থা কৰা হৈছে৷

কেৱল ইমানে নহয় বেচৰকাৰী খণ্ডত লাখ লাখ কর্মচাৰীৰ ইপিএফ চৰকাৰ ফালৰ পৰা দিয়া হৈছে৷ একেদৰে পিএম স্ব-নিধি যোজনাৰ জৰিয়তে সেইসকল বন্ধুৰ ওচৰত থিয় দিছে যাৰ বাবে চৰকাৰী সা-সুবিধা আটাইতকৈ কম পায়৷

প্ৰধানমন্ত্রীয়ে তেওঁৰ বক্তব্যত লগতে কয় যে যেতিয়া মধ্যপ্ৰদেশৰ জনসাধাৰণে সমগ্ৰ দেশক আগুৱাই নিয়াৰ বাবে ঘৰৰ পৰা ওলাই আহিছে, তেতিয়া তেওঁলোকে যেন তিনিটা কথা মানি চলে-দু গজ দূৰত্ব বজাই ৰখা, মুখত মাস্ক পিন্ধা আৰু সঘনাই ২০ ছেকেণ্ডকৈ চাবোনেৰে হাত ধোঁৱা৷

***

VRRK/AK



(Release ID: 1655567) Visitor Counter : 176