প্ৰতিৰক্ষা মন্ত্ৰালয়

সশস্ত্ৰ বাহিনীৰ আধুনিকীকৰণ

Posted On: 16 SEP 2020 5:04PM by PIB Guwahati

ডিফেন্স ছাৰ্ভিছেজ এষ্টিমেটছ কাৰ্যসূচীৰ অধীনত সেনাবাহিনীৰ আধুনিকীকৰণৰ বাবে ২০১৫-১৬ বৰ্ষত ৬২ হাজাৰ ২৩৫ কোটি ৫৪ লাখ টকা, ২০১৮-১৯ বৰ্ষত ৭৫ হাজাৰ ৮৯২ কোটি ৮৫ লাখ টকা, ২০১৯-২০ বৰ্ষত ৯১ হাজাৰ ১২৮ কোটি ৭৪ লাখ টকা আৰু ২০২০-২১ বৰ্ষৰ ৩১ জুলাই পৰ্যন্ত ৩১ হাজাৰ ৭৪৭ কোটি ৬ লাখ টকা খৰচ কৰা হৈছে।

(কা - কোটিত)

 

বৰ্ষ

বাজেটত ধাৰ্য কৰা ধন

সংশোধিত ধাৰ্য কৰা ধন

ব্যয় (প্ৰকৃত)

২০১৫-১৬

৭৭,৪০৬.৬৯

৬৫,৪০০.০০

৬২,২৩৫.৫৪

২০১৬-১৭

৬৯,৮৯৮.৫১

৬২,৬১৯.৩৬

৬৯,২৮০.১৬

২০১৭-১৮

৬৯,৪৭৩.৪১

৬৮,৯৬৫.২৪

৭২,৭৩২.২০

২০১৮-১৯

৭৪,১১৫.৯৯

৭৩,৮৩৬.৪৩

৭৫,৮৯২.৮৫

২০১৯-২০

৮০,৯৫৯.০৮

৮৯,৮৩৬.১৬

৯১,১২৮.৭৪*

২০২০-২১

৯০,০৪৭.৮০

--

৩১৭৪৭.০৬#

#তথ্য ৩১ জুলাই, ২০২০ পৰ্যন্ত দিয়া হৈছে।

২০০১ বৰ্ষৰ মে’ মাহত প্ৰতিৰক্ষা উদ্যোগ ক্ষেত্ৰত ভাৰতীয় বেচৰকাৰী ক্ষেত্ৰৰ বাবে ১০০ শতাংশ পৰ্যন্ত বিনিয়োগৰ অনুমতি দিয়া হয়। ইয়াৰ পূৰ্বে, এই ক্ষেত্ৰটো কেবল চৰকাৰী বিনিয়োগৰ বাবেই সংৰক্ষিত আছিল। সেই সময়ত প্ৰতিৰক্ষা শাখাত ২৬ শতাংশ পৰ্যন্ত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি দিয়া হৈছিল। পৰৱৰ্তী সময়ত উদ্যোগৰ প্ৰসাৰ আৰু আভ্যন্তৰীণ বাণিজ্য দপ্তৰে ২০১৬ ৰ এক প্ৰেছ বিজ্ঞপ্তিত প্ৰতিৰক্ষা ক্ষেত্ৰত চৰকাৰী ৪৯ শতাংশ পৰ্যন্ত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি দিছিল। অৱশ্যে ৪৯ শতাংশতকৈ অধিক বিনিয়োগৰ ক্ষেত্ৰত চৰকাৰী নিয়ম-নীতি অনুযায়ী বিনিয়োগৰ অনুমতি আছে। প্ৰতিৰক্ষা ক্ষেত্ৰৰ আধুনিকীকৰণ আৰু নতুন প্ৰযুক্তি প্ৰয়োগৰ উদ্দেশ্যেৰেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

 

২০১৭-১৮ বৰ্ষৰ পৰা ২০১৯-২০ পৰ্যন্ত আৰু চলিত বিত্তবৰ্ষৰ জুলাই মাহ পৰ্যন্ত দেশী আৰু বিদেশী বিক্ৰেতা সংস্থাৰ সৈতে ১৮৩ টা মূলধন সংগ্ৰহ চুক্তি স্বাক্ষৰিত হৈছে। প্ৰতিৰক্ষা ক্ষেত্ৰত ‘মেক ইন ইণ্ডিয়া’ কাৰ্যসূচীৰ প্ৰসাৰৰ ক্ষেত্ৰত চৰকাৰে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। এই উদ্যোগবোৰৰ ফলত এফালে যিদৰে প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ পৰিমাণ বাঢ়িছে, আনফালে ঠিক তেনেদৰেই দেশীয় সূক্ষ্ম, ক্ষুদ্ৰ আৰু মঁজলীয়া সংস্থাবোৰৰ অংশগ্ৰহণৰ সুবিধাও বৃদ্ধি পাইছে। ইফালে আত্মনিৰ্ভৰ ভাৰত মিশ্যনৰ অধীনত প্ৰতিৰক্ষা মন্ত্ৰালয়ে ১০১ টা প্ৰতিৰক্ষা সৰঞ্জামৰ তালিকা প্ৰস্তুত কৰিছে। যিবোৰ আমদানিৰ ক্ষেত্ৰত নিৰ্দিষ্ট সময়সীমা বান্ধি দিয়া হৈছে। এই সিদ্ধান্তৰ ফলত দেশীয় প্ৰতিৰক্ষা উদ্যোগ ক্ষেত্ৰসমূহ লাভৱান হ’ব বুলিও ধাৰণা কৰা হৈছে।

 

লোকসভাত আজি এক প্ৰশ্নৰ লিখিত উত্তৰত সংশ্লিষ্ট তথ্য দাখিল কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী শ্ৰীপাদ নায়কে।

 

*******
 

ABB/Nampi/KA/DK/RD

 



(Release ID: 1655417) Visitor Counter : 151


Read this release in: English , Urdu , Bengali , Tamil