আয়ুষ

আজি সংসদত গৃহীত হ’ল ইন্সটিটিউট অৱ টিচিং এণ্ড ৰিচাৰ্ছিং ইন আয়ুৰ্বেদ বিধেয়ক ২০২০

Posted On: 16 SEP 2020 3:41PM by PIB Guwahati

ইন্সটিটিউট অৱ টিচিং এণ্ড ৰিছাৰ্চিং ইন আয়ুৰ্বেদ বিধেয়ক ২০২০ আজি ৰাজ্যসভাত গৃহীত হৈছে। এই বিধেয়কখনে বিগত ১৯ মাৰ্চত লোকসভাত অনুমোদন লাভ কৰিছিল। সংসদত বিধেয়কখন গৃহীত হোৱাৰ ফলত গুজৰাটৰ জামনগৰত এখন অত্যাধুনিক আয়ুৰ্বেদ প্ৰতিষ্ঠান ‘ইন্সটিটিউট অৱ টিচিং এণ্ড ৰিছাৰ্চিং ইন আয়ুৰ্বেদ’ স্থাপনৰ পথ প্ৰশস্ত হ’ল। এই প্ৰতিষ্ঠানখকনক ৰাষ্ট্ৰীয় স্তৰৰ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানৰ মৰ্যাদা প্ৰদান কৰা হ’ব।

 

বৰ্তমান গুজৰাটৰ জামনগৰত যি আয়ুৰ্বেদ বিশ্ববিদ্যালয় আছে, সেই স্থানতে এই প্ৰতিষ্ঠানটোও গঢ়ি তোলা হ’ব। আয়ুৰ্বেদ শিক্ষাৰ এই প্ৰতিষ্ঠানখনত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত আয়ুৰ্বেদ শিক্ষা গ্ৰহণ আৰু গৱেষণা কৰাৰ সুযোগ-সুবিধা থাকিব।

 

এই বিধেয়কখন কাৰ্যকৰী হোৱাৰ ফলত নতুন যি আয়ুৰ্বেদ প্ৰতিষ্ঠান গঢ়ি তোলাৰ প্ৰস্তাৱ আছে, তাত শিক্ষণ - শিকন প্ৰক্ৰিয়া আৰম্ভ হ’লে আয়ুৰ্বেদ শিক্ষা আৰু গৱেষণা ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হ’ব বুলি আশা কৰা হৈছে।


প্ৰস্তাৱিত এই প্ৰতিষ্ঠানখন আয়ুৰ্বেদ ক্ষেত্ৰত দেশৰ প্ৰথমটো ৰাষ্ট্ৰীয় স্তৰৰ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হৈ উঠিব। উল্লেখ্য যে এনে এক সময়ত এই প্ৰতিষ্ঠানটো গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যেতিয়া সমগ্ৰ বিশ্বজুৰি স্বাস্থ্যজনিত সমস্যাৰ সমাধানক ক্ষেত্ৰত পৰম্পৰাগত জ্ঞান আৰু অভিজ্ঞতাক কামে কাজে লগোৱাৰ কথা চৰ্চা কৰি থকা হৈছে। স্বাভাৱিকতেই এই প্ৰতিষ্ঠানখনে আয়ুৰ্বেদ শিক্ষাত এক নতুন দিগন্তৰ সূচনা কৰিব।

***

 

MV/SK/RD



(Release ID: 1655411) Visitor Counter : 154