অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

বিদেশ ফেৰৎ যাত্ৰীসকলৰ বাবে ক’ভিড – ১৯ পৰীক্ষা

পাইলট প্ৰকল্প হিচাপে বিমানবন্দৰত প্ৰৱেশদ্বাৰতেই পৰীক্ষাৰ অনুমতি প্ৰদান

Posted On: 16 SEP 2020 4:53PM by PIB Guwahati

অসামৰিক বিমান চলাচল মন্ত্ৰালয়ে বিমান বন্দৰত বিদেশ ফেৰৎ যাত্ৰীসকলৰ আৰটি -পিচিআৰ পৰীক্ষাৰ মাধ্যমেৰে নমুনা পৰীক্ষাৰ অনুমতি প্ৰদান কৰিছে।

ইয়াৰ বাবে যি নিৰ্দেশনা মানি চলিব লাগিব, সেয়া হৈছে -

১) বিমান বন্দৰ পৰিচালনা কৰ্তৃপক্ষক আৰটি – পিচিআৰৰ মাধ্যমেৰে নমুনা পৰীক্ষা আৰু যিসকলৰ নমুনা পৰীক্ষা কৰা হ’ব, তেওঁলোকৰ বাবে অপেক্ষা কৰাৰ স্থানৰ ব্যৱস্থা কৰিব লাগিব।

২) অপেক্ষা কৰাৰ স্থানটো বিমানত উঠা – নমা কৰা স্থানৰ পৰা কিছু আঁতৰত হ’ব লাগিব। ইয়াত কোনো লোকে অনুমতি অবিহনে প্ৰৱেশ কৰিব নোৱাৰিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰামৰ্শ অনুসৰি এই স্থানক সংক্ৰমণ মুক্ত কৰিব লাগিব আৰু যাত্ৰীসকলে শাৰীৰিক দূৰত্ব বজাই ৰাখিব লাগিব। ৱাই-ফাইৰ ব্যৱস্থা, খাদ্য-পানীয়ৰ ব্যৱস্থা, শৌচালয়সহ প্ৰয়োজনীয় সুবিধাৰ ব্যৱস্থা কৰিব লাগিব। পৰীক্ষা কৰাৰ পিছত আৰ্থিক লেনদেনৰ বাবে নগদবিহীন ব্যৱস্থাও ৰাখিব লাগিব।

৩) পৰীক্ষাৰ পিছত ফলাফল নহা পৰ্যন্ত বিমান বন্দৰ পৰিচালনা কৰ্তৃপক্ষই যাত্ৰীসকলৰ অপেক্ষাৰ বাবে বিশেষ ব্যৱস্থা কৰিব অথবা নিৰ্ধাৰিত হোটেলত যাত্ৰীসকলে যাতে আইছ’লেশ্যনত থাকিব পাৰে, তাৰ ব্যৱস্থা কৰিব।

৪) আইচিএমআৰ আৰু এনএবিএলৰ নিয়ম মানি নমুনা সংগ্ৰহ কৰিব লাগিব।

৫) যাত্ৰীসকলে আৰটি – পিচিআৰৰ পৰীক্ষা কৰাবৰ বাবে ৱেবছাইটত অথবা যথাযথ ব্যৱস্থাপনাৰ মাজেৰে বুকিং কৰিব পাৰিব। নমুনা পৰীক্ষা যেন নিৰ্বিঘ্নে হয় তাৰ যাৱতীয় ব্যৱস্থা কৰ্তৃপক্ষই কৰিব লাগিব।

৬) ফলাফল নহা পৰ্যন্ত যাত্ৰীসকলৰ পাছপ’ৰ্ট, নমুনা সংগ্ৰহ আৰু অপেক্ষাৰ স্থান ৰাজ্য কৰ্তৃপক্ষৰ হাতত থাকিব।

৭) যদি ফলাফল নিগেটিভ আহে, তেন্তে সেই যাত্ৰী বাহিৰলৈ আহি অন্য বিমানত উঠিব পাৰিব। আনহাতে, যদি ৰিপ’ৰ্ট পজিটিভ হয়, তেন্তে ৰাজ্য কৰ্তৃপক্ষই আইচিএমআৰৰ নিয়ম অনুসৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব।

৮) অবৈধভাৱে কোনো যাত্ৰীয়ে বিমান বন্দৰৰ পৰা বাহিৰলৈ ওলাই যাব নোৱাৰিব।

ৰাজ্যসভাত আজি এক প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য অৱগত কৰে অসামৰিক বিমান চলাচল মন্ত্ৰালয়ৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী হৰদ্বীপ সিং পুৰীয়ে।

****

RJ/NG/BA/RD


(Release ID: 1655402) Visitor Counter : 185