স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

স্বাস্থ্যকৰ্মীসকলৰ মাজত ক’ভিড-১৯ জনিত মৃত্যু

পোষ্ট কৰা হৈছে: 15 SEP 2020 3:01PM by PIB Guwahati

স্বাস্থ্য বিষয়টো ৰাজ্যৰ এক্তিয়াৰভুক্ত এক বিষয়। গতিকে এই ধৰণৰ কোনো তথ্য বা পৰিসংখ্যা কেন্দ্ৰীয় স্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ হাতত নাই। অৱশ্যে, প্ৰধানমন্ত্ৰী গৰীব কল্যাণ বীমা পেকেজৰ অধীনত যিসকল লোকে বীমাৰ সুবিধা গ্ৰহণ কৰিছে তেওঁলোকৰ তথ্য ৰাষ্ট্ৰীয় স্তৰত ৰখা হয়।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৰাজ্য চৰকাৰসমূহক সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ মোকাবিলা সম্পৰ্কীয় নীতি-নিৰ্দেশনা প্ৰদান কৰি আহিছে। বিগত মাৰ্চ মাহত এনে ধৰণৰ ৰোগ-ব্যাধি নিয়ন্ত্ৰণৰ বাবে ৰাজ্যসমূহক লৈ এক প্ৰশিক্ষণ কাৰ্যসূচী আয়োজিত হয়।

ইয়াৰ উপৰিও, iGOT প্লেটফৰ্মত সকলোধৰণৰ স্বাস্থ্যকৰ্মীসকলৰ বাবে সংক্ৰামক ৰোগ-ব্যাধি প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ সংক্ৰান্তীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যসমূহক সংক্ৰামক ৰোগ-ব্যাধি নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ বাবে কমিটি গঠন কৰিবলৈ কোৱা হৈছে।

হাস্পতালবোৰতো স্বাস্থ্যকৰ্মীসকলৰ ওপৰত নজৰ ৰখাৰ বাবে একোগৰাকী নোডেল বিষয়া চিহ্নিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এনে ক্ষেত্ৰত স্বাস্থ্যকৰ্মীসকলক সাতদিনৰ কোৱাৰেন্টাইনৰ পৰামৰ্শ দিয়া হৈছে। মন্ত্ৰালয়য়ে বিগত ১৮ জুনত হাস্পতালবোৰত ক’ভিড আৰু ক’ভিড বহিৰ্ভূত চিকিৎসা সেৱাৰ সৈতে জড়িত স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষাৰ বাবে পৰামৰ্শ জাৰি কৰিছে। ইয়াৰ উপৰিও স্বাস্থ্যকৰ্মীসকলৰ বাবে হাস্পতালবোৰত পিপিই কিটৰ ব্যৱহাৰ সম্পৰ্কে নিৰ্দেশিকা জাৰি কৰা হৈছে। আনকি স্বাস্থ্যকৰ্মীসকলৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে হাইড্ৰক্সিক্ল’ৰকুইন প্ৰতিষেধক দিয়াও হৈছে।

কেন্দ্ৰীয় মন্ত্ৰীসভাই বিগত ২২ মাৰ্চত ভাৰতত ক’ভিড-১৯ ৰ পৰিস্থিতি মোকাবিলাৰ বাবে আপদকালীন ব্যৱস্থা আৰু স্বাস্থ্যক্ষেত্ৰ প্ৰস্তুত ৰখাৰ বাবে ১৫ হাজাৰ কোটি টকাৰ এক প্ৰস্তাৱত অনুমোদন জনাইছে। ৰাজ্যসমূহক আপদকালীন পৰিস্থিতিত ক’ভিড-১৯ মোকাবিলাৰ বাবে এই প্ৰস্তাৱ আবণ্টন কৰা হয়।

ইয়াৰ উপৰিও, ৰাজ্যবোৰক ক’ৰোনা সংক্ৰমণৰ সৈতে মোকাবিলা কৰিবলৈ আৰু ইয়াৰ প্ৰতিৰোধৰ বাবে ৩ কোটি ৫ লাখ এন-৯৫ মাস্ক আৰু ১ কোটি ২০ লাখ পিপিই কিট দিয়া হৈছে।

ৰাজ্যসমূহৰ তৰফৰ পৰা লাভ কৰা তথ্য অনুসৰি প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ পেকেজৰ অধীনত ক’ভিড-১৯ জনিত স্বাস্থ্যকৰ্মীসকলৰ মৃত্যুৰ যি পৰিসংখ্যা কেন্দ্ৰীয় চৰকাৰৰ হাতত দিয়া হৈছে তাত দেখা গৈছে যে বিগত ১১ ছেপ্টেম্বৰপৰ্যন্ত পশ্চিমবঙ্গত চাৰিজন চিকিৎসক, চাৰিজন এএলএম কৰ্মী, দুজন আশাকৰ্মীসহ মুঠ ১৪ জন স্বাস্থ্যকৰ্মীৰ মৃত্যু হৈছে। ৰাজ্যসমূহৰ বিস্তাৰিত পৰিসংখ্যা এনেধৰণৰ -

PMGKP : বীমা আঁচনি অনুসৰি ক’ভিড ১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা স্বাস্থ্যকৰ্মীৰ সংখ্যা এনেধৰণৰ

ৰাজ্য / কেন্দ্ৰশাসিত অঞ্চল ভিত্তিত তালিকা (১১ ছেপ্তেম্বৰ ২০২০ লৈ)

ক্ৰমিক নং

ৰাজ্য / কেন্দ্ৰশাসিত অঞ্চল

চিকিৎসক

ANM/MPHW

আশা

অন্যান্য

মুঠ

 

1

আন্দামান - নিকোবৰ

1

0

0

0

1

 

2

অন্ধ্ৰপ্ৰদেশ

5

5

1

1

12

 

3

অৰুণাচল প্ৰদেশ

0

0

0

0

0

 

4

অসম

1

0

0

4

5

 

5

বিহাৰ

4

1

1

0

6

 

6

চণ্ডীগড়

0

0

0

0

0

 

7

চট্টিশগড়

2

0

1

1

4

 

8

দিল্লী

3

0

0

5

8

 

9

গুজৰাট

5

6

2

1

14

 

10

হাৰিয়ানা

2

0

0

0

2

 

11

হিমাচল প্ৰদেশ

0

0

1

0

1

 

12

জম্মু-কাশ্মীৰ

2

0

0

1

3

 

13

ঝাৰখণ্ড

2

2

1

1

6

 

14

কৰ্ণাটক

2

0

1

1

4

 

15

কেৰেলা

0

0

0

1

1

 

16

মধ্যপ্ৰদেশ

3

0

0

4

7

 

17

মহাৰাষ্ট্ৰ

6

3

0

12

21

 

18

মিজোৰাম

0

0

0

2

2

 

19

ওড়িষ্যা

3

1

0

1

5

 

20

পঞ্জাৱ

1

2

1

1

5

 

21

পণ্ডীচেৰী

0

0

0

0

0

 

22

ৰাজস্থান

2

5

0

1

8

 

23

তামিলনাডু

5

3

0

2

10

 

24

তেলেঙ্গানা

3

0

3

1

7

 

25

উত্তৰ প্ৰদেশ

8

0

0

1

9

 

26

পশ্চিমবঙ্গ

4

4

2

4

14

 

 

মুঠ

64

32

14

45

155

 

 

ৰাজ্যসভায় আজি এক লিখিত উত্তৰত এই তথ্য দাখিল কৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেই।

*****

MV/RD


(ৰিলিজ আই ডি : 1654827) অতিথি কক্ষ : 202
ত এই ৰিলিজটো পঢ়ক: English , Bengali , Manipuri , Punjabi , Tamil , Telugu